অণুবীক্ষণ যন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
23 নং শাৰী:
*'''যৌগিক অণুবীক্ষণ যন্ত্ৰ (Compound microscope)''': এই ধৰণৰ অণুবীক্ষণ যন্ত্ৰত তিনি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়৷ যেনে সংঘনক লেন্স (condenser lens),অভিলক্ষ্য লেন্স (objective lens) আৰু অভিনেত্ৰ লেন্স (ocular lans)৷
 
অণুবীক্ষণ যন্ত্ৰটোৰ তলফালেদি পোহৰ আহিবৰ বাবে এখন পোহৰ প্ৰতিফলন দাপোণ থাকে৷ সংঘনক লেন্সখন দাপোনৰ ওপৰফালে আৰু লক্ষ্যবস্তুৰ তলফালে অৱস্থিত৷ এই লেন্সখনে পোহৰ ৰশ্মি ঘনীভূত কৰি অণুবীক্ষণ যন্ত্ৰটোৰ ভিতৰলৈ পঠিয়াই দিয়ে৷ দ্বিতীয়খন লেন্স অৰ্থাৎ অভিলক্ষ্য লেন্সখন লক্ষ্য বস্তুৰ ওপৰৰফালে অৱস্থিত৷ এই লেন্সখন উত্তল আৰু অৱতল লেন্সৰ সমন্বয়ত গঠিত৷ এই লেন্সখনে লক্ষ্যবস্তুৰ বৰ্দ্ধিত আৰু আচল(real) প্ৰতিবিম্ব গঠন কৰে৷ বেছিভাগ যৌগিক অণুবীক্ষণ যন্ত্ৰতে তিনি ধৰণৰ অভিলক্ষ্য লেন্স থাকে - নিম্ন ক্ষমতাসম্পন অভিলক্ষ্য লেন্স (10X/16 মি.মি.),উচ্চ ক্ষমতাসম্পন অভিলক্ষ্য লেন্স (44X/4মি.মি.)আৰু অতি উচ্চ ক্ষমতাসম্পন বা তৈল নিমজিত (oil immersion) অভিলক্ষ্য লেন্স (95X/1.8 মি.মি.)৷ ইয়াৰে 10X,44X আৰু 95X -এ অভিলক্ষ্য লেন্সৰ বিবৰ্দ্ধন(magnification) ক্ষমতা বুজায় আৰু 16 মি.মি.,4 মি.মি. আৰু 1.8 মি.মি.- এ লেন্সৰ নাভি দূৰত্ব(focal lenghtlength) বুজায়<ref name="গ্ৰন্থ ১"/>৷
 
*'''ফেজ কণ্ট্ৰাষ্ট অণুবীক্ষণ যন্ত্ৰ(Phase contrast microscope)''': ই এক প্ৰকাৰৰ আলোক যৌগিক অণুবীক্ষণ যন্ত্ৰ৷ [[কোষ]]ৰ ভিতৰত থকা বিভিন্ন অংগিকাসমূ্হ স্পষ্টকৈ চোৱাৰ বাবে এই অণুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰা হয়৷ [[কোষ]] অৰ্দ্ধজুলীয়া পদাৰ্থৰে গঠিত হ'লেও তাৰ ভিতৰত থকা বিভিন্ন অংগিকাসমূহৰ ঘমত্ব কম-বেছি আৰু সেয়েহে এই অংগিকাসমূহৰ [[পোহৰ]] প্ৰতিসৰণাংকও বেলেগ বেলেগ হয়৷ [[পোহৰ]] প্ৰতিসৰণাংক কম-বেছি হোৱা বাবে [[চকু]]ত পৰা [[পোহৰ]]ৰ উজ্জ্বলতাও কম-বেছি হয়৷ ফলত বিভিন্ন অংগিকাসমূহৰ মাজৰ প্ৰভেদখিনি ওলাই পৰে<ref name="গ্ৰন্থ ১"/>৷