ৰুণু দেৱী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
53 নং শাৰী:
===কথাছবি===
[[File:কোলাহলৰ এটি দৃশ্যত ৰুণু দেৱী.jpg|thumb|right|220ppx|কোলাহলৰ এটি দৃশ্যত ৰুণু দেৱী]]
১৯৭৫ চনত ইন্দুকল্প হাজৰিকাৰ ''নিয়তি'' কথাছবিৰ জৰিয়তে ৰুণু দেৱীয়ে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। তাৰ পিছত তেওঁ [[ভবেন্দ্ৰ নাথ শইকীয়া]]ৰ [[সন্ধ্যাৰাগ]]ত অভিনয় কৰে। অনিৰ্বাণ,[[অপৰূপা]],মেঘ,মেঘমুক্তি আদিত অভিনয় কৰাৰ পিছত দেৱীয়ে ''বহাগৰ দুপৰীয়া''ত আগৰ চৰিত্ৰসমূহৰ সম্পূৰ্ণ বিপৰীত এক চৰিত্ৰত অভিনয় কৰি প্ৰশংসিত হয়। ১৯৮৮ চনত দেৱীয়ে এন্দুৰ গল্পৰ আধাৰত ভবেন্দ্ৰ নাথ শইকীয়া নিৰ্মিত [[কোলাহল]]ত অভিনয় কৰে। এই অভিনয়ৰ বাবে দেৱীয়ে ৰাষ্ট্ৰীয় বঁটাৰ বাবে বাছনিত উঠে যদিও পিছলৈ পৰাজিত হয়।<ref name="বিবিয়ান" /> লণ্ডনৰ দ্য গাৰ্ডিয়ান কাকতত চলচ্চিত্ৰ সমালোচক ডেৰেক মেলেকমে এই অভিনয়ৰ প্ৰশংসা কৰে।<ref name="বিবিয়ান" /> ইয়াৰ পিছত দেৱীয়ে লাজ,কইনা মোৰ ধুনীয়া,কদম তলে কৃষ্ণ নাচে আদি ছবিত অভিনয় কৰে।
===ভ্ৰাম্যমাণ===
১৯৮২-৮৩ চনত [[কহিনুৰ থিয়েটাৰ]]ৰ ক্লিঅ’পেট্ৰা নাটৰ জৰিয়তে দেৱীৰ ভ্ৰাম্যমাণ প্ৰৱেশ ঘটে।<ref name="বিবিয়ান" /> এই নাটৰ নাম ভূমিকাত দেৱীৰ অভিনয় প্ৰশংসিত হয়। ইয়াৰ পিছত দেৱীয়ে গডমাদাৰ,জয় পৰাজায়,গোসাঁই থানৰ চাকি আদি নাটত অভিনয় কৰে।
"https://as.wikipedia.org/wiki/ৰুণু_দেৱী"ৰ পৰা অনা হৈছে