চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

238 নং শাৰী:
#চিকাৰ ধৰা ঠোঁট (Prey eating beak): চিকাৰ ধৰা ঠোঁটবোৰ টান, ক্ৰমাগত ভাৱে সঙ্কীর্ণ হৈ যোৱা ঠোঁট। এনে ধৰণৰ ঠোঁটৰ সহায়ত মৎস্যভোজী চৰাইবোৰে পানীৰ পৰা চিকাৰ ধৰি ওপৰলৈ উঠাই লৈ আহে। উদাহৰণ: মাছৰোকা (King fisher), চামুচ যেন ঠোঁটৰ বগলী (Spoon bill)।
#বোকা ছাকনী ঠোঁট (Mud strainer beak): এইবোৰ ঠোঁট দৃঢ়, বহল আৰু চেপেটা আৰু কটা খাজযুক্ত। এইবোৰ ঠোঁটৰ দ্বাৰা কিছুমান চৰায়ে বোকা পানীৰ পৰা ছাকন প্রক্ৰিয়াৰে শামুক আদি আহৰণ কৰে।। উদাহৰণ: খঞ্জন জাতীয় চৰাই (Sand piper), ভূৰুং চৰাই (Snipe), ধিত্‌ৰাজ (Goose)।
#কাঠত বটালী মৰা ঠোঁট (Wood chiselling beak): কাঠত বটালী মৰা ঠোঁটবোৰ অতি টান, দীঘল আৰু চিধা। এই ঠৌঁটৰ অধিকাৰী চৰাইবোৰে গছৰ শুকাণ বাকলিৰ তলৰ পৰা পতঙ্গ আদি আহৰণ কৰিবলৈ নাইবা গছত বাহ সজাৰ অর্থে খোৰোং সাজিবলৈ বটালীৰে কাঠত গাত খান্দে। উদাহৰণ: [[বাঢ়ৈটোকা]] চৰাই (Wood pecker)।
#বোকাত পৰীক্ষক ঠোঁট (Mud probing beak): এইবোৰ ঠোঁট দীঘল আৰু চুঙা আকৃতিৰ। এনেকুৱা ঠোঁট বহনকাৰী চৰাইবোৰে বোকাত ঠোঁটটো সুমুৱাই দি কেঁচু, শামুক, পতঙ্গ আদিৰ উপস্থিতিৰ বিষয়ে উমান পায়। উদাহৰণ: খঞ্জন জাতীয় চৰাই (Sand piper), ভূৰুং চৰাই (Snipe)।
#মাছ ধৰা ঠোঁট (Fish catching beak): মাছ ধৰা ঠোঁটবোৰ দীঘল, ঠেক আৰু খাজকটা। মাছ, ভেকুলী, লালুকি আদি ধৰিবলৈ কিছুমান চৰায়ে এনেকুৱা ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে। উদাহৰণ: পানী কাউৰী (Cormorant), বগলী (Heron)।
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে