আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
82 নং শাৰী:
১৮৭২ চনত আন্দামান আৰু নিকোবৰৰ দ্বায়িত্ব প’ৰ্ট ব্লেয়াত থকা মূখ্য কমিচনাৰক দি এইসমূহৰ শাসন কাৰ্য্য একগোট কৰা হয়।
===দ্বিতীয় বিশ্বযুদ্ধ===
[[দ্বিতীয় বিশ্বযুদ্ধৰবিশ্বযুদ্ধ]]ৰ সময়ত দ্বীপসমূহ জাপানৰ নিয়ন্ত্ৰত আছিল, নেতাজী [[সুভাষ চন্দ্ৰ বসু]]ৰ আজাদ হিন্দ ফৌজৰ দ্বীপসমূহৰ ওপৰত নিয়ন্ত্ৰণ নামতহে আছিল। যুদ্ধৰ সময়ত সুভাষ চন্দ্ৰ বসুৱে দ্বীপসমূহলৈ গৈছিল আৰু ইয়াক '''স্বহীদ দ্বীপ''' আৰু '''স্বাৰাজ দ্বীপ''' বুলি নকৈ নামাকৰণ কৰিছিল।
 
ভাৰতীয় জাতীয় আৰ্মিৰ জেনেৰেল এ. ডি. ল’গান্থানক সেই সময়ত আন্দামান নিকোবৰৰ গবৰ্নৰ নিয়োগ কৰা হয়, তেওঁ ভাৰতীয় জাতীয় আৰ্মিৰ মেজৰ মনচুৰ আলি আলভি, চাব লেফটেনেন্ট মহম্মদ ইকবাল, লেফটেনেন্ট চুবা সিং আৰু ষ্টেন’গ্ৰাফাৰ শ্ৰীনিবাসনৰ সৈতে ১৯৪৪ চনৰ ২২ফেব্ৰুৱাৰীত লম্বা লাইন বিমানকোঠত উপস্থিত হয়। ২১ মাৰ্চ ১৯৪৪ত আবেৰদীন বজাৰৰ গুৰুদ্বাৰৰ সমীপত অসামৰিক প্ৰসাসনিক কাৰ্য্যালয় স্থাপন কৰা হয়। ১৯৪৪ চনৰ ২ অক্টোবৰত কৰ্ণেল এ. ডি. ল’গান্থানে তেওঁ কাৰ্য্য ভাৰ মেজৰ আলভিক অৰ্পণ কৰে আৰু চিৰদিনলৈ প’ৰ্ট ব্লেয়াৰ এৰি যায়। <ref>"Black Days in Andaman and Nicobar Islands" by [[Rabin Roychowdhury]], [Pub. Manas] Pubs. New Delhi</ref> ১৯৪৫ চনৰ ৭ অক্টোবৰত দ্বীপসমূহ পুনৰ বৃটিচৰ অধীনলৈ আহে, ১১৬শ ইণ্ডিয়ান ইনফেণ্ট্ৰি বিগ্ৰেডৰ আগত থাকি যোৱা জাপানী বাহিনীয়ে আত্ম সমৰ্পণ কৰে।