পৰিৱেশ তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র-ৰ পেট কাটি ৰ কৰা হ'ল
80 নং শাৰী:
2. পোহৰ (Light): সূৰ্য্যৰ পোহৰ হ’ল পৃথিৱীৰ সকলো জীৱৰ কাৰণে শক্তিৰ উৎস। পোহৰ অবিহনে জীৱ জীয়াই থকাটো অসম্ভৱ। উদ্ভিদে সৌৰশক্তি আহৰণ কৰি খাদ্য বস্তু প্ৰস্তুত কৰি সকলো জীৱক যোগান ধৰে। পানীৰ ওপৰতো সূৰ্য্যৰ পোহৰ পৰে আৰু ইয়াৰে 90% পোহৰ পানীৰ গভীৰতাৰ পিনে প্ৰৱেশ কৰিব পাৰে। ইয়াৰে দীঘল তৰঙ্গ দৈৰ্ঘৰ পোহৰৰ ৰশ্মিবোৰ গভীৰতাৰ পিনে প্ৰৱেশ কৰিব নোৱাৰে কিন্তু চুটি তৰঙ্গ দৈৰ্ঘৰ ৰশ্মিবোৰ গভীৰতালৈ যায়। সাগৰৰ 200 মিটাৰ গভীৰলৈকেহে প্লাৱক জীৱ দেখিবলৈ পোৱা যায় কাৰণ ইয়াতকৈ বেছি গভীৰতালৈ পোহৰ সোমাব নোৱাৰে সেয়েহে এই অঞ্চলবোৰত সালোকসংশ্লেষণকাৰী জীৱ প্ৰজাতি পোৱা নেযায়।পোহৰে জীৱৰ নানান ধৰণৰ শৰীৰ বৃত্তিয়, অংগসাংস্থনিক আৰু আচৰণৰ ওপৰত প্ৰভাৱ পেলায়। যেনে, দিপ্তীকাল অৰ্থাৎ দিনৰ দৈৰ্ঘতাই উদ্ভিদ আৰু প্ৰাণী উভয়ৰে জীৱন প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। প্ৰায়ভাগ উদ্ভিদৰে প্ৰজননিক কাৰ্য, ফুল ফুলা আৰু বৃদ্ধি আদি দিপ্তীকালৰ লগত প্ৰত্যক্ষ ভাবে জড়িত। দিপ্তীকালৰ ওপৰত নিৰ্ভৰশীলতাৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদবোৰক তিনিটা ভাগত ভাগ কৰিব পাৰি যেনে, দীঘল দিনৰ উদ্ভিদ, চুটি দিনৰ উদ্ভিদ আৰু পোহৰ অপ্ৰভাৱিত উদ্ভিদ। প্ৰাণীবোৰৰো প্ৰায়ভাগ দিপ্তীকালৰ লগত জড়িত। ইয়াৰ উপৰিও পোহৰৰ প্ৰতি সহাৰি জনাই ফুলৰ পাহি মেল খায় আৰু পত্ৰৰন্ধ্ৰ মেল খায় তথা জাপ যায়। উদ্ভিদৰ প্ৰজনন, অংকুৰণ আৰু চলনো পোহৰে নিয়ন্ত্ৰণ কৰে। প্ৰাণীবোৰকো দিনৰ দৈৰ্ঘ্যক সহাৰি দি প্ৰজনন কাৰ্যত লিপ্ত হোৱা কাৰ্যৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভগোৱা হৈছে যেনে, দীঘল দিনৰ প্ৰাণী যেনে- চৰাই, চুটি দিনৰ প্ৰাণী যেনে- ভেড়া, ছাগলী, হৰিণা, আৰু অপ্ৰভাৱিত প্ৰাণী যেনে- মানুহ, গৰু, গিনি পিগ আদি।পোহৰৰ প্ৰখৰতা বিষুবীয় অঞ্চলত বেছি আৰু ক্ৰমান্বয়ে মেৰু অঞ্চলৰ পিনে কমি আহে। সাধাৰণতে বেছি সংখ্যাক প্ৰাণী বিষুবীয় আৰু গ্ৰীষ্ম অঞ্চলত পোৱা যায় কাৰণ এই অঞ্চলত পোহৰ আৰু পাণীৰ পৰ্য্যাপ্ততাই যঠেষ্ট ঘাঁহ-বন আৰু গছ-গছনি সৃষ্টি হোৱাত সহায় কৰে। মেৰুৰ ফালৰ তুন্দ্ৰা অঞ্চলত পোহৰ আৰু পানীৰ প্ৰাচুৰ্য্যতা কম হোৱা হেতুকে গছ-গছনিও কম ফলত প্ৰাণীৰ বিস্তাৰনো কম। পোহৰৰ প্ৰখৰতাৰ ক্ৰমাগত বৃদ্ধিয়েও জীৱৰ শৰীৰৰ উৎসেচকবোৰৰ কাৰ্য-কুশলতা বৃদ্ধি কৰে ফলত বিপাকীয় কাৰ্যৰ গতি বিধিও বাঢ়িবলৈ ধৰে। গুহাঁত পোহৰ অবিহনে বাস কৰা প্ৰাণীবোৰৰ বিপাকীয় হাৰ অতি কম। পোহৰে উদ্ভিদৰ আকৃতিগত লক্ষণো নিয়ন্ত্ৰণ কৰে। উদ্ভিদৰ বিকাশ নিয়ন্ত্ৰণ কৰিবলৈ এলানি ক্ৰমিক জিন থাকে। এই জিনবোৰে পোহৰৰ প্ৰতি সংবেদনশীলতা দেখুৱাই উদ্ভিদৰ বিকাশ নিয়ন্ত্ৰণ কৰে। এইবোৰক পোহৰক সহাঁৰি দিয়া উপাদান (Light responsive elements or LREs) বোলা হয়। এই প্ৰক্ৰিয়াটোক দিপ্তীগঠন বিকাশ (Photomorphogenesis) বোলা হয়। দিপ্তীগঠন বিকাশ প্ৰক্ৰিয়াটো তিনিটা স্তৰত সংঘটিত হয়। প্ৰধমতে ফাইট’ক্ৰম (Phytochrome) নামৰ নীলা সেউজীয়া ৰঞ্জক পদাৰ্থই সৌৰ ৰশ্মিৰ ৰঙা ৰশ্মি শোষণ কৰে। দ্বিতীয় স্তৰত LRE জিনবোৰে পোহৰ সংকেত গ্ৰহণ কৰে। তৃতীয় স্তৰত জিনবোৰে ৰঙা ৰশ্মিৰ দ্বাৰা প্ৰণোদিত হৈ RNA আৰু প্ৰটিন সংশ্লেষণ কৰে। এই প্ৰটিনবোৰেই বিকাশৰ কাৰ্যত ভাগ লৈ উদ্ভিদৰ বিকাশ নিয়ন্ত্ৰণ কৰে। প্ৰাণীৰ চলন আৰু গতিশীলতাটোকো পোহৰে নানান ধৰণে প্ৰভাৱান্বিত কৰে। পোহৰৰ প্ৰতি সহাঁৰি জনোৱা প্ৰাণীৰ চলন আৰু গতিশীলতাক চাৰিটা ভাগত ভগাব পাৰি যেনে, ফট’কাইনেছিছ (Photokinesis), ফট’ট্ৰপিজিম (Phototropism), ফট’টেক্সিছ (Phototaxis) আৰু টেল’টেক্সিছ (Telotaxis)। কিছুমান প্ৰাণীৰ গতিবেগ পোহৰৰ দ্বাৰা প্ৰভাৱান্বিত হয়। ইয়াকে ফট’কাইনেছিছ বোলা হয়। পোহৰৰ প্ৰতি সহাঁৰি জনাই প্ৰাণীয়ে পোহৰৰ দিশে (ইউগ্লিনা) অথবা পোহৰৰ বিপৰীত দিশে (কেচু) অগ্ৰসৰ হোৱাকে ফট’টেক্সিছ বোলা হয়। যেতিয়া প্ৰাণীটোৰ অকল কোনো এটা অংগই পোহৰৰ প্ৰতি সহাঁৰি জনাই তাকে ফট’ট্ৰপিজিম বোলা হয়। উদাহৰণ, একনলদেহী প্ৰাণীৰ পলিপৰ চলন। মতা প্ৰাণীয়ে মাইকী প্ৰাণীৰ দ্বাৰা বিচ্ছুৰিত পোহৰৰ দ্বাৰা আকৃষ্ট হোৱাকে টেল’টেক্সিছ বোলা হয়।
 
3. বায়ু (Air): বায়ু অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। বায়ুত থকা অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰজেন আদি গেছবোৰ জীৱজগতৰ বাবে অপৰিহাৰ্য। খাদ্য বস্তুৰ জাৰণৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন হয়। খাদ্যৰ জাৰণৰ ফলত শক্তি উৎপন্ন হয়। এই শক্তিৰে জীৱই জীৱন নিৰ্বাহৰ লগত জড়িত কাম কাজ চলাই থাকে। জাৰণৰ ফলত বহ্য দ্ৰৱ্য হিচাপে কাৰ্বন-ডাই অক্সাইড গেছো উৎপন্ন হয়। উদ্ভিদে কাৰ্বন-ডাই অক্সাইড গ্ৰহণ কৰি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে সমগ্ৰ জীৱজগতৰ বাবে বুনিয়াদী খাদ্য প্ৰস্তুত কৰে। প্ৰটিন হ’ল জীৱদেহ গঠনৰ প্ৰধান উপাদান। নাইট্ৰজেন অবিহনে প্ৰটিন সংশ্লেষণ সম্ভৱ নহয়। বায়ুমণ্ডলৰ অ’জন স্তৰেই সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ পৰা জীৱ জগতক সুৰক্ষা প্ৰদান কৰি আহিছে। বায়ুমণ্ডলৰ গেছবোৰৰ হ্ৰাস বৃদ্ধিয়ে জীৱজগতৰ ওপৰত যঠেষ্ট প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে সেউজ গৃহ গেছ (যেনে, কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰ’জেন অক্সাইড, চি.এফ. চি আদি) সমূহৰ বৃদ্ধিয়ে [[গোলকীয় উষ্ণতা বৃদ্ধি]] কৰে। জলজ প্ৰাণীসমূহৰ বিতৰণ আৰু জীৱন নিৰ্বাহৰ অন্যান্য কাম কাজ নিয়ন্ত্ৰণ কৰে।
4. মাটি (Soil): মাটি হ’ল জীৱন ধাৰণৰ বাবে এবিধ অতি প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ পৰিস্থিতিক কাৰক। মাটি হ’ল বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ বাসস্থান। মাটিৰ গুণাগুণ যেনে – গঠন, pH, খনিজ পদাৰ্থ, আদিবোৰৰ ওপৰতে নিৰ্ভৰ কৰি উদ্ভিদৰ বৃদ্ধি আৰু বিস্তৃতি নিৰ্ভৰ কৰে। মাটি হ’ল জীৱজগতৰ বাবে অপৰিহাৰ্য ঝনিজ লৱণ সমূহৰ প্ৰধান ভাণ্ডাৰ। বিয়োজক জীৱবোৰে মৃত জৈৱ বস্তুবোৰৰ বিয়োজন ঘটাই অজৈৱ উপাদান সমূহ মুক্ত কৰে আৰু এইবোৰ পুনৰায় জীববোৰে আহৰণ কৰে। মাটিৰ গুণাগুণৰ ওপৰতে পৰিৱেশ তন্ত্ৰৰ উৎপাদন ক্ষমতা নিৰ্ভৰ কৰে। মানুহৰ জনসংখ্যা বৃদ্ধি আৰু কাৰ্যকলাপে মাটিৰ গুণাগুণ ওপৰত যঠেষ্ট প্ৰভাৱ পেলায়। জীৱজগত বৰ্তী থাকিবলৈ হ’লে মাটিৰ গুণাগুণ অক্ষুণ্ণ ৰখাটো অতি প্ৰয়োজনীয়।