চৰাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

234 নং শাৰী:
#ছেদক ঠোঁট (Cutting beak): এইবোৰ ঠোঁট মজপুত আৰু চোকা ধাৰযুক্ত। ভক্ষী প্রাণীক ফালি টুকুৰা টুকুৰ কৰিবলৈ, কণী ভাঙিবলৈ নাইবা ফল কাটিবলৈ কিছুমান চৰায়ে এনে ধৰণৰ ঠোঁট ব্যৱহাৰ কৰে। উদাহৰণ: কাউৰী।
#ফল ভক্ষণকাৰী ঠোঁট (Fruit eating beak): ফল খাবলৈ ব্যৱহাৰ কৰা ঠৌঁটবোৰ চোকা, টান আৰু বেকা ধৰণৰ হয়। এনে ধৰণৰ ঠোঁট ফলৰ বাকলিবোৰ গুচাবলৈ আৰু বীজৰ টান বাকলি ফালিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণ: ভাটৌ।
#পতঙ্গভোজী ঠোঁট (Insect eating beak): পতঙ্গভোজী চৰাইবোৰৰ ঠোঁটবোৰ সৰু, চুটি আৰু চুঙা আকৃতিৰ। এনেকুৱা ধৰণৰ ঠোঁটবোৰ পতঙ্গ ধৰিবলৈ উপযোগী। উদাহৰণ: বতাহী চৰাই (Swift), তেলতুপি চৰাই (Swallow), [[দহিকতৰা]] (Robin)।
#মোনাযুক্ত ঠোঁট (Pouched beak): মোনাযুক্ত ঠোঁটবোৰ টান, দীঘল আৰু নিম্নহনুৰ ঠোঁটটো মোনাযুক্ত। এইবোৰ ঠোঁট বহনকাৰী চৰাইবোৰে মাছ আদি ঠোঁটেৰে চিকাৰ কৰে। উদাহৰণ: পেলিকান (Pelican)।
#চিকাৰ ধৰা ঠোঁট (Prey eating beak): চিকাৰ ধৰা ঠোঁটবোৰ টান, ক্ৰমাগত ভাৱে সঙ্কীর্ণ হৈ যোৱা ঠোঁট। এনে ধৰণৰ ঠোঁটৰ সহায়ত মৎস্যভোজী চৰাইবোৰে পানীৰ পৰা চিকাৰ ধৰি ওপৰলৈ উঠাই লৈ আহে। উদাহৰণ: মাছৰোকা (King fisher), চামুচ যেন ঠোঁটৰ বগলী (Spoon bill)।
"https://as.wikipedia.org/wiki/চৰাই"ৰ পৰা অনা হৈছে