পৰমানন্দ ৰাজবংশী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

49 নং শাৰী:
২০১৮ চনত [[অৰুণাচল প্ৰদেশ]]ৰ বৰডুমচাত ১ ফেব্ৰুৱাৰিৰ পৰা ৪ দিনীয়াকৈ সভাৰ ৭৪তম অধিৱেশনত তেওঁ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব। উল্লেখযোগ্য যে এই বৰডুমচা অধিৱেশন একেসময়তে দুখন ৰাজ্যত ([[অসম]] আৰু [[অৰুণাচল প্ৰদেশ]]) একেলগে অনুষ্ঠিত হোৱা সাহিত্য সভাৰ প্ৰথম অধিৱেশন।
===বিতৰ্ক===
{{Criticism section|date=February 2018}}
 
পৰমানন্দ ৰাজবংশীৰ নাম সততে বিভিন্ন বিতৰ্কৰ লগত জড়িত হৈ থকা দেখা যায়। কেইবছৰৰ পৰা সাহিত্য সভাত খোপনি এৰি নিদিয়া পৰমানন্দই বিখ্যাত সাহিত্যিককো চেৰ পেলাই নিজকে সভাপতি হিচাপে নিৰ্বাচিত কৰাটোৱেও আন এক বিতৰ্কৰ বাট মুকলি কৰিলে। সাহিত্য সভাৰ বিগত শিৱসাগৰ শতবাৰ্ষিক অধিৱেশনৰ পূৰ্বে তেওঁক লৈ হোৱা বিতৰ্কই চৰম পৰ্যায় পাইছিলগৈ। উক্ত শতবাৰ্ষিক অধিৱেশনত যোগ দিবলৈ যাওঁতে তেওঁ শিৱসাগৰত কিছু সংখ্যক লোকৰ আক্ৰমণৰ মুখামুখি হ’ব লগা হৈছিল। তেওঁক বিতৰ্কৰ পৰা আঁতৰি থকাৰ বাবে বাধ্য কৰিব নোৱাৰি সভাপতি [[ধ্ৰুৱজ্যোতি বৰা]]ই সভাপতি পদৰ পৰা অব্যাহতি ল’ব লগাও হৈছিল। তাৰোপৰি সভাৰ এজন কৰ্মচাৰীৰ আত্মহত্যাৰ সৈতেও ৰাজবংশীৰ নাম সাঙোৰ খাইছিল।
 
আনহাতে ২০১৪ চনত সভাৰ উপ-সভাপতি হৈ থকা অৱস্থাতে সাধাৰণ সম্পাদক পদৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বিতাত নমাৰ ফলত বিতৰ্কৰ সৃষ্টি হৈছিল, যিহেতু সাহিত্য সভাৰ পৰম্পৰা অনুসৰি উপ-সভাপতি পদটো সাধাৰণ সম্পাদকৰ পদবীতকৈ পদানুক্ৰমৰ ফালৰ পৰা উচ্চ পদ মৰ্যাদাৰ। গতিকে উচ্চস্থানৰ পদত থাকি নিম্নস্থানৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাটোৱে স্বাভাৱিকতে বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে তেওঁ যে কোনো কাৰণতে সাহিত্য সভাৰ মজিয়াখনৰ পৰা খোপনি এৰিব নিবিচাৰে সেয়াও প্ৰমাণিত হৈছিল।
 
==সাহিত্য কীৰ্তি==
ড° পৰমানন্দ ৰাজবংশী ভিন্ন স্বাদৰ ভিন্ন সাহিত্য সৃষ্টি কৰিছে।