শেলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

28 বাইট যোগ দিয়া হ’ল ,  4 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
#অযৌন প্ৰজনন (Asexual reproduction): বিভিন্ন প্ৰকাৰৰ [[ৰেণু]]ৰ দ্বাৰা শেলাইবিলাকে অযৌন প্ৰজনন সম্পন্ন কৰে৷ এই [[ৰেণু]]বিলাক হ'ল চলৰেণু (zoospore),এপ্লান'ৰেণু (aplanospore),টেট্ৰাৰেণু (tetraspore),এককৰেণু (monospore)অট'ৰেণু (autospore) ইত্যাদি৷,
#যৌন প্ৰজনন (Sexual reproduction): এই প্ৰক্ৰিয়াত দুটা বিপৰীত যৌনতাসম্পন্ন জননকোষ (gamete) ৰ মিলন ঘটে৷ মিলিত হোৱা জননকোষ দুটা একে [[উদ্ভিদ]] সহবাসী(monoecious),বা ভিন্নবাসী (dioecious) ৰ পৰা উৎপন্ন হ'ব পাৰে৷ শেলাইৰ যৌন প্ৰজনন প্ৰধানত: তিনিটা পদ্ধতিত সম্ভৱ,যেনে-
*সমজননকোষী বা আইছ'গেমাছ (Isogamous) :দুটা সম আকাৰ আৰু আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন জননকোষৰ মাজত মিলিত হ'লে তাক আইছ'গেমি (isogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক সম জননকোষী বা আইছ'গেমাছ (isogamous) বোলে৷ সম আকাৰ আৰু আকৃতিৰ জননকোষবোৰক সম জননকোষ (isogamete) বোলে৷বোলে৷https://www.irs.gov/refunds#
*অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) : অসম আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন দুটা জননকোষৰ মিলন হ'লে তাক এনআইছ'গেমি (Anisogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) বোলে৷ অসম আকাৰৰ জননকোষবোৰক অসম জননকোষ (Anisogamete) বোলে৷
*উগেমাছ (Oogamous) : আকৃতি আৰু চৰিত্ৰগতভাৱে পৃথক দুটা জননকোষৰ মাজত মিলন হ'লে তাক উগেমী (oogamy) আৰু এনেধৰণৰ যৌন প্ৰজননক উগেমাছ (oogamous) বোলে৷ এই প্ৰকাৰ যৌন প্ৰজননত বৃহৎ জননকোষ বা ডিম্নাণু (egg) টো ফ্লেজেলাবিহীন,অচল হয় আৰু তুলনামূলকভাৱে ক্ষুদ্ৰ জননকোষ বা শুক্ৰাণুটো ফ্লেজেলাযুক্ত (ৰঙা শেলাই ব্যতীত) আৰু সক্ৰিয় হয়৷<ref name="গ্ৰন্থ ১" />
বেনামী ব্যৱহাৰকাৰী