বিক্ৰম সাৰাভাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

35 বাইট যোগ দিয়া হ’ল ,  4 বছৰৰ পূৰ্বে
 
==ব্যক্তিগত জীৱন==
বিক্ৰম সাৰাভাই ভাৰতৰ বিখ্যাত সাৰাভাই পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ অম্বালাল সাৰাভাই ভাৰতৰ স্বাধীনতা আন্দোলনত এজন সক্ৰিয় অংশগ্ৰহণ কৰা এজন বিখ্যাত উদ্যোগপতি আছিল। তেওঁ ১৯৪২ চনত শাস্ত্ৰীয় নৃত্য বিশাৰদ মৃণালিনীৰ[[মৃণালিনী সাৰাভাই]]ৰ লগত বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ দুজন সন্তান আছে। তেওঁৰ জীয়েক [[মল্লিকা সাৰাভাই]] এগৰাকী প্ৰতিষ্ঠিত নায়িকা আৰু আৰু পুত্ৰ [[কাৰ্তিকেয় সাৰাভাই]] এজন বিজ্ঞানী।<ref name=famouspeople>{{cite web|title=Famous people, Vikram Sarabhai|url=http://www.thefamouspeople.com/profiles/vikram-sarabhai-5293.php#mEwgWkBQ6yRGZHkx.99|publisher=thefamouspeople|accessdate=22 July 2015}}</ref> তেওঁ জৈন ধৰ্মৰ অনুগামী। তেওঁ আহমেদাবাদৰ শ্ৰীমল জৈন সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।<ref>{{cite web|title=Jains steal the show with 7 Padmas|url=http://timesofindia.indiatimes.com/india/Jains-steal-the-show-with-7-Padmas/articleshow/46856659.cms|website=The times of India|accessdate=9 December 2015|publisher=[[Times of India]]|date=April 9, 2015|quote=The Jain community has always nurtured exceptional talent whether it is eminent scientist Vikram Sarabhai, who is considered the father of the country's space programme, or poet, thinker and spiritual leader Banarsidas who composed the magnum opus Ardhakathanaka, the first ever autobiography in Hindi literature.}}</ref>
 
==কৰ্মজীৱন==
বিক্ৰম সাৰাভাইক ভাৰতৰ মহাকাশ বিজ্ঞানৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়। তেওঁৰ প্ৰচেষ্টাতে ১৯৪৭ চনত ভৌতিক গৱেষণাগাৰ(PRL) স্থাপন হৈছিল। তাত তেওঁ মহাজাগতিক ৰশ্মি বিষয়ক গৱেষণা কৰিছিল। প্ৰথমে তেওঁৰ ঘৰৰ পৰা আৰম্ভ হোৱা ভৌতিক গৱেষণাগাৰ(PRL) পিছলৈ ১৯৪৭ চনৰ ১১ নৱেম্বৰ তাৰিখে এম.জি. বিজ্ঞান প্ৰতিষ্ঠান হিচাপে আহমেদাবাদত প্ৰতিষ্ঠান কৰা হয়।<ref>{{cite web | url=https://www.prl.res.in/website_english15/about/hist.php | title=BRIEF HISTORY | accessdate=28 March 2016}}</ref> এই প্ৰতিষ্ঠানত প্ৰথমতে মহাজাগতিক ৰশ্মি আৰু উচ্চ বায়ুমণ্ডলৰ ওপৰত গৱেষণা কৰা হৈছিল। পিছত সংজ্ঞাবদ্ধ পদাৰ্থ বিজ্ঞান আৰু ৰেদিঅ' পদাৰ্থ বিজ্ঞানৰো গৱেষণা আৰম্ভ কৰা হয়।