ওৱাহাবি মতবাদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
ছাজিদুল ইছলাম (আলোচনা | বৰঙণি) শ্ৰেণী:ইছলাম ধৰ্ম সংযোগ কৰা হ'ল। টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
বিশ্বাস,অন্ধবিশ্বাস আৰু সমসাময়িক সমাজ টেগ্: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
||
1 নং শাৰী:
[[শ্ৰেণী:ইছলাম ধৰ্ম]]
বিশ্বাস , অন্ধবিশ্বাস আৰু সমসাময়িক সমাজ ব্যৱস্থা
জিতুল বৰা
প্ৰচলিত ৰীতি-নীতি আৰু পৰম্পৰাৰ ওপৰত বহু পৰিমাণে এখন সমাজ নিৰ্ভৰ কৰে। বৰ্তমান সমাজ ব্যৱস্থাত বিশ্বাস আৰু অন্ধবিশ্বাসৰ প্ৰভাৱ অপৰিসীম। ইতিহাসৰ পৃষ্ঠা লুতিয়ালে দেখা যায় যে ,আদিম কালত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী এতিয়াৰ দৰে নাছিল । সেই সময়ত মানুহে খাদ্য, বাসস্থান আৰু বস্ত্ৰৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হৈছিল। খাদ্যৰ সন্ধানত তেওলোক এঠাইৰ পৰা আন ঠাইলৈ ঘুৰি ফুৰিব লগা হৈছিল । যিদিনাৰ পৰা এই অঘৰী জীৱন ত্যাগ কৰি মানুহে সমাজ পাতি সভ্য ভাৱে জীৱন নিৰ্বাহ কৰিব লৈছিল আৰু তেতিয়াৰ পৰাই অন্ধবিশ্বাসৰ সুচনা হৈছিল বুলি ক'ব পাৰি। বিশ্বাস আৰু লোকবিশ্বাস কোনো এখন সমাজত পৰম্পৰাগত ভাবে চলি থাকে । এই বিশ্বাস বা লোকবিশ্বাসে বহল পৰিসৰত অন্ধবিশ্বাসকো সামৰি লয়। বিশ্বাসৰ অন্য নাম ভৰষা। যি ঠাই বা মানুহৰ ওপৰত ভৰসা কৰিব পাৰি তাতেই বিশ্বাসৰ সৃষ্টি হয়। আনহাতে, অন্ধবিশ্বাস শব্দটোৰ ইংৰাজী প্ৰতিশব্দ 'Superstition' । এই "Superstition" শব্দটো লেটিন <nowiki>''</nowiki>Stare' শব্দৰ পৰা উৎপত্তি হৈছে। প্ৰখ্যাত দাৰ্শনিক Edmund Burke ৰ মতে " superstition is the religion of feeble mind."
কোনো এখন সমাজত মানুহ যিমানে শিক্ষা দীক্ষা আদিত আগবঢ়া নহ'ওক কিয় শতকৰা ৫০% ভাগ মানুহেই লোকবিশ্বাস নাইবা অন্ধবিশ্বাসৰ লগত প্ৰতক্ষ বা পৰোক্ষ ভাৱে জড়িত হৈ পৰে ! বৰ্তমান বিজ্ঞানৰ জয়-জয়, ময়-ময় অৱস্থাত মানুহ যিমানেই সভ্যতাৰ উচ্চ শিখৰত গতি নকৰক কিয় তথাপিও কিন্তুু অন্ধবিশ্বাসক এৰাই চলিব পৰা নাই । একবিংশ শতিকাৰ তথ্য প্ৰযুক্তিৰ বিদ্যাৰ যুগতো অন্ধবিশ্বাসে কুসংস্কাৰ বোৰে কলুষিত কৰিছে সমাজখনক । যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে "ডিজিটেল ইন্ডিয়া" ৰ কথা কৈছে আৰু দেশ তথা জনতাৰ উন্নয়নৰ বাবে বিভিন্ন জনকল্যাণ মূলক আচঁনি লৈছে, ছোৱালী শিক্ষাৰ প্ৰসাৰৰ বাবে বেটি বচাও বেটি পঢ়াও শ্লোগান আৰম্ভ কৰিছে আৰু ঠিক সেই সময়তে আমাৰ সমাজ ব্যৱস্থাত নিতৌ গঢ় লৈ উঠিছে না না সামাজিক সমস্যাৰ। এই সমস্যা সমূহৰ ভিতৰত অন্ধবিশ্বাস আৰু কুসংস্কাৰ অন্যতম । ডাইনী হত্যা, সোপাধৰা, কণ্যা শিশু জন্মত বাধা, যৌতুক ইত্যাদি বিভিন্ন সামাজিক সমস্যা । এই সমস্যা সমূহৰ আজিও যেন এক স্থায়ী সমাধান সূত্ৰ উলিয়াব পৰা নাই। এই সমস্যা সমূহৰ মূলতে হল শিক্ষা । মানুহ যিমানেই ধনী বা আৰ্থিকভাৱে উন্নত নহওঁক কিয় যদি শিক্ষাৰ প্ৰসাৰ সমভাৱে নহয় তেতিয়াও এনেধৰণৰ সমস্যা বিলাক থাকিবই। এতিয়াও দেশৰ বহু ঠাইত শিক্ষাৰ পোহৰ পৰা নাই, পৰা নাই বিজুলী বাটিৰ প্ৰসাৰ , দাৰিদ্ৰতাই যেন দেশৰ স্বাধীনতা লাভ কৰাৰ সাতটা দশকৰ পাছতো লগ এৰা নাই।
বিজ্ঞানৰ যতেই বিফল হৈছে তাতেই অন্ধবিশ্বাসৰ জন্ম হৈছে । বিজ্ঞানে দ্ৰত গতিত আগুৱাই যোৱাৰ পিছত ও বহুতো ঠাইত শিক্ষাৰ পোহৰ পৰাগৈ নাই । অন্ধবিশ্বাস কুসংস্কাৰ যে অকল অশিক্ষিত ঠাইত শিপাইছে তেনে কথা নহয় শিক্ষাৰ পোহৰ পৰা উন্নয়ন শীল দেশ বোৰ ও এই কুসংস্কাৰৰ বলি হৈ আহিছে ! উল্লেখযোগ্য যে অন্ধবিশ্বাস বা কুসংস্কাৰ অশিক্ষিত বা অন্নুন্নত দেশতেই অধিক তেনে নহয়, শিক্ষাৰ পোহৰ পৰা উন্নয়নশীল দেশসমূহতো ইয়াৰ প্ৰভাৱ পৰিছে। এক কথাত কবলৈ গ'লে বিজ্ঞানৰ যতেই বিফল হৈছে ততাতেই অন্ধবিশ্বাস জড়িত হৈ আছে। ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে প্ৰাক ঐতিহাসিক কালত আৰ্য্য সকল ভাৰতবৰ্ষত বসবাস কৰাৰ পিছৰ পৰাই ভাৰতীয় সভ্যতাৰ আৰম্ভণি হয় । আৰ্য সকলে ধৰ্মৰ জৰিয়তে ভগৱানক পূজা পাতল আদিৰ জৰিয়তে মানুহক একত্ৰিত কৰিছিল । মানুহে যাতে বেয়া কাৰ্য্যত লিপ্ত, নহয় সেই হেতু ধৰ্মৰ ভয় দেখুৱাই অন্ধবিশ্বাসৰ বলি কৰিছিল ! সেইদৰে প্ৰাক স্বাধীনতা কালতো আমাৰ ভাৰতবৰ্ষ অন্ধবিশ্বাস কুসংস্কাৰেৰে পৰিপূৰ্ণ আছিল । সেই সময়ত শিশু বধ , বাল্য বিবাহ ,সতীদাহ প্ৰথা আদিৰ দৰেই জঘন্য অন্ধবিশ্বাসৰ বলি হৈ নিস্পাপ শিশু ফুলকুমলীয়া কন্যা সন্তানৰ নিৰ্মম ভাৱে হত্যা কৰা হৈছিল ! এতিয়াও ভাৰতবৰ্ষৰ পিছপৰা ঠাইত এইবোৰ অমানৱীয় কাৰ্য্য সংঘটিত হৈ আছে ।
বৰ্তমান যুগত সামাজিক অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিলাকে প্ৰচলিত সমাজ জীৱনত বিৰুপ প্ৰভাৱ বিস্তাৰ কৰিছে । এই অন্ধবিশ্বাস বা কুসংস্কাৰৰ বিৰুদ্ধে আমি সকলোৱে মাৰবান্ধি ওলাই আহিব লাগে। বৰ্তমান অসমত সঘনাই দেখা দিয়া সমস্যা হৈছে ডাইনী হত্যা । এই ডাইনী হত্যা কোনো নতুন ঘটনা নহয়। যুগ যুগ ধৰি চলি আহিছে এই প্ৰথা । বিশেষকৈ চাহ জনগোষ্ঠীৰ বা অন্যান্য জনজাতি সকলৰ মাজত এই পথাৰ প্ৰচলন অধিক।সেইদৰে , সোপাধৰা আৰু পিছল মানুহো তেনে এক প্ৰকাৰৰ কু সংস্কাৰ বা অন্ধবিশ্বাস। সোপাধৰা হৈছে ,এনে কিছুমান অপহৰণকাৰী যি জনে ৰাষ্টাৰে গৈ থকা লৰা ছোৱালী বা ঘৰৰ ভিতৰৰ পৰা মোখত সোপা দি অপহৰণ কৰে। পিচল মানুহ আকৌ আৰু এখোপ চৰাহে। ইয়াৰ কাৰু কাৰ্য সোপাধৰাৰ দৰেই যদিও অলপ বেলেগ।পিছল মানুহ কোনেও হেনো ধৰিবই নোৱাৰে গোটেই গাটো তাৰ হেনো পিচল; ধৰিবকে নোৱাৰি ।
বৰ্তমান যুগত এই অন্ধবিশ্বাসৰ মাত্ৰা বৃদ্ধি পাইছে। এই ক্ষেত্রত চৰকাৰেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আমিও সজাগ আৰু সচেতন হ'ব লাগে। বিভিন্ন ধৰণৰ সামাজিক মাধ্যম যেনে-হোৱাইটচ এপ ,ফেচবুক আদি প্ৰতিজন ব্যৱহাৰকাৰীয়ে সাৱধানতা অৱলম্বন কৰা উচিত।এই ক্ষেত্রত প্ৰচাৰ মাধ্যমেও ইতিবাচক ভূমিকা গ্ৰহণ কৰিব লাগে।ছাত্ৰ-ছাত্ৰী সকলক প্ৰাথমিক স্তৰৰ পৰাই অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ওপৰত শিক্ষা প্ৰদান কৰিব লাগে।জনসাধাৰণৰ মাজত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।অন্ধবিশ্বাসৰ বলী হোৱা ব্যক্তিৰ অপৰাধী বা দোষীককৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে।
লেখকৰ ঠিকনাঃ
যোৰহাট
দূৰভাষঃ৯৬১৩২-৭০৬৪৩
|