চৰাইদেউ জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
(edited with ProveIt)
36 নং শাৰী:
ঐতিহাসিক জিলা হোৱা হেতুকে জিলাখনিত বহুতো আহোম ৰজাদিনীয়া পথ আছে।‌ মূখ্য পথৰূপে ধোদৰ আলি পথটি ব্যৱহাৰ কৰা হয়।‌ ই শিৱসাগৰ জিলা, গোলাঘাট জিলা, নাজিৰা, বালিঘাট,শিমলুগুৰি, নামৰূপক সংযোগ কৰিছে।‌ তদুপৰি ধোদৰ আলিয়ে ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ নংকো সংযোগ কৰিছে।‌ ইতিহাস মতে আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত পাইক প্ৰথা বুলি এটা ব্যৱস্থা আছিল। এই পাইকৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বহুতো লোকে ভকতৰ বেশে সত্ৰসমূহত থানিকা পাতিছিল আৰু বিনা পৰিশ্ৰমে জীৱন-নিৰ্বাহ কৰিছিল। স্বৰ্গদেউ গদাধৰ সিংহই এই ভণ্ড ভকত বা ধোদবোৰক ধৰি আনি এটা আলি সাজিবলৈ লগাই দিছিল। গোলাঘাট জিলাৰ কমাৰবন্ধাৰ পৰা ডিব্ৰুগড় জিলাৰ জয়পুৰলৈ নিৰ্মাণ কৰা এই সুদীৰ্ঘ আলিটোকে বোলা হৈছিল ধোদৰ আলি। আন এটা ঐতিহাসিক আলি 'নাহৰ আলি' সোণাৰি নগৰত ধোদৰ আলিৰ সৈতে সংযুক্ত হৈছে।
===ৰেল পথ===
শিমলুগুৰি জংচন চৰাইদেউ জিলাৰ প্ৰধান ৰেল জংচন।‌ দূৰণিবতীয়া ৰেলসমূহ শিমলুগুৰি জংচনত ৰয়।‌অন্য ষ্টেচনৰ ভিতৰত সোণাৰিৰ ভজো আৰু নামৰূপ ষ্টেচন উল্লেখযোগ্য।‌এই ষ্টেচনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ, ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰেছ আৰু লিডু- গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলহে ৰয়।<ref name="ntes">{{cite web | url=https://enquiry.indianrail.gov.in/ntes/index.html | title=National Train Enquiry System | accessdate=7 July 2018}}</ref>
===বায়ু পথ===
মোহনবাৰী বিমানবন্দৰ আৰু ৰৰৈয়া বিমাবন্দৰে চৰাইদেউ জিলাক বায়ুমাৰ্গেৰে সংযোগ কৰিছে।‌ ভাৰতৰ মূখ্য বিমান পৰিবহন সংস্থাসমূহ যেনে জেট এয়াৰৱেজ, জেট কনেক্ট, ইণ্ডিগ', এয়াৰ ইণ্ডিয়াই এই বিমান বন্দৰকেইটালৈ সেৱা আগবঢ়ায়।‌ পৱন হংস নামেৰে চৰকাৰী হেলিকপ্টাৰ সেৱা আছে।‌ চাৰ্টাড বিমানসেৱাও উপলব্ধ।‌আন্তৰ্জাতিক বিমানবন্দৰ ৰূপে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰে সেৱা আগবঢ়াই আহিছে।‌
43 নং শাৰী:
==পৰ্য্যটন==
নকৈ জিলাৰূপে ঘোষণাকৰা পূৰ্বে সামগ্ৰিকভাৱে ই ঐতিহাসিক স্মৃতিচিহ্নৰে পৰিপূৰ্ণ শিৱসাগৰ জিলা আছিল।‌ বিভাজনৰ পাছত চৰাইদেউ জিলাত আহোম সম্ৰাজ্যৰ প্ৰসাদ কাৰেং ঘৰ, এচিয়াৰ পিৰামিডৰূপে বিখ্যাত চৰাইদেউ মৈদাম, শ-ধোৱা পুখুৰী, টেঙা পুখুৰী, আহোম সৈন্য প্ৰশিক্ষণ কেন্দ্ৰ ইত্যাদিকে কৰি বহুতো পুৰণি গাঁৱ থাকি যায়।‌
 
==তথ্য উৎস==
{{Reflist}}
 
[[শ্ৰেণী:অসমৰ জিলা]]