পাচন তন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
8 নং শাৰী:
 
== মানুহৰ পাচন==
[[মানুহৰ পাচন তন্ত্ৰ]]ত, খাদ্য মুখত প্ৰৱেশ কৰে আৰু [[গুড়াকৰণ]]ৰ (চব্যন, এক প্ৰকাৰৰ mechanical পাচন) দ্বাৰা পাচন আৰম্ভ হয়, লালটিয়ে খাদ্যবোৰ তিয়াই পেলায়। লালটি হৈছে [[লালটি গ্ৰন্থী]]য়ে নিঃসৰণ কৰা একপ্ৰকাৰৰ [[পাচক ৰস]], ইয়াত থকা [[ছেলিভাৰী এমাইলেইজ]] নামৰ এবিধ [[উৎসেচক|উৎসেচকে]] খাদ্যত থকা [[স্বেতসাৰ]]ৰ পাচন ঘটাই; লালটিত থকা [[মিউকাছ|মিউকাছে]], খাদ্যখিনি পিছল কৰে, আৰু [[হাইড্ৰ'কাৰ্বনেট|হাইড্ৰ'কাৰ্বনেটে]], এমাইলেইজৰ কাৰ্য ক্ষমতা বঢ়াবলৈ উপযুক্ত pHৰ আদৰ্শ পৰিৱেশ ([[ক্ষাৰকীয়]]) সৃষ্টি কৰে। গুড়াকৰণ আৰু স্বেতসাৰ পাচনৰ পাছত, খাদ্যবোৰ সৰু পিণ্ড আকাৰ লৈ [[খাদ্যনলী]]ৰ মাজেৰে [[পাকস্থলী]]ত প্ৰৱেশ কৰে। পাকস্থলীত [[গেছট্ৰিক ৰসে]] [[প্ৰ'টিন]]ৰ পাচন আৰম্ভ কৰে। গেছট্ৰিক ৰসত প্ৰধানকৈ [[হাইড্ৰ'ক্লৰিক এচিড]] আৰু [[পেপছিন]] থাকে। এই দুবিধ ৰসে পাকস্থলীৰ বেৰ ক্ষতিসাধন কৰাৰ পৰা সুৰক্ষা দিবৰ বাবে পাকস্থলীৰ পৰা ক্ষৰিত মিউকাছে ইয়াৰ বেৰত এটা পাতল তৰপৰ সৃষ্টি কৰে। পাকস্থলীৰ সংকোচন-প্ৰসাৰণ ঘটাৰ ফলত খাদ্য আৰু পাচকৰ ৰসবোৰ ভালদৰে মিহলি হৈ পৰে।
 
কিছুসময়ৰ পাছত (যেনে, মানুহৰ ১–২ ঘণ্টা, ঘৰুৱা কুকুৰৰ ৪–৬ ঘণ্টা, ঘৰুৱা মেকুৰীৰ ৩–৪ ঘণ্টা), গাঢ় জুলীয়া খাদ্য বোৰ [[ডুঅ'ডেনাম]]ত প্ৰৱেশ কৰে। ইয়াত এই অৰ্ধ পাচন হোৱা খাদ্য খিনিত [[অগ্নাশয়]]ৰ পৰা পাচক [[উৎসেচক]] আৰু [[যকৃত]]ৰ পৰা [[পিত্ত ৰস]] আহি মিহলি হয় আৰু [[ক্ষুদ্ৰান্ত্ৰ]]ৰ মাজেৰে আগবাঢ়ি যায়, পাচন কাৰ্য চলি থাকে। সম্পূৰ্ণ পাচন হোৱাৰ পাচত ই তেজলৈ শোষিত হয়। ক্ষুদ্ৰান্ত্ৰত ৯৫% শোষণ সম্পন্ন হয়। [[বৃহদান্ত্ৰ]]ত (ক'লন) তেজলৈ পানী আৰু খনিজ লৱন পুণৰ শোষিত হয়। ইয়াত বেক্টেৰিয়াই উৎপাদন কৰা কিছুমান ভিটামিন, যেনে [[বায়টিন]] আৰু [[ভিটামিন K]] (K<sub>2</sub>MK7) আদিৰো শোষণ হয়। অৱশিষ্ট বৰ্জ্য পদাৰ্থবোৰ পায়ুৰ যোগেদি মল আকাৰে দেহৰ পৰা নিস্কাষিত হয়।<ref name=Maton>{{cite book| last = Maton| first = Anthea|author2=Jean Hopkins |author3=Charles William McLaughlin |author4=Susan Johnson |author5=Maryanna Quon Warner |author6=David LaHart |author7=Jill D. Wright | title = Human Biology and Health| publisher = Prentice Hall| year = 1993| location = Englewood Cliffs, New Jersey, USA| isbn = 0-13-981176-1|oclc = 32308337}}</ref>
 
==তথ্য সংগ্ৰহ==