পেনিচিলিন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

11 নং শাৰী:
==কাৰ্য পদ্ধতি==
 
বেক্টেৰিয়াৰ স্বাভাৱিক বৃদ্ধি আৰু বিকাশৰ বাবে [[কোষবেৰ]]খনৰ ভূমিকা আপৰিহাৰ্য। কোষবেৰখনে বেক্টেৰিয়া কোষটোক সুস্থিৰতা প্ৰদান কৰে। বেক্টেৰিয়া কোষবেৰখন পেপ্টিদ’গ্লাইকেনেৰে গঠিত। পেপ্টিদ’গ্লাইকেন হৈছে একান্তৰভাৱে থকা এন্-এচিটাইল মিউৰামিক এচিড(N-acetylmuramic acid) আৰু এন-এচিটাইল গ্লুক’চ’এমাইনেৰে(N-acetylglucosamine) গঠিত এটা শৃংখল । এটা পেপ্টিদ’গ্লাইকেনৰ শৃংখল আন এটা শৃংখলৰ লগত বান্ধোন খাই থাকে। এইদৰে বহুতো পেপ্টিদ’গ্লাইকেনৰ শৃংখল বান্ধ খাই বেক্টেৰিয়াৰ কোষবেৰখন গঠন কৰে। ট্ৰেন্সপেপ্টাইডেজ নামৰ [[উৎসেচক]] এটাই শৃংখল সমূহ বান্ধ খোৱাত সহায় কৰে। কিন্তু পেনিচিলিনে ট্ৰেন্সপেপ্টাইডেজক বাধা দি গোটেই কোষবেৰখন গঠন হোৱাত বাধা দিয়ে। ফলত গোটেই বেক্টেৰিয়াটোৱেই ধ্বংস হয়। <ref>Essential of Medical Pharmacology,7th Edition,K.D.Tripathi,ISBN:978-93-5025-937-5</ref>
 
==ব্যৱহাৰ==
"https://as.wikipedia.org/wiki/পেনিচিলিন"ৰ পৰা অনা হৈছে