অশ্বক্ৰান্ত মন্দিৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

image added
1 নং শাৰী:
[[File:Aswaklanta Temple.jpg|thumb|অশ্বক্ৰান্ত মন্দিৰ]]
'''অশ্বক্ৰান্ত মন্দিৰ''' [[ব্ৰহ্মপুত্ৰ]]ৰ উত্তৰ পাৰত [[উত্তৰ গুৱাহাটী]]ত অৱস্থিত তীৰ্থস্থান৷ ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে৷ এটা ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনি ভাগত, আনটো পাহাৰৰ ওপৰ ভাগত অৱস্থিত৷ কিংবদন্তি অনুসৰি [[নৰকাসুৰ]]ক বধ কৰিবৰ অৰ্থে [[শ্ৰীকৃষ্ণ]] [[কামৰূপ ৰাজ্য|কামৰূপ]]লৈ আহোঁতে এই ঠাইডোখৰ অশ্ব বা ঘোঁৰাৰ দ্বাৰা ক্ৰান্ত বা অতিক্ৰান্ত হোৱা বাবে এই অঞ্চলৰ নাম অশ্বক্ৰান্ত হয়৷ কোনো কোনোৱে এই অঞ্চলক ''অশ্বক্লান্ত'' বুলিও কয়৷ জনশ্ৰুতি অনুসৰি এই অঞ্চলতে খোজ পেলাই শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল৷ ইয়াতেই তেওঁৰ অশ্ব ক্লান্ত হৈ পৰে আৰু ঠাইডোখৰে অশ্বক্লান্ত নাম পায়৷ ব্ৰহ্মপুত্ৰৰ পাৰৰ টিলা এটাৰ শিল কিছুমানত ঘোঁৰাৰ খুৰাৰ দৰে চিন দেখা যায়৷ শ্ৰীকৃষ্ণই যʼত ভৰিৰ খোজ পেলাইছিল তাৰ নাম ''বিষ্ণুপদ''৷ পৌৰাণিক শাস্ত্ৰ মতে এয়ে ''অশ্বগয়া'' আৰু ইয়াতে মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে পিণ্ডদান কৰা হয়৷ আজিকালি ʼঅশ্বক্লান্তʼ বা ʼঅশ্বক্ৰান্তʼ দুয়োটা শব্দই সমঅৰ্থত প্ৰয়োগ হোৱা দেখা যায়৷