কৰ্কট ৰোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

187.193.226.46 (আলোচনা) সম্পাদিত 162805 সংশোধনটি বাতিল কৰক
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
12 নং শাৰী:
| MeshID = D009369
}}
'''কৰ্কট ৰোগ''' বা '''কেঞ্চাৰ'''({{Lang-en|Cancer}}) ৰোগৰ এটা শ্ৰেণী, চিকিৎসা বিজ্ঞানৰ মতে যাৰ নাম malignant neoplasm । এই শ্ৰেণীৰ ৰোগৰ মূল পৰিঘটনা হৈছে কোষৰ সংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি। এই ৰোগত মৃত্যুৰ হাৰ বহু বেছি। কাৰণ প্ৰাথমিক অৱস্থাত কৰ্কট ৰোগ সহজে ধৰা নপৰে। প্ৰাথমিক অৱস্থাত ৰোগীক চিকিৎসা কৰিলে ৰোগ নিৰাময় হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। বাস্তবিক অৰ্থত এতিয়াও কৰ্কট ৰোগৰ সম্পূৰ্ণ কাৰ্যকৰী চিকিৎসা সম্ভৱ হৈ উঠা নাই। কৰ্কট ৰোগৰ দুশতকৈয়ো অধিক প্ৰকাৰ আছে। প্ৰতিবিধৰে চিকিৎসা পদ্ধতি সুকীয়া সুকীয়া।সুকীয়া।Mahabul Hoque Editing
 
== কৰ্কট ৰোগ মানে কি ==
মানুহ তথা সকলো প্ৰাণীৰ দেহ কোষেৰে তৈয়াৰী। এক নিৰ্দিষ্ট সময়ৰ মুৰে-মুৰে কোষবোৰ মৰি যায় আৰু তাৰ ঠাইত নতুন কোষৰ জন্ম হয়। সাধাৰণতে জীৱিত কোষবোৰ নিয়ন্ত্ৰিত হাৰত বিভাজিত হৈ নতুন কোষৰ জন্ম হয়। কিন্তু কেতিয়াবা কোনো কাৰণত কোষবোৰ অনিয়ন্ত্ৰিত হাৰত বাঢ়িবলৈ ধৰে আৰু টিউমাৰৰ সৃষ্টি কৰে। টিউমাৰ দুই প্ৰকাৰৰঃ বেনাইন (Benign) আৰু মেলিগনেণ্ট (malignant। এই মেলিগনেণ্ট টিউমাৰকে কেঞ্চাৰ বোলা হয়। বিস্তাৰিত ভাবে কবলৈ হ'লে, অনিয়ন্ত্ৰিতভাবে বৃদ্ধি পোৱা কোষবোৰক নিয়োপ্লাষ্টিক কোষ বোলা হয়। নিয়োপ্লাষ্টক কোষে আশে-পাশে থকা কলাক (tissue) ভেদ কৰিব নোৱাৰিলে তাক নিৰিহ বা বেনাইন টিউমাৰ বোলে আৰু ভেদ কৰিব পৰা ক্ষমতা থকা কোষবোৰক মেলিগনেণ্ট টিউমাৰ বা বোলে। বহু কৰ্কট ৰোগ প্ৰথমে বেনাইন হিচাপে আৰম্ভ হৈ পাছলৈ মেলিগনেণ্টলৈ পৰিৱৰ্তন হয়।
"https://as.wikipedia.org/wiki/কৰ্কট_ৰোগ"ৰ পৰা অনা হৈছে