সৰ্বেপল্লী ৰাধাকৃষ্ণণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
30 নং শাৰী:
 
==জন্ম==
১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ (আগৰ মাদ্ৰাজৰ) তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে <ref name="Teluguone">{{cite web|url=http://www.teluguone.com/splevents/general/index.jsp?filename=srkrishna05.htm |title=TeluguOne |publisher=TeluguOne |date= |accessdate=2011-08-31}}</ref> । তেওঁ দেউতাকৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী (বীৰ চমাইয়া) আৰু মাতৃৰ নাম সীতামা আছিল<ref name="Teluguone"/> । তেওঁ এখন জমিদাৰীৰ ’তহছিলদাৰ’ আছিল। ৰামাকৃষ্ণণ বীৰ চমাইয়াৰ দ্বিতীয় সন্তান আছিল। জন্মস্থান তিৰুটানি, চমাইয়াৰ পৰিয়াল আৰু সেই সময়-এই সকলোবোৰ ভৱিষ্যত দাৰ্শনিক ৰাজনীতিবিদ গৰাকীৰ জীৱনে গঢ় লোৱাৰ ক্ষেত্ৰত সকলো দিশৰে পৰা উপযুক্ত এক আদৰ্শ পটভূমি আছিল। কিয়নো তিৰুটানি এখন ধৰ্মস্থান আছিল, চমায়া পৰিয়াল আছিল এটি আদৰ্শ ব্ৰাক্ষ্মণ পৰিয়াল আৰু সেই সময়ছোৱা আছিল সু-প্ৰাচীন [[হিন্দু সভ্যতা]]ৰ নৱ-জাগৰণৰ সময়।
==শিক্ষা আৰু চৰিত্ৰ গঠন==
ৰাধাকৃষ্ণণৰ ৮ বছৰ বয়স হোৱালৈকে, তেওঁ পিতৃ-মাতৃৰ তত্বৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয়<ref>Sarvepalli Gopal: ''Radhakrishnan; a Biography'' (1989) p. 11</ref>। বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাক্ষ্মণ হ’লেও, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই [[খ্ৰীষ্টান|খ্ৰীষ্টিয়ান]] শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিন্ধান্ত লয়। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত [[দৰ্শন]] শাস্ত্ৰ অধ্যয়ন কৰে<ref>Sarvepalli Gopal: ''Radhakrishnan; a Biography ''(1989) p.15</ref>।