মই ভাবোঁ, গতিকে মই আছোঁ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
JBDVIJASDVI (আলোচনা)-ই কৰা 183385 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
9 নং শাৰী:
 
{{quote|(অসমীয়া:) এইধৰণে যেতিয়া দেখা গ'ল যে আমাৰ ইন্দ্ৰিয়বোৰে আমাক কেতিয়াবা ঠগাব পাৰে, মই ভাবিবলৈ বিচাৰিছিলো যে আমাৰ আগত উন্মোচিত সকলোবোৰেই দৰাচলতে বাস্তৱত নাথাকিব (নহ'ব) পাৰে ; আৰু কিয়নো কিছুমান মানুহে যুক্তিবাদত ভুল কৰে, আনকি জ্যামিতিৰ কিছুমান সৰু সৰু বিষয়তো যুক্তিভ্ৰমৰ চিকাৰ হয় , মই, ময়ো আনৰ দৰে একেধৰণৰ ভুলৰ বশবৰ্তী হ'ব পাৰো বুলি আশ্বস্ত হৈ, ইয়াৰ আগতে প্ৰতিপাদন কৰা সকলো যুক্তিবাদক নাকচ কৰিছিলো আৰু শেষত যেতিয়া বিবেচনা কৰিছিলো যে সাৰে থকা অৱস্থাত আমি অনুভৱ কৰিব পৰা সকলো চিন্তা (ধাৰণা) আমি শুই থাকিলেও অনুভৱ কৰিব পাৰো যি সময়ত সেইবোৰৰ কোনোটোৱেই সত্য নহয়, মই ধৰি লৈছিলো যে সাৰে থকা অৱস্থাত মোৰ মূৰত সোমোৱা সকলো বস্তুগত (ধাৰণা)ত মোৰ সপোনৰ ভ্ৰমবোৰতকৈ বেছি সত্য নিহীত হৈ থকা নাই। কিন্তু লগে লগেই মই দেখিলো যে যিসময়ত মই ভাবিবলৈ ইচ্ছা কৰিছিলো যে সকলোবোৰ মায়া, এইটো অতিকে প্ৰয়োজনীয় হৈ পৰিল যে, মই, যি এইবোৰ ভাবিছো, সেই "মই" টো কিবা এটা হ'বই লাগিব আৰু মই দেখিলো যে এই জ্ঞান <b>মই ভাৱো, গতিকে মই আছোঁ</b> এনে এক অৱধাৰিত সত্য আৰু নিশ্বিত তথ্যোক্তি যাক লৈ সন্দেহ কৰাৰ কোনো থল নাই লাগিলে সন্দেহবাদী সকলে সন্দেহ আছে বুলি যিমানেই বিয়াগোম [[যুক্তি]] দি মোক বিচলিত কৰিবলৈ চেষ্টা নকৰক কিয়; কাজেই মই সিদ্ধান্তত উপনীত হৈছিলো যে মই বিচাৰি থকা দৰ্শণৰ মৌলিক সুত্ৰটো এইটো বুলিয়েই নিঃসঙ্কোচে গ্ৰহন কৰিব পাৰো।}}
 
[[File:THIBBY.jpg]]
 
জন্মৰ পাচত নিজৰ অস্তিত্ব অনুভৱেই হৈছে এনে এক জ্ঞান যাৰবাবে কোনো প্ৰমাণ নালাগে আৰু য'ত নিজৰ বা আনকোনো সন্দেহবাদী মানুহৰ সন্দেহ কৰাৰ থল নাথাকে আৰু গতিকে এই উক্তিৰ সমৰ্থনত কোনো পূৰ্বযুক্তিৰো প্ৰয়োজন নাই। <ref>{{cite book | first =Nicholas | last =Vesey | title = Developing Consciousness| publisher = O-Books | location = United Kingdom | year = 2011| isbn = 978-1-84694-461-1 | page = 16}}</ref>