অসমীয়া লিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
25 নং শাৰী:
{{Main|অসমীয়া লিপিৰ বুৰঞ্জী}}
{{See also|অসমীয়া সাহিত্য}}
অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায় খ্ৰীষ্টিয় ৪ৰ্থ-৫ম শতিকাৰ ডুবৰণি শাসনত[citation needed]। খ্ৰী:পঞ্চম শতিকাৰ আগভাগৰ নগাজৰী খনিকৰ গাঁৱৰ প্ৰস্তৰ খণ্ড লিপি আৰু একে শতিকাৰ শেষভাগৰ উমাচল লিপি অসমীয়া লিপিৰ প্ৰাচীনত্বৰ দুটা উল্লেখযোগ্য উদাহৰণ [citation needed]। পৰৱৰ্তী কালত বৌদ্ধ ধৰ্ম সাধনাৰ গীত "[[চৰ্যাপদ]]ত অসমীয়া লিপিৰ বিকশিত ৰূপ দেখিবলৈ পোৱা যায়<ref>শৰ্মা, স্যতেন্দ্ৰনাথসত্যেন্দ্ৰনাথ (১৯৯৬); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ</ref>। চৰ্যাপদসমূহ ৮ম-১২শ শতিকামানত ৰচনা কৰা হৈছিল। [[বাংলা ভাষা]] আৰু [[উড়িয়া ভাষা]]ৰো পুৰণি ৰূপ চৰ্যাপদত দেখিবলৈ পোৱা যায়। ১৪শ শতিকাত [[মাধৱ কন্দলী]]য়ে অসমীয়া লিপি ব্যৱহাৰ কৰি "[[কথা ৰামায়ণ]]" লিখি উলিয়ায়। উল্লেখযোগ্য যে [[সংস্কৃত]] ভাষাৰ [[বাল্মীকি]]ৰ [[ৰামায়ণ]]ৰ পিছত মাধৱ কন্দলীৰখনেই আছিল স্থানীয় ভাষালৈ অনুদিত প্ৰথম ৰামায়ণ। ১৫শ আৰু ১৬শ শতিকাত মহাপুৰুষ [[শ্ৰীমন্ত শঙ্কৰদেৱ|শ্ৰীমন্ত শঙ্কৰদেৱে]] অসমীয়া আৰু মৈথিলী ভাষাৰ সংমিশ্ৰণ [[ব্ৰজাৱলী]] ভাষাৰে তেওঁৰ কাব্যসমূহ ৰচনা কৰে। [[আহোম সাম্ৰাজ্য]]ত [[বুৰঞ্জী]] লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। [[আহোম]] ৰজা [[চক্ৰধ্বজ সিংহ]]ই (১৬৬৩-১৬৭০ খ্ৰীষ্টাব্দ) তেওঁৰ শাসনকালত অসমীয়া মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰে<ref name=bora></ref>।