গদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: পটভূমি শঙ্কৰ-মাধৱৰ তিৰোধানৰ পিছৰ এশ বছৰ অৰ্থাৎ খৃষ্টীয় ষোড়...
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
tagged
1 নং শাৰী:
{{Unreferenced}}
{{Original research}}
 
পটভূমি
শঙ্কৰ-মাধৱৰ তিৰোধানৰ পিছৰ এশ বছৰ অৰ্থাৎ খৃষ্টীয় ষোড়শ শতিকাৰ শেষ দশকৰ পৰা অষ্টাদশ শতিকাৰ প্ৰাৰম্ভলৈকে বিস্তৃত যুগটোক আমি চৰিত পুথি আৰু গদ্য সাহিত্যৰ উদ্ভৱৰ যুগ বুলিব পাৰোঁ। মহাভাৰত, ৰামায়ণ, ভাগৱত আৰু অন্যান্য দুই-চাৰিখন পুৰাণৰ আংশিক অনুবাদ, অঙ্কীয়া নাট আৰু গীত ৰচনাৰ ধাৰা অব্যাহত থকাৰ উপৰিও এই যুগৰ বিশিষ্ট লক্ষণ হ’ল চৰিত পুথিৰ উদ্ভৱ, ভকতীয়া গদ্যৰ বিকাশ আৰু বুৰঞ্জী গদ্যৰ আৱিৰ্ভাৱ। চৰিত সাহিত্যৰ উদ্ভৱৰ প্ৰায় ২০২৫ বছৰ মানৰ আগতে গদ্য সাহিত্যৰ উদ্ভৱ হয়। চৰিত সাহিত্যৰ উদ্ভৱ সপ্তদশ শতিকাৰ দ্বিতীয়-তৃতীয় দশক মানত বুলি ধৰি ল’ব পাৰো আৰু গদ্যৰ উদ্ভৱ সেই হিচাপে ষোড়শ শতিকাৰ শেষ দশকত নাইবা সপ্তদশ শতিকাৰ প্ৰাৰম্ভত। মহাপুৰুষৰ অঙ্কীয়া নাটত গদ্যৰ প্ৰথম নিদৰ্শন পালেও সেই গদ্যক প্ৰকৃত অসমীয়া গদ্যৰ চানেকি বুলি কোৱা টান। প্ৰথম কথা, সেই গদ্যত মৈথেলীৰ আধিপত্য পোৱা যায় আৰু দ্বিতীয়তে গদ্য ৰচনাৰ বাক্য বিন্যাস-প্ৰণালী তাত ৰক্ষা কৰা নাই। ভট্টদেৱৰ হাতত প্ৰকৃত অসমীয়া গদ্যৰ সৃষ্টি হয়। এই গদ্যৰ উৎপত্তিৰ মূলতে কেইটামান কাৰণ নিৰ্দেশ কৰিব পাৰি। প্ৰথমটো হ’ল এই যে জনসাধাৰণে গদ্য ভঙ্গীতহে কথা কয়, ছন্দত নহয়। গতিকে কথা কোৱাৰ ভঙ্গীত যদি সাহিত্য ৰচনা কৰা যায় তেতিয়া সেই সাহিত্য বুজাত সহজ হ’ব। দামোদৰদেৱে এই কাৰণেই ভট্টদেৱক ‘স্ত্ৰী-শূদ্ৰে’ বুজিব পৰাকৈ কথাবন্ধে ভাগৱত ৰচনা কৰিবলৈ কৈছিল। এওঁ অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা। ভট্টদেৱৰ কীৰ্তিস্তম্ভ হ’ল ‘কথা ভাগৱত’ আৰু ‘কথাগীতা’। কথা ভাগৱত, পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ যুক্তি মতে, ১৫৯৬ খৃষ্টাব্দ মানত সম্পূৰ্ণ হয়। দুখন অতি প্ৰসিদ্ধ, পৱিত্ৰ আৰু তত্ত্বপ্ৰধান সংস্কৃত শাস্ত্ৰ অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰি ভট্টদেৱে অসমীয়া ভাষাক উচ্চ মৰ্যাদা দান কৰাৰ লগে লগে তত্ত্ব গধুৰ ভাব প্ৰকাশৰ সহজ বাহন ৰূপে অসমীয়া ভাষাক থিয় কৰায়। গীতা আৰু ভাগৱত দুয়োখনেই ভাৱগধুৰগ্ৰন্থ, অসমীয়া গদ্যত দুয়োখন অনুবাদ কৰি ভট্টদেৱে অসমীয়া গদ্য ভাষাৰ প্ৰকাশিকা শক্তিৰ পৰিচয় দিয়ে।
"https://as.wikipedia.org/wiki/গদ্য"ৰ পৰা অনা হৈছে