ভয়েজাৰ ১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
51 নং শাৰী:
 
'''ভয়েজাৰ ১''' হৈছে [[নাছা]]ই [[সৌৰজগত]]ৰ বহিৰাংশৰ গ্ৰহকেইটা অধ্যয়নৰ উদ্দেশ্যে প্ৰেৰণ কৰা এখন মহাকাশযান । ১৯৭৭ চনৰ ৫ চেপ্টেম্বৰত এই যানখন উৎক্ষেপণ কৰা হৈছিল । নাছাই সৌৰজগতৰ বহিৰাংশ অধ্যয়নৰ বাবে "ভয়েজাৰ প্ৰগ্ৰেম" নামৰ যি পৰিকল্পনা হাতত লৈছিল, ভয়েজাৰ ১ মহাকাশযানখনো ইয়াৰ অন্যতম অংশ । "ভয়েজাৰ প্ৰগ্ৰেম" ৰ অধীনৰ প্ৰথমখন মহাকাশযান আছিল ভয়েজাৰ ২, যিখন ভয়েজাৰ ১ উৎক্ষেপণৰ মাত্ৰ ১৬ দিন আগেয়ে উৎক্ষেপণ কৰা হৈছিল । ভয়েজাৰ ১ৰ মূল বিশেষত্বটোৱে হৈছে যে এইখন আজিৰ দিনত পৃথিৱীৰ পৰা আটাইতকৈ দূৰত থকা মহাকাশযান । উৎক্ষেপণৰ দিন ধৰি যোৱা ৪০ বছৰতকৈও অধিক সময় এই মহাকাশযানখন নিৰন্তৰ চলনক্ষম হৈ আছে আৰু পৃথিৱীৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈ আছে । নাছাৰ 'ডিপ স্পেচ নেটৱৰ্ক'ৰ সহায়ত এতিয়াও ভয়েজাৰ ১ ৰ লগত বিজ্ঞানীসকলে সংযোগ ৰাখিছে ।
 
==তথ্য সূত্ৰ==
{{Reflist}}
 
[[শ্ৰেণী:মহাকাশযান]]
"https://as.wikipedia.org/wiki/ভয়েজাৰ_১"ৰ পৰা অনা হৈছে