ইজিপ্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
65 নং শাৰী:
 
'''ইজিপ্ত''' বা [[ইজিপ্ত|মিচৰ]] ([[আৰবী ভাষা|আৰবী ভাষাত]]: مصر মিস্ব্‌ৰ্, কথিত মিচৰীয় আৰবী مصر মাস্ব্‌ৰ্, [[ইংৰাজী ভাষা|ইংৰাজী ভাষাত]]: Egypt ইজিপ্ত), চৰকাৰী নাম মিচৰ আৰব প্ৰজাতন্ত্ৰ, [[উত্তৰ আফ্ৰিকা|উত্তৰ আফ্ৰিকাৰ]] এখন প্ৰাচীন [[ৰাষ্ট্ৰ]]। দেশখনৰ বেছি ভাগ অংশ আফ্ৰিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূৰ্বৰ অংশটো চিনাই উপদ্বীপ। চিনাই উপদ্বীপ [[আফ্ৰিকা|আফ্ৰিকা মহাদেশৰ]] মধ্য স্থলসেতুৰ দৰে কাম কৰে। মিচৰৰ অধিকাংশ এলেকা মৰুময়। নীল নদীয়ে দেশখনক দুটা অসমান অংশত ভাগ কৰিছে। [[নীল নদ|নীল নদীৰ]] উপত্যকা আৰু ব-দ্বীপ অঞ্চলতেই মিচৰৰ বেছি ভাগ মানুহ বাস কৰে। [[কাইৰো]] দেশৰ এখন ডাঙৰ [[চহৰ]] আৰু [[ৰাজধানী]]।
 
==নামাকৰণ==
[[ইংৰাজী ভাষা|ইংৰাজী শব্দ]] ''Egypt'' [[গ্ৰীক ভাষা]], [[ফ্ৰেন্স ভাষা]], [[ইংৰাজী ভাষা]] আৰু [[আৰবী ভাষা|আৰবী ভাষাৰ]] মিশ্ৰণৰ দ্বাৰা সৃষ্টি হৈছে আৰু ''মিছৰ'' শব্দটো [[আৰবী ভাষা|আৰবী ভাষাৰ]] পৰা আহিছে ।''
 
==ভূগোল আৰু জলবায়ু==
ইজিপ্তৰ অধিকাংশ অঞ্চলেই মৰুভূমি কিন্তু [[নীল নদী]] বৈ যোৱাৰ ফলত উপত্যকা অঞ্চলটো যথেষ্ট উৰ্বৰা। সেই বাবে নীল নদীক ইজিপ্তবাসীৰ প্ৰাণ প্ৰৱাহস্বৰূপে জনা যায়। এই উপত্যকা অঞ্চল প্ৰায় ১৬ কিঃমিঃ বহল। ইজিপ্তৰ এই উপত্যকা আৰু 'ব'-দ্বীপ অঞ্চলটোৰ আয়তন ৩১,০০০ বৰ্গকিঃমিঃ। ইয়াৰ উৰ্বৰা অঞ্চলটো দুভাগত বিভক্ত- ১) নীল উপত্যকা আৰু ২) নীল 'ব'-দ্বীপ। ইজিপ্তত পৃথিৱী বিখ্যাত চুৱেজ খালটো অৱস্থিত। এই খালৰ দ্বাৰা ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰা হৈছে। ১৯৫৬ চনৰ পূৰ্বে বৃটিছ আৰু ফৰাচী কোম্পানীসমূহৰ হাতত আছিল। ১৯৫৬ চনত ইজিপ্ত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰে।<ref> ভূ-দৰ্শন, দিলীপ কুমাৰ গোহাঁই আৰু হৰেন্দ্ৰনাথ বৰা, কামাখ্যা বুক ষ্টল</ref>
 
==কৃষি==
দেশখনৰ উপত্যকা অঞ্চলটোত অতীজৰে পৰা জলসিঞ্চনৰ দ্বাৰা খেতি কৰা হয়। ধান এই অঞ্চলৰ প্ৰধান কৃষি। আচোৱান বান্ধৰ পৰা খাল খান্দি ইয়াৰ খেতি-পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা হয়। আনহাতে 'ব'দ্বীপ অঞ্চলটোত খালৰ দ্বাৰা জলসিঞ্চন কৰা হয়। উপত্যকা অঞ্চলত উৎকৃষ্ট মানৰ কপাহ খেতি হয়। খাদ্য শস্যৰ ভিতৰত মাকৈ, ধান, কুহিঁয়াৰ আদি গ্ৰীষ্মকালত আৰু ঘেঁহু, বাৰ্লি, বীন আদিৰ খেতি শীতকালত হয়।<ref> ভূ-দৰ্শন, দিলীপ কুমাৰ গোহাঁই আৰু হৰেন্দ্ৰনাথ বৰা, কামাখ্যা বুক ষ্টল</ref>
 
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/ইজিপ্ত"ৰ পৰা অনা হৈছে