কিলোগ্ৰাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
46 নং শাৰী:
শেহতীয়া ভাৱে পেৰিছৰ এই বিজ্ঞান জগতৰ সম্ৰাট , যি Le Grand K বুলি সম্বোধিত হয়, সিংহাচ্যুত হৈছে। বিজ্ঞানী সকলে এক কিলোগ্ৰাম ভৰৰ এক প্ৰাকৃতিক আৰু বিশ্ব-জনীন সংজ্ঞা বিচাৰি পাইছে। ১৬ নৱেম্বৰ, ২০১৮ চনত পেৰিছত হোৱা এক সন্মিলনত পৃথিৱীৰ কেবাখনো দেশে ভোটদানৰ জৰিয়তে এক গণতান্ত্ৰিক কিলোগ্ৰামক স্বীকৃতি দিছে আৰু ২০ মে ২০১৯ৰ পৰা ভৰৰ একক এই কিলোগ্ৰাম শাসনাধিষ্ঠিত হব। কিলোগ্ৰামৰ লগতে পদার্থ বিজ্ঞানৰ আন তিনি মৌলিক ৰাশিৰ একক ক্ৰমে [[বিদ্যুত স্ৰোঁত]]ৰ বাবে [[এম্পিয়াৰ]] , [[উষ্ণতা]]ৰ বাবে [[কেলভিন]] আৰু ৰাসায়নিক অণু-পৰমাণু, আয়ন আদি গণনা কৰাৰ বাবে ব্যৱহৃত একক [[ম'ল]] ৰ সংজ্ঞাৰো পৰিৱর্তন হ'ব।
 
[[নিউটনৰ দ্বিতীয় সুত্ৰ]]ত পদার্থ বিজ্ঞানৰ প্ৰথম তিনি মৌলিক ৰাশি ভৰ, দৈৰ্ঘ্য আৰু সময় মিলিত হৈছে। সেই সুত্ৰৰ পৰা ধৰা হৈছে যে একক ভৰক একক [[ত্বৰণ]] দিবৰ বাবে একক পৰিমাণৰ [[বল]]ৰ প্ৰয়োজন। ত্বৰণৰ লগত [[দৈৰ্ঘ্য]]ৰ একক [[মিটাৰ]] আৰু [[সময়]]ৰ একক [[ছেকেণ্ড]] জড়িত হৈ আছে। আনহাতে ভৰৰ একক কিলোগ্ৰাম। ইতিমধ্যে পোহৰৰ গতিবেগ আৰু [[পাৰমাণৱিকধৰাতল]]ত থকা অনুত্তেজিত [[ছিজিয়াম-১৩৩]] পৰমাণুৰ সলনকম্পনাংকক বিজ্ঞানী মহলে প্ৰকৃতিৰ চিৰন্তন সত্য [[ধ্ৰুৱক]] বুলি প্ৰমাণ কৰিছে। প্ৰতি ছেকেণ্ডত পোহৰে ২৯,৯৭,৯২,৪৫৮ মিটাৰ দুৰত্ব অতিক্ৰম কৰে আৰু পাৰমাণৱিকধৰাতলত থকা একেবাৰে অনুত্তেজিত ছিজিয়াম-১৩৩ পৰমাণুৰ বৰ্হিখোলত থকা [[ইলেক্ট্ৰন]]টোৱে তাৰ সামান্য তাৰতম্য থকা দুই উপশক্তিস্তৰৰ মাজত প্ৰাকৃতিক ভাৱে উঠা নামা থকা কৰি থকাৰ ফলত প্ৰতি ছেকেণ্ডত ৯১৯,২৬,৩১,৭৭০ বাৰ ([[হাৰ্টজ]]) [[কম্পনাংক]]ৰ [[বিদ্যুত-চুম্বকীয় তৰংগ]] নির্গত হয়। বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলোতে এই তথ্য ধ্ৰুৱসত্য। ১৯৮৩ চনতে সেয়ে [[এক মিটাৰৰ সংজ্ঞা বহন কৰা দণ্ড]] এপাটক বিজ্ঞানী মহলে ক্ষমতাচ্যুত কৰি মিউজিয়ামলৈ নিৰ্ৱাসন দিছে। কিন্তু এতিয়ালৈকে কিলোগ্ৰামক প্ৰকৃতিৰ চিৰন্তন সত্য ধ্ৰুৱকৰ লগত জড়িত কৰি সংজ্ঞা দিব পৰা হোৱা নাছিল। যাৰ ফলত বলৰ একক নিউটনো কৃটিম ভাৱে সংজ্ঞাবদ্ধ হৈ থাকিল।
 
শেহতীয়া ভাৱে [[প্লাংকৰ ধ্ৰুৱক]]ৰ সৈতে ভৰক জড়িত কৰিব পৰা সূত্ৰৰ আৱিষ্কাৰ হোৱা স্বত্বেও প্লাংকৰ ধ্ৰুৱকৰ সঠিক মান নির্ণয় কৰিব নোৱাৰাৰ বাবেই কিলোগ্ৰামৰ প্ৰাকৃতিক সংজ্ঞা দিব পৰা হোৱা নাছিল। কিন্তু সঠিক জোখ-মাখৰ দ্বাৰা জোখ-মাখৰ লগত জড়িত বিজ্ঞানী সকলে এতিয়া প্লাংকৰ ধ্ৰুৱকৰ এক নির্দিষ্ট মান নির্ণয় কৰি উলিয়াইছে আৰু আন বিজ্ঞানীসকলোৱেও এই জোখ-মাখত সন্তোষ্টি লভি সেই মানত একমত হৈছে। দৰাচলতে বিজ্ঞানীসকলে পোহৰৰ বেগৰ দৰে প্লাংকৰ ধ্ৰুৱককো এক নির্দিষ্ট মান প্ৰদান কৰিবলৈ সন্মতি দিয়াৰ ফলতেই ভৰৰ একক কিলোগ্ৰামৰো নিৰঙ্কুশ পৰম মান পাব পৰা হ'ল।
"https://as.wikipedia.org/wiki/কিলোগ্ৰাম"ৰ পৰা অনা হৈছে