চিত্ৰাংগদা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বৰ্ধন
9 নং শাৰী:
 
== অৰ্জুনৰ সৈতে বিবাহ==
বনবাসৰ সময়ত অনাই-বনাই ফুৰোঁতে এদিন অৰ্জুন [[মণিপুৰ ৰাজ্য]]ত উপস্থিত হ'ল। তাৰ ৰজা চিত্ৰবাহনক সাক্ষাৎ কৰোঁতে তেওঁ ৰজাৰ জীয়েক চিত্ৰাংগদাক দেখে আৰু প্ৰেমত পৰে। অৰ্জুনে ৰজাক চিত্ৰাংগদাক বিয়া পাতিবলৈ অনুমতি বিচাৰোঁতে ৰজাই তেওঁক পূৰ্বপুৰুষ প্ৰভাঞ্জনৰ কাহিনী শুনালে। প্ৰভাঞ্জন বহুকাল নিঃসন্তান আছিল আৰু উত্তৰাধিকাৰী পাবলৈ নানা চেষ্টা কৰিছিল। অৱশেষত [[শিৱ]]ই তেওঁৰ প্ৰাৰ্থনা শুনি আৱিৰ্ভাৱ হয় আৰু বৰ দিয়ে যে প্ৰভাঞ্জনৰ উপৰিপুৰুষৰ এটাকৈ সন্তান হ'বই। কিন্তু চিত্ৰবাহনৰ পুত্ৰ সন্তান নাছিল, এগৰাকী জীয়েকেই আছিল। গতিকে তেওঁ ৰাজ্যৰ নীতি অনুসৰি চিত্ৰাংগদাক “পুত্ৰিকা” ঘোষণা কৰিছিল। ইয়াৰ অৰ্থ আছিল যে চিত্ৰাংগদাৰ পুত্ৰ জন্ম হ'লে সেই পুত্ৰই উত্তৰাধিকাৰী হ'ব, আৰু কোনো নহয়। অৰ্জুনেও সেই ৰাজ্যৰ ৰজা হ'বলৈ মন মেলিব নোৱাৰে।
 
অৰ্জুন এই কথাত সন্মত হ'ল। চিত্ৰাংগদাক বিয়া কৰাই তেওঁ একেলগে তিনি বছৰ কটায়। চিত্ৰাংগদাই অৰ্জুনৰ ঔৰষত এটা ল'ৰাৰ জন্ম দিয়াৰ পাছত অৰ্জুনে তেওঁ আৰু পিতাকৰ পৰা অনুমতি লৈ পুনৰ বনবাসলৈ ঘূৰি যায়।<ref>Ganguli (1883), Book I, Section 218</ref> মহাভাৰতৰ যুদ্ধৰ পাছত [[যুধিষ্ঠিৰ|যুধিষ্ঠিৰে]] [[অশ্বমেধ যজ্ঞ]] পাতোঁতে যজ্ঞৰ ঘোঁৰা আহি মণিপুৰ ৰাজ্য পালেহি। তেতিয়া অৰ্জুন আৰু পিতাকক চিনি নোপোৱা বব্ৰুবাহনৰ মাজত যুদ্ধ হয় আৰু অৰ্জুনে পৰাজয় বৰণ কৰে।
 
==অন্য সাহিত্যত ==
কবিগুৰু [[ৰবীন্দ্ৰনাথ ঠাকুৰ|ৰবীন্দ্ৰনাথ ঠাকুৰে]] চিত্ৰাংগদাৰ চৰিত্ৰক লৈ এখন নটক লিখিছিল। এই নাটকত পোৰাণিক কাহিনীটো তেখেতে অলপ সালসলনি কৰিছিল। ৰজা চিত্ৰবাহনে এটা পুত্ৰ সন্তান বিছাৰিছিল, কিন্তু পুত্ৰীহে জন্ম হ'ল। তেতিয়া ৰজাই চিত্ৰাংগদাকে ল'ৰাৰ নিচিনাকৈ যুদ্ধৰ শিক্ষা দি ডাঙৰ-দীঘল কৰে। বনবাসৰ সময়ত অৰ্জুন মণিপুৰত উপস্থিত হওঁতে তেওঁক দেখি চিত্ৰাংগদা প্ৰেমত পৰে। কিন্তু পুৰুষসুলভ স্বভাৱৰ বাবে অৰ্জুনে প্ৰত্যাখ্যান কৰিব বুলি তেওঁক প্ৰেমৰ দেৱতা মদনক প্ৰাৰ্থনা কৰে যাতে নাৰীসুলভ কমনীয়তা দিয়ে। ইয়াৰ পাছত অৰ্জুনৰ ওচৰলৈ যাওঁতে অৰ্জুন তেওঁক দেখি মুগ্ধ হয়। শত্ৰুৱে মণিপুৰ আক্ৰমণ কৰোঁতে যেতিয়া চিত্ৰাংগদা যুঁজলৈ যায় তেতিয়াহে অৰ্জুনে তেওঁৰ প্ৰকৃত পৰিচয় জানিব পাৰে। যুঁজাৰু চেহেৰাৰ কুঁৱৰীকহে অৰ্জুনে অধিক পছন্দ কৰাত চিত্ৰাংগদাই মদনক অনুৰোধ কৰি পুনৰ আগৰ ৰূপ ঘূৰাই লয়।
 
== টোকা ==
* ''Citrāngadā'' in: M.M.S. Shastri Chitrao, ''Bharatavarshiya Prachin Charitrakosha'' (Dictionary of Ancient Indian Biography, in Hindi), Pune 1964, p. 213
* ''The Mahabharata of Krishna Dvaipayana Vyasa'', trl. from the original Sanskrit by Kisari Mohan Ganguli, Calcutta 1883-1896