বিজয়লক্ষ্মী পণ্ডিত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
38 নং শাৰী:
(1954–61)." ''Contemporary British History'' 30.1 (2016): 20-39.</ref>
==ব্যক্তিগত জীৱন==
বিজয়লক্ষ্মী পণ্ডিতৰ পিতৃ কাশ্মিৰী পণ্ডিত সম্প্ৰদায়ৰ [[মতিলাল নেহৰু]] এগৰাকী ধনী বেৰিষ্টাৰ আছিল। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ দুবাৰকৈ সভাপতি আছিল। তেওঁৰ মাতৃ স্বৰূপৰাণী থুছুয়ো এগৰাকী কাশ্মিৰী ব্ৰাহ্মণ সম্প্ৰদায়ৰ আদি আৰু লাহোৰৰ বসবাস কৰিছিল।<ref>Zakaria, Rafiq ''A Study of Nehru'', Times of India Press, 1960, p. 22</ref> তেওঁ মতিলাল নেহৰুৰ দ্বিতীয় পত্নী আছিল। তেওঁৰ প্ৰথম পত্নী প্ৰসৱজনীত কাৰণত ঢুকাইছিল। তেওঁ পৰিয়ালৰ দ্বিতীয় সন্তান আছিল আৰু জৱাহৰলাল নেহৰু তেওঁতকৈ ১১ বছৰ ডাঙৰ আছিল। তেওঁৰ সৰু ভগ্নী কৃষ্ণা হোৎসিং পিছলৈ এগৰাকী লেখক হিচাপে প্ৰতিষ্ঠিত হয়। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৰ ভগ্নী আছিল।<ref>{{cite web| url=https://www.un.org/en/ga/president/bios/bio08.shtml |title=Vijay Lakshmi Pandit (India) |first=General Assembly of United Nations |last=President of 62nd session |accessdate=1 July 2012}}</ref> লগতে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]ৰ পেহী আৰু [[ৰাজীৱ গান্ধী]]ৰ পেহী আইতা।
 
১৯২১ চনত তেওঁ [[মহাৰাষ্ট্ৰ]]ৰ কোডালৰ বেৰিষ্টাৰ ৰঞ্জিত পণ্ডিতৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰঞ্জিত পণ্ডিত এগৰাকী শাস্ত্ৰীয় বিদ্বান আছিল আৰু তেওঁ কালহনাৰ মহাকাব্য ৰাজতৰংগীনি সংস্কৃতৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় ভাবে অংশগ্ৰহণ কৰাৰ বাবে তেওঁক কাৰাবাস খাটিবলগীয়া হৈছিল। ১৯৪৪ চনত লক্ষ্ণৌৰ জেলত তেওঁৰ মৃত্যু হয়। ১৯৯০ চনত বিজয়লক্ষ্মী পণ্ডিতে মৃত্যুবৰণ কৰে।