ব্ৰজেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্বিলং বানানটো ভুল হৈ আছিল।
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
33 নং শাৰী:
|align = right
}}
ব্ৰজেন বৰুৱাই গুৱাহাটীত স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ চিটি কলেজত নাম লগায়। কিন্তু ১৯৪৬ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত উভতি আহি [[কটন কলেজ]]ত বি.এচ.চি. পৰ্যন্ত পঢ়ে যদিও উপাধি ল'ব নোৱাৰিলে। তেওঁ জনস্বাস্থ্য বিভাগৰ চাকৰিয়াল হিচাপে [[ছিলঙ|শ্বিলঙ]]ত আৰু পিছত চৰকাৰৰ ধান সংগ্ৰহকাৰী বিষয়া হিচাপে [[জামুগুৰিহাট]]ত কিছুকাল চাকৰি কৰিছিল। কিন্তু সোনকালেই চাকৰি এৰি সংস্কৃতিৰ সাধনাত লাগে।
 
নিচেই কম বয়সৰেপৰা তেখেতে গীতত সুৰ দিবলৈ লয়। ছাত্ৰাৱস্থাতে [[অজিত বৰুৱা]], [[কেশৱ মহন্ত]] আদিৰ গীতত সুৰাৰোপ কৰিছিল। ১৯৪৪ চনত [[কলিকতা]]ত বহা নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনত সংগীত পৰিচালকৰূপে যোগ দিছিল। গুৱাহাটীৰ বিভিন্ন মঞ্চত গীত পৰিবেশন কৰিবলৈ লোৱা বৰুৱা অসমত অৰ্কেষ্ট্ৰাৰ অন্যতম প্ৰৱৰ্তক। 'ছয় ঋতু', 'যুদ্ধ আৰু শান্তি', 'এটি শিশুৰ জন্ম' আদি তেওঁৰ এই সম্পৰ্কীয় উল্লেখযোগ্য সৃষ্টি। ১৯৪৮ চনত [[গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ]] মুকলি কৰা হয়। প্ৰথমে অনাতাঁৰ কেন্দ্ৰৰ কাৰ্যালয় আৰু ষ্টুডিঅ' আছিল লতাশিলত, বৰুৱা পৰিয়ালৰ নিচেই ওচৰত। ব্ৰজেন বৰুৱাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত এজন সুৰকাৰ আৰু কণ্ঠশিল্পী ৰূপে পদাৰ্পন কৰে। পঞ্চাছৰ দশকৰ আৰম্ভণিৰ পৰা বৰুৱাই ৰেডিঅ'ৰ সীমাবদ্ধ পৰিসৰৰ পৰা ওলাই চলচ্চিত্ৰৰ সঙ্গীত ৰচনা আৰু পৰিচালনাত মনোনিবেশ কৰে।<ref name="Tafajjul" />