বুৰঞ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Link+Move+Update
No edit summary
2 নং শাৰী:
'''বুৰঞ্জী''' বা '''বু -ৰণ -জি''' ([[আহোম ভাষা]] অৰ্থ হৈছে মূৰ্খৰ শিক্ষাৰ ভঁৰাল) হৈছে ইতিহাসৰ একপ্ৰকাৰৰ কালক্ৰমিক লিখিত বিৱৰণ।বুৰঞ্জী (বা ''বু-ৰন্-জী'') শব্দটোৰ মূল টাই-চীন [[আহোম ভাষা]]। বু মানে মূৰ্খ, ৰন মানে শিকোৱা আৰু জী মানে ভঁৰাল। [[অসম]]ৰ বুৰঞ্জীসমূহ প্ৰথমাৱস্থাত [[আহোম ভাষা]]ত লিখা হৈছিল আৰু এই ৰীতি ১৮৫৮ চনলৈকে অব্যাহত আছিল।<ref name="LILA">{{cite book | title=টাই সংস্কৃতিৰ ৰূপৰেখা | publisher=বনলতা | author=লীলা গগৈ | authorlink=লীলা গগৈ | year=১৯৯৪ | pages=৫৬ | isbn=81-7339-079-7}}</ref> পিছলৈ বুৰঞ্জী লিখোঁতে [[অসমীয়া ভাষা]]ই আহোম ভাষাৰ ঠাই লয়।<ref>Goswami, Golockchandra (1982), ''Structure of Assamese'', Page 11, Western Assamese dialect, the sole medium of all ancient Assamese literature including the buranjis written in the Ahom court</ref><ref>{{harv|Goswami|2007|p=436}}</ref>
 
==আৰম্ভণি ==
[[আহোম সাম্ৰাজ্য]]ৰ প্ৰতিষ্ঠাপক [[চাওফা]] [[চুকাফা]]ৰ নিৰ্দেশত ১২২৮ চনমানতে অসমত বুৰঞ্জী লিখা ব্যৱস্থাৰ প্ৰৱৰ্ত্তন ঘটে। সেই সময়ত শাসকীয় পক্ষৰ লগতে বাকী লোকসকলেও ঘৰে ঘৰে বুৰঞ্জী লিখি ৰাখিছিল। গতিকে বুৰঞ্জীৰ মূলতঃ দুটা ভাগ দেখা যায়: ৰজাঘৰীয়া বুৰঞ্জী আৰু অন্যান্য পৰিয়ালসমূহে লিখা বুৰঞ্জী।<ref>{{harv|Hartman|1997|p=227}}</ref> [[আহোম ভাষা|টাই আহোম ভাষাত]] লিখিত বুৰঞ্জীসমূহক বিষয়বস্তু অনুযায়ী দেও বুৰঞ্জী আৰু ডিন বুৰঞ্জী হিচাপে দুই ভাগত ভগাব পাৰি । 'দেও' শব্দৰ অৰ্থ হ’ল স্বৰ্গীয় আৰু এনে বুৰঞ্জীত সৃষ্টিৰ উৎপত্তি, ইন্দ্ৰ, স্বৰ্গ আদিৰ বিষয়ে উপকথামূলক কাহিনী আছে। আনহাতে 'ডিন' শব্দৰ অৰ্থ হ’ল পৃথিৱী আৰু ইয়াত ম্যুং-ৰি-ম্যুং ৰাম ৰাজ্যত খুন্-লুং আৰু খুনলাইৰ বংশধৰসকল আৰু চুকাফাই প্ৰতিষ্ঠা কৰা ৰাজ্যসমূহৰ বিষয়ে তথ্য-পাতি আছে। বুৰঞ্জীসমূহৰ আকাৰ, বিৱৰণ আদিৰ আধাৰত ইয়াক লাই লিক (ঘাই/ৰাজনীতি বিষয়ক পুথি), লিট (নথি পত্ৰ/পবিত্ৰ গ্ৰন্থ), ৰু-পুত (শিক্ষাৰ উদ্দেশ্যে ৰক্ষিত নথি পত্ৰ), উ-কুত (থোৰতে লিখি ৰখা ঘটনাপঞ্জী) আদি ভাগত ভগোৱা হয়।<ref name="LILA2">{{cite book | title=টাই সংস্কৃতিৰ ৰূপৰেখা | publisher=বনলতা | author=লীলা গগৈ | authorlink=লীলা গগৈ | year=১৯৯৪ | pages=১১০-১৪৬ | isbn=81-7339-079-7}}</ref> আহোম সাম্ৰাজ্যৰ পতনৰ পিছত বুৰঞ্জী লিখাৰ প্ৰথাও লাহে লাহে নোহোৱা হয়।
 
"https://as.wikipedia.org/wiki/বুৰঞ্জী"ৰ পৰা অনা হৈছে