হীৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: <!--{{Infobox mineral |name = হীৰক |category = বিশুদ্ধৰূপে প্ৰাপ্ত |boxwidth = |boxbgcolor = #7da7d9 |image = Brillan...
 
No edit summary
23 নং শাৰী:
}} -->
 
'''হীৰা''' {{En|DimondDiamond}} বা '''হীৰক''' হল এবিধ অতি মূল্যবান ৰত্ন। গহনা তৈয়াৰ কৰিবলৈ ইয়াক ব্যবহাৰ কৰা হয়। বৰ্ণহীন এক ৰত্ন। ই বিশুদ্ধ উপাদান [[কাৰ্বন]]ৰ পৰা সৃষ্টি হয়। প্ৰকৃততে হীৰা কাৰ্বনৰ এক বিশেষ ৰূপ মাত্ৰ। পৃথিবীত প্ৰতি বছৰ প্ৰায় ২৬০০০ কে.জি. খনিজ হীৰা উত্তোলিত হয় যাৰ মূল্য প্ৰায় ৯ বিলিয়ন ডলাৰ। কথিত আছে, হীৰক সৰ্বপ্ৰথম [[ভাৰতীয় উপমহাদেশ|ভাৰতবৰ্ষ]]ত মূল্যবান ৰত্ন হিচাপে খনিৰ পৰা উত্তোলন আৰু ব্যবহাৰ কৰা আৰম্ভ হয়। হীৰা ভাৰতবৰ্ষৰ মানুহৰ বাবে কমপক্ষে ৩ৰ পৰা ৬ হাজাৰ বছৰ ধৰি পৰিচিত বুলি অনুমান কৰা হয়। মানুহৰ জ্ঞাত সকলো প্ৰাকৃতিক পদাৰ্থতকৈ হীৰা অনেক গুনে বেছি কঠিন আৰু ই অতি উচ্চতম তাপমাত্ৰাটো কাৰ্যক্ষম হৈ থাকে। হীৰাক আদৰ্শ হিচাপে লৈ তৈয়াৰ কৰা খনিজৰ কাঠিন্য মাপ কৰাৰ মোহ স্কেলৰ ১-১০ একক মতে হীৰাৰ কাঠিন্য হৈছে ১০।
ভূ-অভ্যন্তৰৰ প্ৰায় ১৪০ৰ পৰা ১৯০ কি.মি. তলত [[পৃথিবীৰ কেন্দ্ৰ]] আৰু পৃথিবীৰ আৱৰণৰ মাজত প্ৰচণ্ড তাপ আৰু চাপৰ কাৰণে হীৰা গঠিন হবলৈ প্ৰায় ১ৰ পৰা ৩.৩ বিলিয়ন বছৰ সময় লাগে বুলি বৈজ্ঞানিকসকলে ধাৰণা কৰে। গবেষকৰ মতে, সকলো হীৰা পৃথিবীতেই তৈয়াৰি হোৱা নাই; পৃথিবীত পৃথিৱীৰ বাহিৰত সৃষ্টি হোৱা অনেক হীৰা পোৱা গৈছে।
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/হীৰা"ৰ পৰা অনা হৈছে