বিশ্বনাৰায়ণ শাস্ত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
টেগ্‌: ২০১৭ উৎস সম্পাদনা
43 নং শাৰী:
 
==কৰ্মজীৱন==
শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি ড° শাস্ত্ৰীয়ে কেবাখনাে মহাবিদ্যালয়ত অসমীয়া, সংস্কৃত আৰু ভাৰতীয় ইতিহাসৰ প্রবক্তাৰূপে কাম কৰে আৰু [[নৰ্থ লখিমপুৰৰলখিমপুৰ কলেজ|নৰ্থ লখিমপুৰ মহাবিদ্যালয়]]ত ১৯৫৩-৫৮ লৈ অধ্যক্ষৰ দায়িত্ব পালন কৰে।<ref name="গ্ৰন্থ সৌৰভ"/> উল্লেখ্য যে [[বিহপুৰীয়া]] আৰু [[নলবাৰী]]ত পৰম্পৰাগত পদ্ধতিৰে তেওঁ সংস্কৃত ভাষা-সাহিত্য আৰু ভাৰতীয় দর্শন তথা বৌদ্ধ দর্শনৰ চৰ্চা কৰিছিল আৰু তাৰ পাছতহে ক্ৰমে কলকাতা আৰু [[বেনাৰস]]ত উচ্চ শিক্ষা লাভ কৰে। তেওঁৰ পাণ্ডিত্যপূর্ণ অৱদানৰ স্বীকৃতিস্বৰূপে বিভিন্ন অনুষ্ঠানে সাহিত্য- শাস্ত্রী, ব্যাকৰণ-শাস্ত্রী, কাব্যতীর্থ আদি উপাধি প্রদান কৰে। ভাৰতীয় ইতিহাস, দর্শন আৰু সংস্কৃতিৰ বিষয়ে দেশ-বিদেশৰ ভালেমান আগশাৰীৰ আলােচনী আৰু গৱেষণা পত্রিকাত মূল্যবান নিবন্ধ লিখা ড° শাস্ত্ৰীৰ সমানে দখল আছিল অসমীয়া, সংস্কৃত আৰু ইংৰাজী ভাষাত। তেওঁৰ প্রকাশিত গ্রন্থৰ ভিতৰত ১২ খন [[শিশু সাহিত্য]] পুথিকে ধৰি মুঠ ৪০ খন অসমীয়া ভাষাৰ গ্ৰন্থ আছে। ইংৰাজীত তেওঁৰ দ্বাৰা ৰচিত গ্রন্থৰ সংখ্যা চাৰিখন৷ আন ভালেমান গ্রন্থ প্রকাশ পাইছে সংস্কৃত ভাষাত। তদুপৰি হাতেলিখা [[পাণ্ডুলিপি]]ৰ পৰা উদ্ধাৰ কৰি কালিকাপুৰাণ, কামাখ্যাত আৰু যােগিনীতন্ত্ৰৰ দৰে মূল্যবান সাহিত্য সম্পদ তেওঁ সম্পাদনা কৰি ইংৰাজীত আগকথা আৰু পাদটীকাসহ প্রকাশ কৰাটো ভাৰতীয় প্রাচীন গ্রন্থ অধ্যয়নত এক বিশেষ অৱদান হিচাপে স্বীকৃত হৈছে। সংস্কৃত নীতিশিক্ষা সম্ভূত [[সাহিত্য দর্পণ]]ৰ অনুবাদো তেওঁৰ আন এক কৃতিত্বৰ পৰিচায়ক।<ref name="গ্ৰন্থ সৌৰভ"/> ১১ শতিকাতে কাশ্মীৰৰ পণ্ডিত সােমদেৱে প্রণয়ন কৰা সংস্কৃত কাহিনীগ্রন্থ কথাসৰি সাগৰৰ অসমীয়া অনুবাদ ড° শাস্ত্ৰীৰ আন এক উল্লেখনীয় অৱদান। সেইদৰে ইংৰাজীলৈ কালিকাপুৰাণৰ অনুবাদ, অসমীয়ালৈ বিমান আৰু হৰ্ষৰ অনুবাদ, উত্তৰ-পূবাঞ্চলৰ জনজাতীয় লােককথাৰ সংকলন আদিও বিশেষভাৱে উল্লেখযােগ্য। [[লখিমপুৰ লােকসভা সমষ্টি]]ৰ পৰা ক্রমে ১৯৬৭ আৰু ১৯৭১ ত নির্বাচিত হােৱা ড° শাস্ত্ৰীয়ে হ’ল প্রথমগৰাকী সাংসদ যি সংস্কৃত ভাষাত লােকসভাত ভাষণ দি দেশবাসীৰ দৃষ্টি আকর্ষণ কৰিছিল। ১৯৪২ত স্বাধীনতা আন্দোলনত অংশগ্রহণ কৰি তেওঁ কাৰাবাসাে খাটিছিল আৰু ব্রিটিছ চৰকাৰৰ কোপদৃষ্টিৰ পৰা হাত সাৰিবলৈ আত্মগােপন কৰিবলৈ বাধ্য হৈছিল। তেওঁ লখিমপুৰ জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হােৱাৰ উপৰি অসম প্রদেশ কংগ্ৰেছ কমিটীৰাে সদস্য পদ অলংকৃত কৰে। তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰাে সদস্য হৈছিল। তদুপৰি বিশেষ অধিকাৰ কমিটী, ৰাজহুৱা হিচাপ কমিটী আদিৰাে তেওঁ আছিল সদস্য তথা আহ্বায়ক । চাহ বােৰ্ডৰ সদস্য, [[প্রদেশ কংগ্ৰেছ]]ৰ স্বাধীনতা যুঁজাৰু কোষৰ আহ্বায়ক, অসম চৰকাৰৰ মুক্তিযুঁজাৰু উপদেষ্টা। পৰিষদৰ সদস্য ৰূপেও তেওঁ সকলােৰে প্রিয়পাত্র আছিল। তদুপৰি তেওঁ ৰাজ্যৰ পৰিকল্পনা আয়ােগৰ উপাধ্যক্ষ আৰু অসম। প্রকাশন পৰিষদৰ প্ৰথমগৰাকী সচিব আছিল।<ref name="গ্ৰন্থ সৌৰভ"/> ৫০ৰ দশকত তেওঁ অসম চৰকাৰৰ বিশেষ শিক্ষা বিষয়াৰূপেও নিযুক্ত হৈছিল। অৱশ্যে দীর্ঘকাল কংগ্ৰেছৰ স’তে যুক্ত হৈ থকাৰ পাছত তেওঁ ১৯৯৮ত কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পার্টিত যােগ দিয়ে আৰু মৃত্যুৰ সময়লৈকে বিজেপিৰ হকে কাম কৰি যায়। আনহাতে, নতুন দিল্লীৰ সাহিত্য একাডেমীৰ কাৰ্যবাহী কমিটীৰ সদস্যৰূপে তেওঁ ১০ বছৰ কার্যনিবাহ কৰিছিল। নেছনেল বুক ট্রাষ্টৰ বিশেষজ্ঞ সমিতিৰ সদস্য, ৰাষ্ট্ৰীয় সংস্কৃত সংস্থানৰ কাৰ্যবাহী সদস্য, কামৰূপ অনুসন্ধান সমিতিৰ সভাপতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী। পৰিষদৰ সদস্য, হংকঙৰ ‘এছিয়ান ৰিচাৰ্ছ ইনষ্টিটিউট’ৰ ফেলাে, নতুন দিল্লীৰ [[ভাৰতীয় ইতিহাস গৱেষণা পৰিষদ]]ৰ ফেলাে, গােৰখপুৰৰ নাগার্জুন বৌদ্ধ ফাউণ্ডেছনৰ অধ্যক্ষ পদত থাকি ড° শাস্ত্ৰীয়ে অসামান্য বৰঙণি যােগাই গৈছে। ৰাজনীতিবিদ, প্রাচ্যতত্ত্ববিদ, ভাৰত বিশাৰদ, ইতিহাসবিদ, দার্শনিক, গৱেষক, সাহিত্যিক আদি বিভিন্ন ভূমিকাত অৱতীৰ্ণ হৈ ড° শাস্ত্ৰীয়ে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্রহণ কৰি অসমৰ লগতে ভাৰতৰাে গৌৰৱ বর্ধন কৰিছিল। গুৱাহাটী-নতুন দিল্লীৰ পৰা আৰম্ভ কৰি ফ্রান্স, জাপান, জার্মানী, [[আমেৰিকা যুক্তৰাষ্ট্র]], ফিলিপাইনছ আদিৰ ভালেমান নগৰ-চহৰত আয়ােজিত সন্মিলনত তেওঁ যােগ দিয়ে। বিভিন্ন শিক্ষানুষ্ঠান, বিশ্ববিদ্যালয় আৰু গৱেষণা কেন্দ্ৰত গৱেষণাপত্র পাঠ কৰে। ভাৰত চৰকাৰৰ প্রতিনিধি হিচাপে আৰু বিশিষ্ট ব্যক্তি হিচাপে আমন্ত্রিত হৈ তেওঁ ইউৰােপৰ প্ৰায়বােৰ দেশৰ উপৰি দক্ষিণ-পূর্ব এছিয়া আৰু অষ্ট্রেলিয়া, নিউজিলেণ্ড আদি দেশে। ভ্ৰমণ কৰি বৰ্ণাঢ্য অভিজ্ঞতা আহৰণ কৰে।<ref name="গ্ৰন্থ সৌৰভ"/> স্মর্তব্য যে শিশু সাহিত্য সম্পর্কীয় প্রতিযােগিতাত ড° শাস্ত্ৰীয়ে দুবাৰকৈ ভাৰত চৰকাৰৰ পৰা শ্রেষ্ঠতাৰ বঁটা অর্জন কৰে।<ref name="গ্ৰন্থ সৌৰভ"/> অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনপ্রাপ্ত। লেখক হােৱাৰ উপৰি তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে। লগতে উত্তৰ প্রদেশ সাহিত্য একাডেমীয়ে প্ৰদান কৰা বাণভট্ট বঁটা, সংস্কৃত ভাষাত লিখিত অবিনাশী নামৰ উপন্যাসখনিৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, উত্তৰ প্রদেশ হিন্দী সংস্থানৰ বঁটা, সংস্কৃতত যােগােৱা বৰঙণিৰ বাবে ভাৰতৰ ৰাষ্ট্রপতি সন্মানীয় চার্টিফিকেট, ভাষা-সাহিত্য-সংস্কৃতিৰ আনন্দৰাম বৰুৱা প্রতিষ্ঠান ([[এবিলাক]])-ৰ বঁটা আদি তেওঁ লাভ কৰা সন্মান আৰু পুস্কাৰৰ দীর্ঘ তালিকাত অন্যতম সংযােজন। উল্লেখ্য যে ড° বিশ্বনাৰায়ণ শাস্ত্রী অভ্যর্থনা সমিতি, গুৱাহাটীয়ে ১৯৯৭ত তেওঁৰ সন্মানার্থে চাৰিশ পৃষ্ঠাৰ অধিক কলেবৰৰ ৯৫০ টকা দামৰ এখন সুদৃশ্য আৰু সংগ্রহযােগ্য সংকলনাে প্রকাশ কৰে |<ref name="গ্ৰন্থ সৌৰভ"/> ভাৰতবিদ্যাসৌভম শীর্ষক [[সংস্কৃত]] আৰু ইংৰাজীত প্রণীত এই দ্বিভাষিক গ্রন্থখনিত দেশ-বিদেশৰ ভালেসংখ্যক গৱেষক পণ্ডিতে লিখি পঠিওৱা বিশেষ নিবন্ধ সন্নিৱিষ্ট হৈছিল |
 
==শাস্ত্ৰীৰ সাহিত্যকৃতি==