ভাৰতৰ সংসদ ভৱন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
80 নং শাৰী:
| highest_next =
}}
'''ভাৰতৰ সংসদ ভৱন''' (Parliament house of India)ভাৰতৰ সংসদ ভৱন আছে নতুন দিল্লীত |দিল্লীত। ১৯২১ চনৰ ১২ ফেব্ৰুৱাৰীত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল |হৈছিল। ছবছৰৰ অন্তত ১৯২৭ চনৰ ১৮ জানুৱাৰীত সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰে |কৰে। সংসদ ভৱনটোৰ নিৰ্মানত খৰচ পৰিছিল ৮৩ লাখ টকা |টকা। ভৱনৰ নক্সা প্রস্তুত কৰিছিল প্রখ্যাত ইংৰাজ স্থাপতিবিদ ছাৰ এডুইন লুট্যেনছ আৰু ছাৰ হাৰ্বাট বেকাৰে |বেকাৰে। হাৰ্বাৰ্ট বেকাৰ নতুন দিল্লী মহানগৰীৰো নক্সা প্রস্তুত আৰু নিৰ্মাণৰ স'তেও জড়িত আছিল |আছিল।
 
এক বৃত্তকাৰ কলোছিয়ামৰ আৰ্হিত নিৰ্মিত দৃষ্টিনন্দন সংসদ ভৱনটোৰ ব্যাস ১৭০.৬৯ মিটাৰ (৫৬০ ফুট) | ৰঙা শিলেৰে নিৰ্মিত সংসদ ভৱনটোৰ প্রথম মহলাত প্রশস্ত চক্ৰকাৰ বাৰাণ্ডা আৰু ১৪৪টা স্তম্ভ আছে |আছে। স্তম্ভবোৰৰ প্রতিটোৰ উচ্চতা ৮.২৩ মিটাৰ (২৭ফুট) | এই বাৰাণ্ডাতে ভাৰতৰ প্রখ্যাত শিল্পীসকলৰ দ্বাৰা অংকিত যথেষ্ট সংখ্যক চিত্র প্রদৰ্শিত কৰা হৈছে |হৈছে। এই চিত্রবোৰত বৈদিক যুগৰ পৰা ব্ৰিটিছ যুগৰ শেষলৈকে ভাৰতৰ কেইবা সহস্ৰাব্দৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনাৱলীক চিত্রিত কৰা হৈছে |হৈছে। সংসদ ভৱনত তিনিটা অৰ্ধবৃত্তাকাৰ হল বা প্রেক্ষাগৃহ আছে |আছে। ইয়াৰে দুটা হলত লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত হয় |হয়। তৃতীয়টো হল পুথিভঁৰাল আৰু অধ্যয়ন কক্ষৰূপে ব্যৱহাৰ কৰা হয় |হয়। ৰঙীণ মাৰ্বলৰ স্তম্ভ আৰু জালি , ৰাজকীয় জকমকীয়া সামগ্রীৰে এই হলটো সুশোভিত |সুশোভিত।
 
সংসদ ভৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হ'ল চেন্ট্রেল হল |হল। এই হলটোৰ গম্বুজৰ উচ্চতা ২৮ মিটাৰ |মিটাৰ। ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ এই হলতে ভাৰতৰ সংবিধানৰ খচৰা প্রস্তুত কৰা হৈছিল |হৈছিল। তদুপৰি এই চেন্ট্রেল হলতে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ স্বাধীনতা ঘোষণা কৰা হৈছিল |হৈছিল। বৰ্তমান ইয়াত ভাৰতৰ দুয়োখন সদনৰ যুটীয়া অধিৱেশন অনুষ্ঠিত হয় |হয়। চেন্টেল হল আৰু সংসদ ভৱনৰ বিভিন্ন ঠাইত ভাৰতৰ ইতিহাসৰ কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ প্রতিমূৰ্তি আৰু চিত্র স্থাপন কৰা হৈছে |হৈছে।