ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

আলোচনা পৃষ্ঠাৰ পৰা স্থানান্তৰ
No edit summary
34 নং শাৰী:
* সমৰ্থন জনালোঁ | [[সদস্য:Bhaskarjyoti Bhuyan|Bhaskarjyoti Bhuyan]] ([[সদস্য বাৰ্তা:Bhaskarjyoti Bhuyan|talk]]) 00:26, 18 মে' 2019 (ইউ.টি.চি.)
</div>
 
==অসমীয়া ৱিকিমিডিয়াৰ ভৱিষ্যত কাৰ্য্যপন্থা==
অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ ভৱিষ্যত কাৰ্য্যপন্থা সম্পৰ্কীয় কিছু ব্যক্তিগত অনুভৱ আৰু প্ৰস্তাৱ উত্থাপন কৰিব খুজিছোঁ৷ এই প্ৰস্তাৱসমূহ আগবঢ়োৱাৰ মূল অনুঘটকটো হ’ল মালায়ালম ৱিকিপিডিয়াৰ পিছতে ভাৰতীয় ভাষাসমূহৰ ভিতৰতে দ্বিতীয়খন ৱিকিপিডিয়া হিচাপে ২০০২ চনত মুকলি কৰা অসমীয়া ৱিকিপিডিয়া সক্ৰিয় অৱদানকাৰীৰ অভাৱৰ বাবে এতিয়াও চালুকীয়া অৱস্থাতে আছে৷ গতিকে বৰ্তমানৰ আগ্ৰহী আৰু সক্ৰিয় ৱিকিমিডিয়ান সকলে একত্ৰিতভাৱে আৰু পৰিকল্পিতভাৱে ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰয়োজনীয় কিছুমান পদক্ষেপ হাতত লোৱাৰ সময় আহি পৰিছে৷ তলৰ প্ৰস্তাৱসমূহ উচ্চাকাংক্ষী যেন ভাৱ হ’ব পাৰে, তথাপিও সকলোকে মুকলিকৈ সমৰ্থন/আপত্তি দৰ্শাই মন্তব্য আৰু অন্য প্ৰস্তাৱো আগবঢ়াবলৈ অনুৰোধ কৰিলো৷
 
# '''মাহেকীয়া সম্পাদনা মাৰাথন''': ৱিকিউৎসত যোৱা কেইমাহমানৰ পৰা প্ৰতিটো মাহত একোজন লেখকৰ মাহ হিচাপে লৈ তেওঁৰ লিখনিসমূহৰ ইউনিক’ডত উপলব্ধ কৰা হৈ আহিছে৷ তেনেদৰে ৱিকিপিডিয়াতো মাহেকীয়াকৈ একোটা থীম বাচি লৈ সেইসম্পৰ্কীয় আনুসংগিক প্ৰবন্ধসমূহ যোগ দিয়াৰ চেষ্টা কৰিলে কেনে হয়?
#
# '''ৱিকিত সম্পাদনাৰ অসমীয়া ভিডিঅ’/ব্লগৰ লেখা''': আজিকালি নজনা কাম এটা কৰিবলৈ লৈয়ে প্ৰায় সকলোৱে কেনেকৈ কৰিব সেয়া গুগুলত বা ইউটিউবত খুঁচৰি চায়৷ তাত একো নাপালেহে হয়তো কাৰোৱাক সোধে৷ এইকাৰণেই মই ভাৱো, ইউটিউবত ৱিকিত কি কেনেকৈ সম্পাদনা কৰিব সেইসম্পৰ্কে অসমীয়াতে ভিডিঅ’ থকাৰ বা সেইসম্পৰ্কীয় ব্লগৰ লেখনি থকাৰ দৰকাৰ৷
#
# '''ৱিকিক্লাৱ''': মই জনাত শিলচৰ আৰু তেজপুৰত কেইবছৰমান আগতে এনে ৱিকিক্লাৱ গঠন হৈছিল কিন্তু বৰ্তমান হয়তো আগৰদৰে সক্ৰিয় নহয়৷ অসমৰ বিভিন্ন জিলাত থকা বৰ্তমানৰ সক্ৰিয় সদস্যসকলে যদি অন্য আগ্ৰহী কেইজনমানক লৈ এনে ক্লাৱ গঠন কৰাৰ কথা ভাৱিব পাৰে৷ সুবিধা অনুযায়ী মাহে-পষেকে তেওঁলোকে একেলগে ৱিকিৰ কাম-কাজ কৰা, কিবা সমস্যা হ’লে জনা জনে দেখুৱাই দিয়া আদি কৰিব পাৰিলেই যথেষ্ট৷
#
# '''শিক্ষানুষ্ঠানৰ কম্পিউটাৰ/অসমীয়া বিষয়ত অন্তৰ্ভুক্তি:''' অসমৰ মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত কম্পিউটাৰ বা অসমীয়া বিষয়ত ছাত্ৰ-ছাত্ৰীক এছাইন্টমেন্ট বা চেমিনাৰৰ বিষয় হিচাপে ৱিকিপিডিয়া বা ৱিকিউৎসৰ কাম দিয়াৰ প্ৰস্তাৱটো মাজে-সময়ে ওলাই থাকে কিন্তু মই জনাত কাৰ্য্যক্ষেত্ৰত এতিয়াও হোৱাগৈ নাই৷ অন্য দেশত সচেতন শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজা প্ৰচেষ্টাৰে এনে কাম কৰাৰ খৱৰ পাই থাকোঁ৷ এই এটা পদক্ষেপেই অসমীয়া ৱিকিমিডিয়াৰ প্ৰকল্পসমূহক বহু আগবঢ়াই নিব পৰাৰ সম্ভাৱনা আছে৷
#
# '''বাতৰি কাকত/আলোচনীত ৱিকিপত্ৰিকাৰ শিতান:''' ৱিকিপত্ৰিকাৰ বাবে বা ৱিকিৰ বা-বাতৰিসমূহৰ বাবে কোনো কাকত/আলোচনীত নিয়মীয়াকৈ এটা সৰু শিতান লোৱাৰ কথা ভাৱিব পাৰিনে? এনে এটা শিতান হ’লে ৱিকিৰ ভিজিবিলিটি যথেষ্ট বঢ়াৰ আশা আছে৷
#
# '''ৱিকি কৰ্মশালা/চাহমেল:''' ৱিকি কৰ্মশালা/চাহমেল ইতিমধ্যে কেইবাখনো হৈ গৈছে৷ মই ভাৱো,বছৰেকৰ মূৰত গুৱাহাটীত কেইবাদিনীয়া (ট্ৰেইন দ্য ট্ৰেইনাৰ বা CIS A2K ৰ অন্য অনুষ্ঠানৰ কথা কোৱা নাই) এই চাহমেলবোৰ মাথোঁ কেইজনমান আগ্ৰহীলোকক লৈয়ে নিয়মীয়াকৈ অসমৰ বিভিন্ন জিলাত অনুষ্টুপীয়াকৈ পতাত গুৰুত্ব দিব লাগে৷ ৱিকিক্লাৱসমূহে এইক্ষেত্ৰত আগভাগ ল’ব পাৰে৷
#
# '''অসম সংক্ৰান্তীয় চিত্ৰ''': ৱিকিকমনছত অসমৰ ঠাই, কলা-সংস্কৃতি, ক্ৰীড়া, ব্যক্তিত্ব, পৰম্পৰা যিয়ে নহওক প্ৰায়বোৰ বিষয়তে চিত্ৰৰ অভাৱ৷ অথচ আজিকালি সকলোৰে হাতে হাতে স্মাৰ্টফোন আৰু ছ’ছিয়েল মেডিয়াত ফটোৰ লেখ-জোখ পাবলৈ নাই! অসম সংক্ৰান্তীয় চিত্ৰ কমনছত আপল’ড কৰিবলৈ ৰাইজক কেনেকৈ উৎসাহ দিব পাৰি বাৰু? মই ভাৱি পোৱা এটা উপায় হ’ল, ৱিকিপত্ৰিকাৰ নিৰ্বাচিত চিত্ৰৰ বাবে মাহেকীয়া প্ৰতিযোগিতা পাতি পুৰষ্কাৰ হিচাপে ৱিকিসংক্ৰান্তীয় কিবা এটা (টিচাৰ্ট/মাগ?) আগবঢ়োৱা৷ আপোনালোকে কি কয়?
#
# '''ছ’ছিয়েল মিডিয়াত প্ৰচাৰ:'''শেহতীয়াকৈ ফে’চবুক/টুইটাৰ/ইনষ্ট’গ্ৰামত অসমীয়া ৱিকিৰ সক্ৰিয়তা বাঢ়িছে৷ ৰাইজেও অনলাইন ৱিকিৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে খা-খৱৰ পাইছে৷ এইটো খুবেই ভাল লক্ষণ৷ মাথোঁ উনুকিয়াই থ’লো এইকাৰণেই যে এই সক্ৰিয়তাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবৰ বাবে একাউন্টবোৰ একাধিক সদস্যই চলাব পাৰিলে ভাল যাতে এজনৰ ওপৰতে সকলো দায়িত্ব নপৰে আৰু কোনো এজন অন্য কামৰ হেঁচাত কিছুসময়ৰ বাবে আঁতৰি থাকিবলগা হ’লেই একাউন্টবোৰ নিস্ক্ৰিয় হৈ নাযায়৷
#
# '''ৱিকিপদক''': এইটো ইতিমধ্যে কৰি অহা হৈছে৷ উল্লেখ কৰিলোঁ এইকাৰণেই যে অসমীয়া ৱিকিমিডিয়াৰ সকলো সক্ৰিয় সদস্যই একো একোজন প্ৰকৃত অসমীয়া- যি নিজৰ জাতিৰ বাবে, ভাষাৰ বাবে নিস্বাৰ্থভাৱে নিজৰ সাৰ্মথ্য অনুসৰি নিৰলস অৱদান আগবঢ়াই আহিছে৷ গতিকে মোৰ বোধেৰে আমি সকলোৱে ইজনে সিজনক উৎসাহ যোগাবলৈ, দুই-এটা পদক আগবঢ়াবলৈ/গ্ৰহণ কৰিবলৈ সংকোচ কৰিব নালাগে :)
 
ওপৰৰ কোনো বিশেষ প্ৰস্তাৱৰ লগত একমত আৰু ইয়াৰ কাৰ্য্যকৰীকৰণত আগ্ৰহী হ’লে প্ৰস্তাৱৰ তলত মন্তব্য দি আগ্ৰহ প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিলোঁ৷
 
-[[সদস্য:Joli|জলি বৰা]] ([[সদস্য বাৰ্তা:Joli|talk]]) 13:33, 15 June 2019 (ইউ.টি.চি.)
== মন্তব্য ==
*[[সদস্য:Bhaskarjyoti Bhuyan|Bhaskarjyoti Bhuyan]] ([[সদস্য বাৰ্তা:Bhaskarjyoti Bhuyan|talk]]) 14:35, 15 June 2019 (ইউ.টি.চি.)
* নিশ্চয়েই ভাল হব। <span style="text-shadow:gray 3px 3px 3px;">[[User:দিব্য দত্ত|<font color="#663300">'''দিব্য দত্ত'''</font>]]&nbsp;([[User Talk:দিব্য দত্ত|বাৰ্তা]])</span> 15:56, 15 June 2019 (ইউ.টি.চি.)