বীজগণিত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
37 নং শাৰী:
==='''সহগ:'''===
এটা ৰাশিৰ পদ সমূহৰ সাংখ্যিক উৎপাদকটোকে পদটোৰ সাংখ্যিক সহগ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে 5xy পদটোৰ সহগ হৈছে 5। একেদৰে -x ৰ সহগ হৈছে -1। অৱশ্যে কেতিয়াবা সহগ বুলিলে কেৱল সাংখ্যিক উৎপাদকটোকেই নুবুজাবও পাৰে। এইক্ষেত্ৰত যদি এটা পদ 10xyত, y ৰ সহগ কি বুলি সোধা হয়, তেন্তে উত্তৰ হ'ব 10x। একেদৰে 10x ৰ সহগ হ'ব y।
 
== '''বীজগণিতীয় ৰাশিৰ যোগ আৰু বিয়োগ প্ৰক্ৰিয়া''' ==
এযোৰ বা অধিক বীজগণিতীয় ৰাশিৰ যোগ প্ৰক্ৰিয়াত প্ৰথমে সদৃশ পদৰ যোৰ সমূহ একত্ৰিত কৰা হয় আৰু পদ সমূহৰ গাণিতিক সহগ সমূহ যোগ কৰা হয়। এই যোগফলটো পূৰ্বৰ সদৃশ পদ সমূহৰ সৈতে সদৃশ হ'ব। আনহাতে বিসদৃশ পদ সমূহ কোনো পৰিৱৰ্তন নোহোৱাকৈয়ে ৰখা হয়। এই যোগ প্ৰক্ৰিয়াটো দুটা পদ্ধতিৰে কৰা হয়-
 
ক)অনুভূমিক পদ্ধতি(Horizontal method) আৰু
 
খ)স্তম্ভ-লেখন পদ্ধতি(Column method)।
 
এই পদ্ধতি ব্যৱহাৰ কৰি বীজগণিতীয় ৰাশিৰ যোগ প্ৰক্ৰিয়া দেখুওৱা হ'ল-
 
অনুভূমিক পদ্ধতি:
 
দুটা ৰাশি ক্ৰমে 5x² + 7y - 8, আৰু 6 – 5y + 4x² ৰ যোগফল হ'ব-
 
(5x² + 7y - 8)+(6-5y + 4x²)
 
=(5x²+4x²)+(7y-5y)-(8+6)
 
=9x²+2y-2
 
আকৌ সম্ভ-লেখন পদ্ধতি:
 
তিনিটা ৰাশি ক্ৰমে 8x² - 5xy + 3y², 2xy - 6y² + 3x² আৰু y² + xy - 6x² ৰ যোগফল হ'ব-
 
8x² - 5xy + 3y²
 
3x² - 2xy - 6y²
 
-6x² +  xy +  y²
 
_____________
 
5x² - 2xy - 2y²
 
  _____________
 
= 5x² - 2xy - 2y²
 
বীজগণিতীয় ৰাশিৰ বিয়োগৰ ক্ষেত্ৰটো এই একেই পদ্ধতি অৱলম্বন কৰা হয়।
 
=='''বীজগণিতীয় শাখা আৰু ক্ষেত্ৰ'''==
"https://as.wikipedia.org/wiki/বীজগণিত"ৰ পৰা অনা হৈছে