ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2405:204:B389:B8BF:897F:F973:24EA:6DCD (আলোচনা) সম্পাদিত 177416 সংশোধনটি বাতিল কৰক
No edit summary
4 নং শাৰী:
 
== ৱিকিপিডিয়া কি? ==
ৱিকিপিডিয়া এখন ইন্টাৰনেটইণ্টাৰনেট বিশ্বকোষ। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লিখকে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে ইয়াক সংকলিত কৰি উলিয়াইছে। প্ৰায় ৪২৫৮ লক্ষ্যাধিক প্ৰবন্ধৰে ইংৰাজী ৱিকিপিডিয়াখনেই বিভিন্ন ভাষাৰ ভিতৰত সৰ্ববৃহৎ ৱিকিপিডিয়া। ২০২৪ টা ভাৰতীয় ভাষাকে ধৰি এতিয়ালৈকে পৃথিৱীৰ ২৮৭টা৩০৪ টা ভাষাত (অক্টোবৰজুলাই, ২০১৪ৰ২০১৯ৰ তথ্য অনুসৰি) ৱিকিপিডিয়া প্ৰকাশিত হৈছে। ৱিকিপিডিয়াৰ প্ৰায় প্ৰতিটো প্ৰবন্ধই একাধিক লেখকৰ "[[সহযোগিতামূলক সংকলন]]"।
 
ৱিকিপিডিয়াৰ সহ-প্ৰতিস্থাপক জিমী ৱেলচৰ মতে ৱিকিপিডিয়া হৈছে "পৃথিৱীৰ প্ৰত্যেক ব্যক্তিৰ মাতৃভাষাতে এখন উৎকৃষ্ট মানৰ বহুভাষিক মুক্ত বিশ্বকোষ ৰচনাৰ প্ৰয়াস।" ৱিকিপিডিয়াৰ লক্ষ্য হৈছে সকলোৱে বিনামূলীয়াকৈ পাবপৰাকৈ জ্ঞানৰ বিতৰণ।
25 নং শাৰী:
 
== মই লিখিব খোজা বিষয়টোৰ ওপৰত মোৰ সবিশেষ জ্ঞান থকাটো প্ৰয়োজনীয় নেকি? ==
এইটো ৱিকিপিডিয়া সম্পৰ্কে মানুহৰ এটা ভুল ধাৰণা আৰু তালৈ অৱদান আগবঢ়োৱাৰ বাবে দ্বিধাবোধ কৰাৰ এক প্ৰধান কাৰণ। ৱিকিপিডিয়াত লিখিবলৈ আপুনি কোনো বিষয়ৰে বিশেষজ্ঞ হোৱাৰ প্ৰয়োজন নাই। প্ৰকৃততে কোনো ৱিকিপিডিয়া প্ৰবন্ধই মাত্ৰ এজন অৱদানকাৰীৰ ফচল নহয়। প্ৰতিটো প্ৰবন্ধৰ আঁৰত বিভিন্ন ঠাইৰ বিভিন্ন অৰ্হতা থকা অৱদানকাৰীৰ হাত আছে।
 
উদাহৰণস্বৰূপে ধৰা হওক যে শিৱসাগৰৰ এজন পঢ়াশলীয়া ছাত্ৰই কম্পিউটাৰৰ ওপৰত লিখিব খুজিছে। তেওঁৰ সীমিত জ্ঞানেৰে কম্পিউটাৰ কি বস্তু তাৰ ওপৰত কেৱল এটা অনুচ্ছেদহে লিখিব পাৰিলে। কিছুদিন পিছত গুৱাহাটীৰ এজন কাৰিকৰী বিদ্যাৰ ছাত্ৰই প্ৰবন্ধটো দেখি তাত আৰুপাঠ্যপুথিৰ পৰা অলপ কথা যোগ দিলে। তাৰ কিছুদিন পিছত বাংগালোৰতবেংগালুৰুত চাকৰি কৰি থকা অসমীয়া তথ্য-প্ৰযুক্তিবিদ এজনে প্ৰবন্ধটোত কাৰিকৰী খুঁতি-নাটিৰ লগতে কেইখনমান চিত্ৰ যোগ কৰিলে। এনেকৈ বিভিন্নজনৰ অৱদানেৰে লাহে লাহে প্ৰবন্ধটো ৱিকিপিডিয়াৰ এটা উত্‍কৃষ্ট প্ৰবন্ধলৈ ৰূপান্তৰিত হ'ল। ৱিকিপিডিয়াৰ প্ৰত্যেক প্ৰবন্ধৰ আঁৰত একেধৰণৰ প্ৰক্ৰিয়া লুকাই আছে। আপুনিও ইয়াৰ সহযোগী হ'ব পাৰে। আপুনি নতুন প্ৰবন্ধ যোগ দিব পাৰে বা আগতে থকা প্ৰবন্ধ উন্নত কৰিব পাৰে। নতুন প্ৰবন্ধ যোগ দিয়াৰ এটা সহজ উপায় হৈছে আন ভাষাৰ ৱিকিপিডিয়াত নিৰ্দিষ্ট বিষয়টো বিচাৰি লৈ তাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা।
 
== ৱিকিপিডিয়াত কি লিখিব লাগে বা নালাগে তাৰ কোনো নিৰ্দেশনা আছে নেকি?==
আপুনি ৱিকিপিডিয়াত যিকোনো বিষয়ৰ ওপৰত প্ৰবন্ধ লিখিব পাৰে, মাত্ৰ ই বিশ্বকোষত অন্তৰ্ভুক্ত হোৱাৰ উপযুক্ত হ'ব লাগিব। ৱিকিপিডিয়াত সন্নিবিষ্ট হ'ব পৰা বিষয় আৰু তাৰ লিখাৰ ধৰণৰ ওপৰত কেতবোৰ নীতি-নিৰ্দেশনা আছে। সবিশেষ জানিবলৈ [[ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়]] পৃষ্ঠাটো চাব পাৰে।
 
== ৱিকিপিডিয়াত মই সৃষ্টি কৰা প্ৰবন্ধটো অনেকে সম্পাদনা কৰিলে। কিয় এনে হ'ল?==
ৱিকিপিডিয়াৰ থকা প্ৰবন্ধৰ ওপৰত কোনো এজন মানুহৰে অধিকাৰিতা নাই। ই এক সহযোগিতামূলক প্ৰচেষ্টা আৰু কোনোৱেই প্ৰবন্ধৰ অংশবিশেষ বা গোটেইটোৰ ওপৰত হস্তক্ষেপ কৰিব নালাগে। প্ৰবন্ধ সংশোধন, যোগ বা বিলোপ কৰা হ'ব পাৰে। যদি কোনো সদস্যই কৰা সালসলনি ৱিকিপিডিয়াৰ বাবে গ্ৰহণযোগ্য নহয় বা তাৰ উত্‍স বিশ্বাসযোগ্য নহয়, তেন্তে সেই ক্ষেত্ৰত ৱিকিপিডিয়াৰ কিছু নিজা নীতি আছে। প্ৰবন্ধত আনে হাত ফুৰোৱাৰ বাবে কেতিয়াবা মনোমালিন্য হোৱা দেখা যায়, তেতিয়া আলোচনাৰ মাজেৰে প্ৰবন্ধটোক উপযুক্ত ৰূপ দিব পাৰি।
 
== ৱিকিপিডিয়ালৈ কোনে বৰঙণি আগবঢ়াব পাৰে? ==
জাতি, সংস্কৃতি, অৰ্হতা নিৰ্বিশেষে জ্ঞানৰ প্ৰতি ধাউতি থকা সকলো মানুহেই ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াব পাৰে, লাগিলে তেওঁ পঢ়াশলীয়া ছাত্ৰ, পূৰ্বৰ সৈনিক, শিক্ষক, খেতিয়ক, গৃহিণী, ছফ্টৱেৰ বিশেষজ্ঞ, চৰকাৰী চাকৰিয়ালেই হওক। জ্ঞান বিলাবলৈ আগ্ৰহ কৰা সকলো মানুহেই ৱিকিপিডিয়াত মিলিত হৈছে আৰু জ্ঞানৰ আদান-প্ৰদানেৰে বৰ্তমান বা ভৱিষ্যত প্ৰজন্মলৈ এক সুন্দৰ উপহাৰ আগবঢ়াইছে। ৱিকিপিডিয়াত লিখা বা প্ৰবন্ধত হাত ফুৰোৱা ব্যক্তিসকলক একো একোজন "সম্পাদক" (Editor) বোলা হয়।
 
== ইংৰাজীৰ বাহিৰে আন ভাষাত ৱিকিপিডিয়া আছেনে? অসমীয়া বা আন ভাৰতীয় ভাষাত ৱিকিপিডিয়া আছেনে? ==
বৰ্তমানলৈ পৃথিৱীৰ ২৮৭টা৩০৪ টা ভাষাত ৱিকিপিডিয়া প্ৰকাশিত হৈছে।হৈছে আৰু ইয়াৰে ২৯৪ টা ভাষাত সক্ৰিয়। অসমীয়া ভাষাটো এখন ৱিকিপিডিয়া আছে। প্ৰথমখন ৱিকিপিডিয়া আছিল ইংৰাজী ভাষাৰ, ২০০১ চনৰ ১৫ জানুৱাৰীত ইয়াৰ আৰম্ভণি হৈছিল। তাৰ দুমাহ পিছত ২০০১ চনৰ মাৰ্চত জাৰ্মান ভাষাত ৱিকিপিডিয়া আৰম্ভ হ'ল। তাৰ পিছত লাহে লাহে ফৰাছী, চীনা, ডাট্‌ছ, হিব্ৰু, ইটালিয়ান, ৰাছিয়ান আদি ভাষাৰ ৱিকিপিডিয়াৰ বিকাশ হ'ল।
 
প্ৰথম বছৰত কোনো ভাৰতীয় ভাষাৰে নিজা ৱিকিপিডিয়া নাছিল। ২০০২ চনৰ জুন মাহত অসমীয়া, পাঞ্জাবী আৰু উৰিয়া ৱিকিপিডিয়াৰ শুভাৰম্ভ হ'ল। সেই বছৰৰে ডিচেম্বৰত মালায়ালম ৱিকিপিডিয়া আৰম্ভ হ'ল। ২০০৩ চনত ব্যস্ততা আৰু বাঢ়িল। ফেব্ৰুৱাৰীত ভোজপুৰী, মে' মাহত মাৰাঠী, জুনত কন্নড়, জুলাইত হিন্দী, ছেপ্তেম্বৰতছেপ্টেম্বৰত তামিল, তেলেগু, গুজৰাটী আৰু পিছৰ বছৰৰ জানুৱাৰীত বাংলা ৱিকিপিডিয়াৰ আৰম্ভণি হ'ল। এতিয়া সংস্কৃত আৰু পালিকে ধৰি বিশটা২৪ টা ভাৰতীয় ভাষাত ৱিকিপিডিয়া উপলব্ধ।
 
২০১৪২০১৯ চনৰ অক্টোবৰলৈকেজুলাইলৈকে ৪.৬৫৮ নিযুততকৈও অধিকলক্ষাধিক প্ৰবন্ধৰে ইংৰাজী ৱিকিপিডিয়াই বৰ্তমান সৰ্ববৃহত্‍ ৱিকিপিডিয়া। অসমীয়া ৱিকিপিডিয়াত একে সময়লৈকে প্ৰায় ২৯০০৫৬০০ টা প্ৰবন্ধ আছে।
 
== মই ইংৰাজীত পাৰ্গত। অসমীয়া ৱিকিপিডিয়াত মই কিয় লিখিব লাগে? ==
50 নং শাৰী:
সাংস্কৃতিক বা ভাষাগত সমস্যাৰ বাবে বহুতো স্থানীয় তথ্যৰ অনুবাদ ইংৰাজী ৱিকিপিডিয়াত ভালকৈ ফুটি নুঠিব পাৰে। তেনে ক্ষেত্ৰত ইংৰাজীলৈ অনুবাদ কৰাৰ সলনি সেইবোৰ স্থানীয় ভাষাতে প্ৰকাশ কৰা ভাল। ইংৰাজীত থাকিলে পঢ়ুৱৈয়ে সেয়া মাতৃভাষালৈ অনুবাদ কৰিলে ভালদৰে বুজাত সহায় হ'ব। কোনো কোনো ক্ষেত্ৰত ইংৰাজীলৈ কৰা অনুবাদ অতি বিদ্যায়তনিক আৰু তেতিয়া বহুতো কথা সাধাৰণ মানুহৰ পৰা লুকাই পৰে।
 
বহুতো ভাৰতীয় বা অসমীয়া ইংৰাজী ভাষাত পাৰ্গত নহয়, কিন্তু মাতৃভাষা কম-বেছি সকলোৱেই জানে। ইংৰাজী ভাষা নজনাৰ বাবেই মানুহক জ্ঞান লভিবলৈ সুযোগ নিদিয়াটো ভুল কথা হ'ব।
 
== মই অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ বিছাৰিছোঁ। কিন্তু মই অসমীয়া টাইপ কৰিব নাজানো। কি কৰিম?==
অসমীয়া ৱিকিপিডিয়াত টাইপ কৰিবলৈ বহুতো উপায় আছে। বাহিৰা সঁজুলিৰ সহায় নোহোৱাকৈ অসমীয়া ৱিকিপিডিয়াত লিখিবৰ বাবে এটা অন্তৰ্ৱৰ্তী সঁজুলি সন্নিবিষ্ট কৰা হৈছে। বৰ্তমান ইয়াত 'লিপ্যন্তৰপ্ৰতিৰূপন্তৰণ', 'অভ্ৰ', 'বৰ্ণনা' আৰু 'অসমীয়া ইন্‌স্ক্ৰিপ্ট' আৰু 'ৰ'দালি'ৰে টাইপিঙৰ সুবিধা আছে। তাৰ বাহিৰেও আপুনি ইণ্টাৰনেটত উপলব্ধ বাহিৰা টাইপিং সঁজুলি ব্যৱহাৰ কৰিব পাৰে। অধিক তথ্যৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ "সহায়:Assamese script display and Input help" পৃষ্ঠাখনৰ শেষ অংশ চাব পাৰে।
 
== মই ৱিকিপিডিয়াত কিয় প্ৰবন্ধ লিখিব লাগে? মোৰ কি লাভ হ'ব? ==
আমি বিভিন্ন সময়ত বিভিন্ন সূত্ৰৰ পৰা নানা জ্ঞান লাভ কৰোঁ। সেইবোৰ হেৰাই যাবলৈ নিদি ভালদৰে সাঁচি থোৱাটো আৰু আনৰ মাজত বিতৰণ কৰাটো এক সামাজিক দায়িত্ব। সঞ্চয় কৰি নোথোৱাৰ দোষতে বহু মূল্যৱান তথ্য হেৰাই যায়। ৱিকিপিডিয়াৰ যোগেদি আমাৰ একত্ৰিত জ্ঞান সমাজলৈ মুকলি কৰি দি আমি উত্তৰ-প্ৰজন্মৰ বাবে আমাৰ স্বাভাৱিক দায়িত্ব পালন কৰিছোঁ।
 
জ্ঞান বিলাই দিয়াৰ তৃপ্তিয়েই এজন ৱিকিপিডিয়াৰ বাবে বঁটাস্বৰূপ। বিলালে জ্ঞান নকমে, বাঢ়িহে যায়। আমাৰ পূৰ্বজে ৰাখি থৈ যোৱা জ্ঞানৰ পোহৰেৰে আমি জানো ধনী হোৱা নাই? অসমীয়া
 
ইণ্টাৰনেটৰ আন যিকোনো ৱেবচাইটৰ বিপৰীতে ৱিকিপিডিয়াত সম্পাদকসকলে নিজৰ নিজৰ ভালপোৱা বিষয়ৰ তথ্য সময় অনুসৰি সলনি আৰু সম্পূৰ্ণ কৰি ৰাখে। ৱিকিপিডিয়াৰ লেখকসকলে সদায় কৈ আহিছে যে কোনো বিষয় ওপৰত লিখাৰ আগতে আগতেসময়ত সেইটো খৰচি মাৰি পঢ়াৰ বাবে তেওঁলোকৰ নিজৰো লাভ হয়। আপোনাৰ প্ৰবন্ধটোত অধিক অৰ্হতাবিশিষ্ট আন ব্যক্তিয়ে হাত ফুৰোৱাৰ ফলত বিষয়টো অধিক স্পষ্ট হৈ উঠে। লগতে আপুনি ভাল পোৱা বিষয়ৰ ওপৰত আন ৱিকিপিডিয়ানৰ সৈতে হোৱা কথা-বতৰাইও আপোনাক জ্ঞানৰ নতুন নতুন দিগন্ত মুকলি কৰাত সহায় কৰিব।
 
==ৱিকিপিডিয়াত লিখাৰ বাবে মই কিবা মাননি পাম নেকি?==
ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়োৱাৰ বাবদ আপুনি কোনোধৰণৰ মাননি লাভ নকৰে। ই এক জ্ঞানৰ আদান-প্ৰদানৰ ক্ষেত্ৰহে। সময়ে পাহৰাই দিব পৰা জ্ঞান বা তথ্য আনৰ মাজত বিলাই দিবলৈ আৰু তাৰ লগতে নিজৰো জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ ৱিকিপিডিয়াই আপোনাক সহায় কৰিব। ৱিকিপিডিয়াৰ এজন সদস্যই কোৱা অনুসৰি "জীৱনত কিছুমান এনে কাম কৰা হয় যাক মূল্যৰে জুখিব নোৱাৰি।" ইণ্টাৰনেটৰ যুগত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ স্বেচ্ছাসেৱকসকলে মাননিৰ বাঞ্ছা নকৰাকৈ নীৰৱে বৰঙণি আগবঢ়াই আহিছে।
 
অৱশ্যে সময়ে সময়ে অনুষ্ঠিত হোৱা ৱিকিপিডিয়াৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি বিজয়ী হ'লে নানা পুৰষ্কাৰ আগবঢ়োৱা হয়।
 
== অসমীয়া ৱিকিপিডিয়াৰ ইতিহাসৰ বিষয়ে অলপ ক'ব পাৰিবনে?==
এই শতিকাৰ প্ৰথম দশকৰ আৰম্ভণিৰ বছৰকেইটাত অসমীয়া টাইপিং সজুঁলি আৰু পদ্ধতি সহজলভ্য নাছিল। গতিকে ২০০২ চনৰ ২ জুনত অসমীয়া ৱিকিপিডিয়া মুকলি কৰা হোৱাৰ পিছতো ইয়াৰ কাম অলপো আগবঢ়া নাছিল। তাৰ কিছুবছৰ পিছত যেতিয়া প্ৰতিটো আখৰ বা সংখ্যাক এক অদ্বিতীয় চিহ্ন প্ৰদান কৰা পদ্ধতি বা "ইউনিক'ড" জনপ্ৰিয় হ'বলৈ ধৰিলে তেতিয়াৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত কাম-কাজ আৰম্ভ হ'ল।
 
২০০৬ চনত চেপ্টেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ প্ৰথম কেইগৰাকী প্ৰশাসকৰ উদ্যোগত বেটুপাতৰ লগতে আন আন মূল পৃষ্ঠাসমূহ সাজি উলিওৱা হয়। ২০০৭ চনৰ ১২ মে'ত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ১০০টা হয়। একে মাহৰে ২০ তাৰিখে এই সংখ্যাই ১৫০ অতিক্ৰম কৰে।
 
তাৰ পিছত অসমীয়া ৱিকিপিডিয়াৰ প্ৰতি মানুহৰ আগ্ৰহৰ অভাৱত দীৰ্ঘ সময় ধৰি কাম-কাজৰ গতি স্থবিৰ হৈ পৰে। সামাজিক যোগাযোগৰ মাধ্যম ফে'চবুকতফেইচবুকত অসমীয়া ৱিকিপিডিয়াৰ গোট এটাও মুকলি কৰা হয়। ছেগোছেৰোকাকৈ দুই-একে প্ৰবন্ধ লিখি থকাৰ ফলত ২০১০ চনৰ ফেব্ৰুৱাৰীত প্ৰবন্ধ সংখ্যা ২৫০ হয়। সেই সময়তে ভাৰতীয় ৱিকি প্ৰকল্পসমূহৰ উন্নয়নৰ বাবে খাটি থকা অনা-অসমীয়া ৱিকিপিডিয়ান এজনৰ প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়া পুনৰ সক্ৰিয় হৈ পৰে। সহায় পৃষ্ঠা, আৰু দৰকাৰী সাঁচ আৰু প'ৰ্টেলসমূহৰসাঁচসমূহৰ কাম-কাজো আৰম্ভ হয়।
 
২০১১২০১২ চনৰ ১০ চেপ্তেম্বৰতজানুৱাৰীত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ৬০০ টা হয় আৰু ২০১২ চনৰ ৭ জানুৱাৰীত ১০০০টা হয়। ২০১২ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ক্ৰমে গুৱাহাটী আৰু তেজপুৰত দুখন ৱিকিপিডিয়া কৰ্মশালা অনুষ্ঠিত হয়। ২০১২ চনৰ জুন মাহত অসমীয়া ৱিকিপিডিয়াৰ দশম বৰ্ষপূৰ্তী অনুষ্ঠান উদ্‌যাপন কৰা হয়। অক্টোবৰ মাহত "অসমীয়া ৱিকিপিডিয়া শিক্ষা প্ৰকল্প"ৰ শুভাৰম্ভ কৰা হয়। ২০১৩ চনৰ জানুৱাৰী মাহত ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ২০০০টা হয়। শেহতীয়াকৈ সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা লাহে-লাহে বাঢ়ি আহিছে আৰু ন-ন সদস্যই এই কামত যোগ দিছে।
 
==ৱিকিপিডিয়াৰ বাহিৰে আন কি কি ৱিকি প্ৰকল্প আছে?==
মুক্ত ইণ্টাৰনেট বিশ্বকোষ ৱিকিপিডিয়াৰ অপাৰ সফলতাৰ পাছত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে আন আন জ্ঞানদায়ী প্ৰকল্প আৰম্ভ কৰিবলৈ মন মেলিলে। তাৰে কিছুমান হৈছে- এখন বহুভাষিক মুক্ত অভিধান "ৱিক্সনেৰী" (Wiktionary), ৰাজহুৱা প্ৰান্ত আৰু বিনামূলীয়া অনুজ্ঞাপত্ৰ থকা গ্ৰন্থ সাঁচি ৰখা স্থান "ৱিকিচ'ৰ্ছ" (Wikisource), বিনামূলীয়া বিষয়বস্তুৰ পাঠ্যপুথিৰ স্থান "ৱিকিবুক্‌ছ" (Wikibooks), সহযোগিতামূলক সাংবাদিকতাৰে মুক্ত উত্‍সৰ বা-বাতৰিৰ ক্ষেত্ৰ "ৱিকিনিউজ" (Wikinews), বিভিন্ন বিখ্যাত উক্তিৰ সংগ্ৰহ "ৱিকিকোৱ'ট" (Wikiquote), অনলাইন মাল্টিমিডিয়া ফাইলৰ ভঁৰাল "কমন্স" (Commons) আদি।
 
ইয়াৰ ভিতৰত "ৱিকিঅভিধান" (Wiktionary) আৰু "ৱিকিউদ্ধৃতি" (Wikiquote) অসমীয়াত ভাষাত আৰম্ভ কৰা হৈছিল যদিও দীৰ্ঘসময়ৰ নিক্ৰিয়তাৰ বাবে সেইবোৰ এতিয়া বন্ধ কৰি ৰখা হৈছে। এবছৰমান২০১৩ চনৰ জানুৱাৰীত অসমীয়া "ৱিকিউৎস"ই (Wikisource) নিজা উপ-ডমেইন লাভ কৰিছে।
 
==ইংৰাজী ৱিকি প্ৰকল্প থকাৰ পিছত অসমীয়া ৱিকি প্ৰকল্পৰ গুৰুত্ব কি?==
ৱিকিমিডিয়া ফাউণ্ডেশ্যন বা ৱিকিপিডিয়াৰ উদ্দেশ্য হৈছে জ্ঞানৰ উত্‍স মুকলি কৰা আৰু সকলোৰে মাজত বিলাই দিয়া। অসমীয়াইয়াৰ ৱিকিপিডিয়াৰলগতে তাৰঅসমীয়া লগতেৱিকিপিডিয়াৰ আন এক উদ্দেশ্য হৈছে চাইবাৰ যুগত অসমীয়া ভাষা জীয়াই ৰখা আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰা।
 
এই যুগত শিক্ষা ব্যৱস্থা ছাত্ৰ-প্ৰধান আৰু পৰীক্ষা-ভিত্তিক হৈ পৰিছে বাবে মূল পাঠ্যপুথিৰ বাহিৰেও জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাটো দৰকাৰী হৈ পৰিছে। বিদ্যালয় আৰু ঘৰত ইণ্টাৰনেট উপলব্ধ হৈ অহাৰ লগে লগে ল'ৰা-ছোৱালীয়ে অসমীয়া ৱিকিপিডিয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। বিজ্ঞান, জীৱনী, ভাষা আদি বিভিন্ন বিষয়ৰ প্ৰবন্ধ অসমীয়া ৱিকিপিডিয়াত আছে। তাৰোপৰি আজিকালি সহজতে ইণ্টাৰনেটত নজনা কথা এটা বিচাৰি চোৱাৰ অভ্যাসক অসমীয়া ৱিকিপিডিয়াই সহায় কৰিব পাৰিব। গুগল বা বিঙৰ দৰে চাৰ্ছ ইঞ্জিনসমূহত কিবা এটা বিষয় সন্ধান কৰিলে সাধাৰণতে ৱিকিপিডিয়াৰ প্ৰবন্ধটোকে প্ৰথমে দেখুওৱা হয়। প্ৰবন্ধ সংখ্যা বাঢ়ি অহাৰ লগে লগে বৃহত্‍ কলেৱৰৰ বিশ্বকোষ কিতাপতকৈ এই মুক্ত ইণ্টাৰনেট বিশ্বকোষৰ গুৰুত্ব বাঢ়ি আহিব বুলি আশা কৰা হৈছে।
 
অসমীয়া ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই আপুনি নিজৰ লগতে আনৰো জ্ঞান বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিছে। তাৰ লগতে অসমীয়া ভাষাৰ বিকাশ আৰু উন্নয়নতো ই অৰিহণা যোগাব।
Line 94 ⟶ 96:
ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহ বহু স্বেচ্ছাসেৱকে লিখি উলিয়ায়। তাৰে কিছুমানৰ জ্ঞান বেছি থাকিব পাৰে, কিছুমানৰ ভাষাৰ দখল হয়তো বেছি, কিছুমান প্ৰুফ চোৱাত ভাল, কোনো কোনো কাৰিকৰী কামত পাৰ্গত হ'ব পাৰে। এই সকলোৱে একেলগে কাম কৰিলেহে প্ৰবন্ধ এটাই নিখুঁত ৰূপ পায়।
 
বেছিভাগ অৱদানকাৰীয়েই ভাল উদ্দেশ্য এটা মনত লৈ ৱিকিপিডিয়াত যোগ দিছে। কিন্তু তাৰে ভিতৰত কিছুমান বেয়া উদ্দেশ্য পুহি ৰখা লোক থাকিব পাৰে। ৱিকিপিডিয়াৰ নীতি হৈছে সত্যাপনযোগ্য তথ্যসূত্ৰৰে জ্ঞানৰ আদান-প্ৰদান কৰা। যিকোনো লোকে সম্পাদনা কৰিব পৰা ৱিকিপিডিয়াৰ সুবিধাৰ গইনা লৈ বেয়া বা পৰীক্ষামূলক কাম কৰা মনোবৃত্তিৰ লোকে প্ৰবন্ধৰ গুণাগত মান হ্ৰাস কৰিব পাৰে বা বিশ্বকোষ এখনত থাকিবনলগীয়া প্ৰবন্ধ যোগ দিব পাৰে। কিন্তু এনে ধ্বংসকাৰী সালসলনি স্থায়ী নহয়, কাৰণ আন সক্ৰিয় সদস্যৰ চকুত পৰাৰ লগে লগেই ভুল তথ্যৰ শুধৰণি কৰা হয় বা নিৰ্দিষ্ট পৃষ্ঠাটো আঁতৰাই দিয়া হয়।
 
==অসমীয়াত কি কি ৱিকি প্ৰকল্প সক্ৰিয় হৈ আছে ?==
Line 103 ⟶ 105:
ওপৰত ৱিকিপিডিয়াৰ বিষয়েই অধিক আলোচনা কৰা হৈছে।
 
"ৱিকিঅভিধান" কিছুবছৰ আগতে আৰম্ভ কৰা হৈছিল যদিও দীৰ্ঘসময়ৰ নিষ্ক্ৰিয়তাৰ বাবে ইয়াক বন্ধ কৰি ৰখা হৈছে। শেহতীয়াকৈ ৱিকিঅভিধান পুনৰ মুকলি কৰিবলৈ যো-জা কৰা হৈছে।
 
==ৱিকিপিডিয়াত লিখা বা সম্পাদনাৰ ক্ষেত্ৰত মোৰ খোকোজা লাগিলে কাৰ লগত যোগাযোগ কৰিম?==
অসমীয়া ৱিকিপিডিয়াৰ সহায় পৃষ্ঠাসমূহত বেছিভাগ প্ৰশ্নৰে উত্তৰ দিয়া হৈছে। [[ৱিকিপিডিয়া:সাহায্য কেন্দ্ৰ]]ত ৱিকিপিডিয়াৰ ব্যৱহাৰ বা সম্পাদনা সম্পৰ্কীয় প্ৰশ্ন সুধিব পাৰে। ইয়াৰ লগতে আপুনি যিকোনো এজন সক্ৰিয় অসমীয়া ৱিকিপিডিয়ানক বাৰ্তা বা ই-মেইল পঠিয়াব পাৰে। তাৰোপৰিসামাজিক আপুনিযোগাযোগৰ ফে'চবুকৰমাধ্যমসমূহতো অসমীয়া ৱিকিপিডিয়া গোটটোৰো সদস্যপদ ল'ব পাৰে।অভিজ্ঞ আমিসদস্যসকল আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু।
 
==মই ইংৰাজী ৱিকিপিডিয়াত এটা লগ্‌ইন আই.ডি. সৃষ্টি কৰিছিলোঁ। অসমীয়া ৱিকিপিডিয়াতো একেটা আই.ডি. ব্যৱহাৰ কৰিব পাৰিমনে?==
হয়। তাৰ বাবে আপুনি সকলো ৱিকিমিডিয়া প্ৰকল্পৰ বাবে আপোনাৰ একাউণ্ট একত্ৰীকৰণ কৰিব লাগিব। অধিক তথ্যৰ বাবে কোনো অভিজ্ঞ ৱিকিপিডিয়ানৰএটা সহায়একাউণ্টেই লওক।যথেষ্ট।
 
==ৱিকি প্ৰকল্পৰ বিষয়ে আলোচনা কৰিবলৈ ৱিকিপিডিয়াৰ বাহিৰত কোনো গোট আছে নেকি?==
হয়। সামাজিক যোগাযোগৰ মাধ্যম ফে'চবুকতফেইচবুকত অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে আলোচনা কৰিবলৈ [https://www.facebook.com/groups/assamwikigroup/342846152420612/?notif_t=group_activity '''Assamese Wikipedia Community'''] নামৰ এটা গোট আৰু [https://www.facebook.com/aswikipedia '''অসমীয়া ৱিকিপিডিয়া'''] নামৰ এখনএটা পৃষ্ঠা খোলা হৈছে। তাত আপুনি সক্ৰিয় ৱিকিপিডিয়ানসকলৰ লগত কথা পাতিব পাৰিব। ইয়াৰ উপৰিও অসমীয়া ৱিকিপিডিয়াৰ [https://lists.wikimedia.org/mailman/listinfo/wikipedia-as মেইলিং লিষ্ট]লৈকো আপুনি বাৰ্তা পঠিয়াব পাৰে। বৰ্তমান টুইটাৰ আৰু ইন্‌ষ্টাগ্ৰামতো অসমীয়া ৱিকিপিডিয়াৰ সংবাদ পাব।
 
[[শ্ৰেণী:ৱিকিপিডিয়া প্ৰশ্নোত্তৰ]]