পদাৰ্থ বিজ্ঞানৰ ইতিহাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
6 নং শাৰী:
 
==প্ৰাচীন ইতিহাস==
[[জ্যোতিৰ্বিজ্ঞান]], [[আলোক বিজ্ঞান]] আৰু [[বলবিজ্ঞান|বলবিজ্ঞানেই]] হৈছে [[পদাৰ্থ বিজ্ঞান]]ৰ প্ৰাচীনতম ভাগ, [[জ্যামিতি]]ৰ অধ্যয়নৰ সময়ত গাণিতিকভাবে এই তিনি ভাগক একত্ৰীকৰণ কৰা হয়, বেবীলনীয় আৰু গ্ৰীচ লিখকসমূহ যেনে, [[আৰ্কিমিডিচআৰ্কিমিডিছ]] আৰু [[টলেমি]]ৰ দিনৰ পৰা [[গণিত]]ৰ বিকাশ আৰম্ভ হয়। সেই সময়তে ফিজিক্স বোলা দৰ্শনৰ ভাগটোত বিভিন্ন পৰিঘটনাৰ ব্যাখ্যা দিয়া আৰম্ভ হয় আৰু [[এৰিষ্টটল]]ৰ দিনত এই ভাগটোৰ যুগান্তকাৰী বিকাশ হয়।
 
গ্ৰীচৰ সভ্যতাৰ প্ৰাচীন যুগত (৬৫০খৃ:পূ: – ৪৮০খৃ:পূ:) [[ছক্ৰেটিছ]]ৰ পূৰ্বৰ দাৰ্শনিক সকলে প্ৰকৃতিৰ বিভিন্ন সত্যসমূহক আৱিষ্কাৰ কৰা আৰম্ভ কৰে, খৃষ্ট পূৰ্ব ৬ - ৭ শতিকাত প্ৰকৃতি সম্পৰ্কে প্ৰচলিত অতিপ্ৰাকৃতিক, অলৌকিক বা ধৰ্মীয় ধাৰণাসমূহক দাৰ্শনিক "[[থেলাচ|থেলাচে]]" বিজ্ঞানৰ যুক্তিৰে প্ৰত্যাহবান জনাই আৰু গ্ৰহণ কৰিবৰ বাবে অস্বীকাৰ কৰে, ইয়াৰ বাবে পৰৱৰ্তী কালত "থেলাচ"ক "বিজ্ঞানৰ পিতৃ" বোলা হয়, থেলাচে যুক্তি দিয়ে যে প্ৰতিটো পৰিঘটনাৰ অন্তৰালত এক প্ৰাকৃতিক কাৰক লুকাই থাকে।<ref>চিংগাৰ, চি.. ''A Short History of Science to the 19th century.'' ষ্ট্ৰীটাৰ প্ৰেচ, ২০০৮. পৃ ৩৫</ref> খৃষ্ট পূৰ্ব ৫ম শতিকাত [[লুচিপাচ|লুচিপাচে]] [[পৰমাণুবাদ]]ৰ ধাৰণা আগবঢ়াই, পৰমাণুবাদৰ মতে সকলোবোৰ বস্তু কিছুমান অবিভাজ্য আৰু অক্ষয় কণাৰে গঠিত, এই কণাবোৰক [[পৰমাণু]] বোলা হয়, পাছত এই মতবাদৰ [[ডেমক্ৰিটাচ|ডেমক্ৰিটাচে]] বাখ্যা আগবঢ়াই।
15 নং শাৰী:
প্ৰাচীন গ্ৰীচ সভ্যতাৰ আদিভাগতে পৃথিৱী যে গোলাকাৰ সেয়া সকলোৰে মাজত জনাজাত হৈ পৰিছিল। আৰু প্ৰায় ২৪০ খৃ:পূ: মানত এৰাট’চথেন্সে (খৃ:পূ: ২৭৬-১৯৪) সঠিকভাবে পৃথিৱীৰ পৰিসীমা নিৰ্ণয় কৰাত সফল হয়। [[এৰিষ্টটল]]ৰ জ্যামিতিক দৃষ্টিভংগীৰ বিপৰীতে [[এৰিষ্টাৰকাচ]] (খৃ:পূ: ৩১০-১৯৪)এ [[পৃথিৱী]]ৰ পৰিৱৰ্তে [[সূৰ্য]]ক কেন্দ্ৰত ৰাখি [[সৌৰজগত]]ৰ এক সহজ সৌৰকেন্দ্ৰিক বৰ্ণনা আগবঢ়ালে, [[এৰিষ্টাৰকাচ]]ৰ সৌৰকেন্দ্ৰিক ধাৰণাৰ আন এক বিশ্বাসী [[চেলেকাচ|চেলেকাচে]] পৃথিৱীয়ে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰে বুলি যুক্তি আগবঢ়াই, যদিও কালৰ সোঁতত তেওঁ আগবঢ়োৱা যুক্তিসমূহ হেৰাই যায়, অৱশ্যে [[প্লুটাৰ্ক]]ৰ মতে [[চেলেকাচ|চেলেকাচেই]] প্ৰথম সৌৰকেন্দ্ৰিক ধাৰণাৰ প্ৰৱৰ্তক।
 
খৃ:পূ: ৩য় শতিকাত গ্ৰীক গণিতজ্ঞ [[আৰ্কিমিডিচআৰ্কিমিডিছ|আৰ্কিমিডিচেআৰ্কিমিডিছে]] পদাৰ্থ বিদ্যাৰ হাইড্ৰ’ষ্টেটিকচ আৰু ষ্টেটিকচ (স্থিৰ হৈ থকা বস্তুৰ বিজ্ঞান) শাখা দূটাৰ সূত্ৰপাত কৰে, পানীত ওপঙা বস্তুৰ ওপৰত তেওঁ অধ্যয়ন কৰি খৃ:পূ: ২৫০ মানত বিখ্যাত [[প্লাবিতা]]ৰ সূত্ৰ আৱিষ্কাৰ কৰে, ইয়াক [[আৰ্কিমিডিচৰআৰ্কিমিডিছৰ সূত্ৰ]]ও বোলা হয়। সেই সময়ৰ জ্যোতিৰ্বিদ [[টলেমি]]য়ে লিখা [[আলগামেষ্ট]] নামৰ জ্যোতিৰ্বিদ্যাৰ পুথি তাৰ বহু পাছৰ বিজ্ঞানৰ বাবে আধাৰস্বৰূপ হোৱা দেখা যায়।
 
{|align=right