"শকুন্তলা দেৱী"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

15 বাইট বিলোপ কৰা হ’ল ,  2 বছৰৰ পূৰ্বে
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
তেওঁ এগৰাকী লেখিকা হিচাপে কেইবাখনো কিতাপ লিখিছে। যাৰ ভিতৰত গণিত, সাঁথৰ বা প্ৰহেলিকা আৰু জ্যোতিৰ্বিজ্ঞানৰ ওপৰত আধাৰিত কিতাপ আৰু উপন্যাস আছে। তদুপৰি তেওঁক [[সমকামিতা]]ৰ ওপৰত অধ্যয়ন কৰি কিতাপ লিখা প্ৰথম ভাৰতীয় বুলি গণ্য কৰা হয়।
== জীৱনী ==
শকুন্তলা দেৱী ১৯২৯ চনৰ ৪ নভেম্বৰতnovember ভাৰতৰ [[ বাংগালোৰ | বাংগালোৰৰ ]] এক [[কন্নড়]] [[ব্ৰাহ্মণ]] পৰিয়ালত জন্ম গ্ৰহণ কৰে।<ref name="Pandya, Haresh 2013"/><ref name="Obituary 2013"/> বাল্যকালত শকুন্তলাৰ অসাধাৰণ স্মৰণ শক্তি আৰু সংখ্যা গণনাৰ দক্ষতাক তেওঁৰ দেউতাকে গুৰুত্ব দিয়া নাছিল। যদিও মাত্ৰ তিনি বছৰ বয়সত তেওঁ তাচৰ বিভিন্ন কৌশল আয়ত্ব কৰি পেলাইছিল। প্ৰথমে শকুন্তলাৰ দেউতাক এটি চাৰ্কেচৰ দলত আছিল। পিছত তেওঁ সেই দল এৰি জীয়ৰীক লৈ বিভিন্ন ঠাইত "ৰ'ড শ্ব’" কৰিবলৈ ধৰিলে।<ref name="Pandya, Haresh 2013"/> তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল।<ref name="The Hindu 2013"/> মাত্ৰ ছয় বছৰ বয়সত শকুন্তলায়ে [[মহীশুৰ]] বিশ্ববিদ্যালয়ত তেওঁৰ অসাধাৰণ এই দক্ষতাৰ প্ৰদৰ্শনী কৰে। ১৯৪৪ চনত শকুন্তলা তেওঁৰ পিতৃৰ লগত লণ্ডনলৈ যায়।<ref name="Obituary 2013"/> ইয়াৰ পিছত ১৯৬০ৰ মাজৰ সময়ত তেওঁ ভাৰতলৈ ঘুৰি আহে।<ref>"India's math wizard, Shakuntala Devi". Yahoo! India News. 22 April 2013. সংগৃহীত হৈছে ৩০ নবেম্বৰ ২০১৫।</ref>
 
== মানৱ কম্পিউটাৰ ==
শকুন্তলা দেৱীৰ এই অসাধাৰণ ক্ষমতা প্ৰকাশ পালে আৰু সমস্ত বিশ্ব ব্যাপী ইয়াৰ প্ৰদৰ্শনী আৰম্ভ হয়। ১৯৫০ চনত ইউৰোপত,১৯৭৬ চনত নিউইয়ৰ্কত এই প্ৰদৰ্শনী অনুষ্ঠিত হয়।<ref name="Pandya, Haresh 2013"/> ১৯৮৮ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমনৰ সময়ত [[কেলিফৰ্নিয়া]] বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক আৰ্থাৰ জেচনে তেওঁৰ ওপৰত গৱেষণা কৰে।<ref name="Jensen, Arthur R. 1990"/> তেওঁ শকুন্তলা দেৱীৰ মানসিক দক্ষতাৰ ওপৰত বহু পৰীক্ষা-নিৰীক্ষা কৰিছিল।<ref name="Jensen, Arthur R. 1990"/> জেচনে ১৯৯০ চনত তেওঁৰ একাডেমীক জাৰ্নেলত এইবুলি লিখিছিল যে, ৬১,৬২৯,৮৭৫ৰ ঘনমূল আৰু ১৭০,৮৫৯,৩৭৫ৰ সপ্তমূল কৰোঁতে শকুন্তলা দেৱীয়ে জেচনে নোটবুকত লিখাৰ আগতেই ইয়াৰ উত্তৰ ৩৯৫ আৰু ১৫ কৈ দিয়ে। <ref name="Obituary 2013"/>
বেনামী ব্যৱহাৰকাৰী