কুশল কোঁৱৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ভাৰতৰ স্বাধীনত সংগ্রামত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা শেহৰজন ...
 
No edit summary
1 নং শাৰী:
ভাৰতৰ স্বাধীনত সংগ্রামত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা শেহৰজন ছহীদ হ’ল কুশল কোঁৱৰ । গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাং চাৰি আলিত জন্ম গ্রহণ কৰা কোঁৱৰে হাইস্কুলীয়া অৱস্থাতে আন্দুলনত নামি স্কুল ত্যাগ কৰে । ১৯২৫ চনত তেওঁ ৰেংমাই প্রাথমিক বিদ্যালয় স্থাপন কৰি প্রধান শিক্ষকৰ দায়িত্ব দুবছৰ চম্ভালি বালিজান বাগিচাত সোমায় । স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বর্জন আন্দোলনত নামি পৰা বাগিচাৰ কাম ত্যাগ কৰে সামাজিক কাম কৰাৰ স্বার্থত । গোলাঘাট জিলা কংগ্রেছৰ সম্পাদক হিচাপে দায়িত্ব গ্রহণ কৰা কুশল কোঁৱৰে অহিংস আন্দুলনত সদাই গুৰুত্ব দিছিল আৰু হিংসাত্মক পন্থাত তেওঁ অবিশ্বাসী আছিল যদিও সৰুপথাৰৰ ৰেল দুর্ঘটনা ঘটোৱা দলৰ দলপতি বুলি তেওঁক ১৯৪২ ৰ তিনি নৱেম্বৰত গ্রেপ্তাৰ কৰা হয় । তেওঁৰ বিৰুদ্ধে বিচাৰ চলিল আৰু দুর্ঘটনাৰ এক নম্বৰ আছামী বুলি অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হয় । ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা কুশল কোঁৱৰক ফাঁচী দিয়া হয় ।
 
 
[[শ্রেণী:জীৱনী]]