শ্বিলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
52 নং শাৰী:
}}
'''শ্বিলং'''({{IPAc-en|lang|pron|ʃ|ɪ|ˈ|l|ɔː|ŋ}};<ref>{{cite web |url=http://dictionary.reference.com/browse/Shillong |title=Define Shillong |publisher=Dictionary.com |accessdate=31 October 2013 }}</ref><ref>{{cite web |url=http://www.thefreedictionary.com/Shillong |title=Definition of Shillong |publisher=The Free Dictionary |accessdate=31 October 2013 }}</ref> [[Khasi language|Khasi]]: ''Shillong''<span style="margin-left:1.5px">)</span> উত্তৰ-পূৱ ভাৰতৰ এটি পাহাৰীয়া কেন্দ্ৰ আৰু [[মেঘালয়]] ৰাজ্যৰ ৰাজধানী। সমুদ্ৰপৃষ্ঠৰ পৰা গড়ে ৪,৯০৮ ফুট (১,৪৯৬ মিটাৰ) উচ্চতাত অৱস্থিত শ্বিলং পূৱ খাছী পাহাৰ জিলাৰ মূল কেন্দ্ৰ। ইয়াৰ সৰ্বোচ্চ বিন্দু শ্বিলং পিকৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ৬,৪৪৯ ফুট (১,৯৬৬ মিটাৰ)। ২০১১ চনৰ লোকপিয়ল অনুসৰি ১৪৩,২২৯ গৰাকী লোকৰ বসতিৰে শ্বিলং ভাৰতৰ ৩৩০তম জনবহুল চহৰ।<ref>{{cite web|url=http://www.census2011.co.in/city.php|title=List of Most populated cities of India}}</ref> কোৱা হয় যে চহৰখনৰ অকোৱা-পকোৱা পাহাৰসমূহে স্কটলেণ্ডৰ ইউৰোপীয় বাসিন্দাসকলক মনত পেলায় দিয়ে। সেইবাবে শ্বিলঙক "পূৱৰ স্কটলেণ্ড" বুলিও জনা যায়।<ref>{{cite news|last1=Rao|first1=Sachin|title=Travel: Shillong, India – ‘Scotland of the east’|url=http://www.scotsman.com/news/travel-shillong-india-scotland-of-the-east-1-3481504|accessdate=19 February 2017|work=The Scotsman|language=en}}</ref>
[[File:এলিফেণ্ট জলপ্ৰপাত.jpg|thumb|topleftleft|300px|এলিফেণ্ট জলপ্ৰপাত,শ্বিলং]]
 
১৮৬৪ চনত ব্ৰিটিছে শ্বিলঙত খাছী আৰু জয়ন্তীয়া পাহাৰৰ অসামৰিক কেন্দ্ৰ স্থাপন কৰাৰ পিছৰে পৰা ইয়াৰ দ্ৰুত বিকাশ হ'বলৈ ধৰে। ১৮৭৪ চনত অসমক মুখ্য আয়ুক্তৰ এলেকা হিচাপে গণ্য কৰাৰ পিছত ইয়াক নতুন প্ৰশাসনিক ব্যৱস্থাৰ মুখ্যকেন্দ্ৰৰূপে বাছি লোৱা হৈছিল। ইয়াৰ কাৰণ আছিল [[ব্ৰহ্মপুত্ৰ]] আৰু সুৰমা উপত্যকাৰ মাজত শ্বিলঙৰ সুবিধাজনক অৱস্থান আৰু ভাৰতৰ ক্ৰান্তীয় অঞ্চলসমূহৰ তুলনাত ইয়াৰ শীতল জলবায়ু। ১৯৭২ চনৰ ২১ জানুৱাৰীত [[মেঘালয়]] ৰাজ্য গঠন হোৱাৰ পূৰ্বলৈ শ্বিলঙেই অবিভক্ত [[অসম|অসমৰ]] ৰাজধানী আছিল। তেতিয়াৰ পৰা শ্বিলং নৱগঠিত মেঘালয়ৰ ৰাজধানীৰূপে পৰিগণিত হয় আৰু অসমৰ ৰাজধানী [[গুৱাহাটী|গুৱাহাটীস্থিত]] [[দিছপুৰ|দিছপুৰলৈ]] স্থানান্তৰ কৰা হয়।
 
[[File:এলিফেণ্ট জলপ্ৰপাত.jpg|thumb|topleft|300px|এলিফেণ্ট জলপ্ৰপাত,শ্বিলং]]
==তথ্যসূত্ৰ==
{{reflist|colwidth=30em}}
"https://as.wikipedia.org/wiki/শ্বিলং"ৰ পৰা অনা হৈছে