ৱিকিপিডিয়া:সততে উদিত প্ৰশ্নসমূহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

যোগ
23 নং শাৰী:
== ভাৰত চৰকাৰ বা অসম চৰকাৰে এই প্ৰকল্পক মান্যতা দিছে নেকি? ==
ৱিকিপিডিয়া অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত। ফাউণ্ডেশ্যন কোনো চৰকাৰ বা চৰকাৰী পৃষ্ঠপোষকতাপ্ৰাপ্ত নহয়। ইয়াক চলাবলৈ প্ৰয়োজনীয় অৰ্থ দান-বৰঙণিৰ পৰা পোৱা যায়। অৱশ্যে ৱিকিপিডিয়াৰ উপযোগিতালৈ লক্ষ্য ৰাখি কিছুমান চৰকাৰী আৰু ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানে ইয়ালৈ দান-বৰঙণি আগবঢ়াইছে।
 
==ৱিকিপিডিয়াত কোনে প্ৰবন্ধ লিখে?==
ৱিকিপিডিয়াৰ প্ৰায় সকলো প্ৰবন্ধ‌ই একাধিক স্বেচ্ছাসেৱকৰ কষ্টৰ ফচল। প্ৰবন্ধ এটাৰ ওপৰত থকা "ইতিহাস চাওক" টেব্‌টোত ক্লিক কৰিলে কোনে কেতিয়া কি সম্পাদনা কৰিছিল সেয়া এখন তালিকাত ওলাই পৰিব।
 
== ৱিকিপিডিয়ালৈ কোনে বৰঙণি আগবঢ়াব পাৰে? ==
জাতি, সংস্কৃতি, অৰ্হতা নিৰ্বিশেষে জ্ঞানৰ প্ৰতি ধাউতি থকা সকলো মানুহেই ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াব পাৰে, লাগিলে তেওঁ পঢ়াশলীয়া ছাত্ৰ, পূৰ্বৰ সৈনিক, শিক্ষক, খেতিয়ক, গৃহিণী, ছফ্টৱেৰ বিশেষজ্ঞ, চৰকাৰী চাকৰিয়ালেই হওক। জ্ঞান বিলাবলৈ আগ্ৰহ কৰা সকলো মানুহেই ৱিকিপিডিয়াত মিলিত হৈছে আৰু জ্ঞানৰ আদান-প্ৰদানেৰে বৰ্তমান বা ভৱিষ্যত প্ৰজন্মলৈ এক সুন্দৰ উপহাৰ আগবঢ়াইছে। ৱিকিপিডিয়াত লিখা বা প্ৰবন্ধত হাত ফুৰোৱা ব্যক্তিসকলক একো একোজন "সম্পাদক" (Editor) বোলা হয়।
 
== মই লিখিব খোজা বিষয়টোৰ ওপৰত মোৰ সবিশেষ জ্ঞান থকাটো প্ৰয়োজনীয় নেকি? ==
এইটো ৱিকিপিডিয়া সম্পৰ্কে মানুহৰ এটা ভুল ধাৰণা আৰু তালৈ অৱদান আগবঢ়োৱাৰ বাবে দ্বিধাবোধ কৰাৰ এক প্ৰধান কাৰণ। ৱিকিপিডিয়াত লিখিবলৈ আপুনি কোনো বিষয়ৰে বিশেষজ্ঞ হোৱাৰ প্ৰয়োজন নাই। প্ৰকৃততে কোনো ৱিকিপিডিয়া প্ৰবন্ধই মাত্ৰ এজন অৱদানকাৰীৰ ফচল নহয়। প্ৰতিটো প্ৰবন্ধৰ আঁৰত বিভিন্ন ঠাইৰ বিভিন্ন অৰ্হতা থকা অৱদানকাৰীৰ হাত আছে।
 
উদাহৰণস্বৰূপে ধৰা হওক যে শিৱসাগৰৰ এজন পঢ়াশলীয়া ছাত্ৰই কম্পিউটাৰৰ ওপৰত লিখিব খুজিছে। তেওঁৰ সীমিত জ্ঞানেৰে কম্পিউটাৰ কি বস্তু তাৰ ওপৰত কেৱল এটা অনুচ্ছেদহে লিখিব পাৰিলে। কিছুদিন পিছত গুৱাহাটীৰ এজন কাৰিকৰী বিদ্যাৰ ছাত্ৰই প্ৰবন্ধটো দেখি তাত পাঠ্যপুথিৰ পৰা অলপ কথা যোগ দিলে। তাৰ কিছুদিন পিছত বেংগালুৰুত চাকৰি কৰি থকা অসমীয়া তথ্য-প্ৰযুক্তিবিদ এজনে প্ৰবন্ধটোত কাৰিকৰী খুঁতি-নাটিৰ লগতে কেইখনমান চিত্ৰ যোগ কৰিলে। এনেকৈ বিভিন্নজনৰ অৱদানেৰে লাহে লাহে প্ৰবন্ধটো ৱিকিপিডিয়াৰ এটা উত্‍কৃষ্ট প্ৰবন্ধলৈ ৰূপান্তৰিত হ'ল। ৱিকিপিডিয়াৰ প্ৰত্যেক প্ৰবন্ধৰ আঁৰত একেধৰণৰ প্ৰক্ৰিয়া লুকাই আছে। আপুনিও ইয়াৰ সহযোগী হ'ব পাৰে। আপুনি নতুন প্ৰবন্ধ যোগ দিব পাৰে বা আগতে থকা প্ৰবন্ধ উন্নত কৰিব পাৰে। নতুন প্ৰবন্ধ যোগ দিয়াৰ এটা সহজ উপায় হৈছে আন ভাষাৰ ৱিকিপিডিয়াত নিৰ্দিষ্ট বিষয়টো বিচাৰি লৈ তাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা।
Line 34 ⟶ 40:
== ৱিকিপিডিয়াত মই সৃষ্টি কৰা প্ৰবন্ধটো অনেকে সম্পাদনা কৰিলে। কিয় এনে হ'ল?==
ৱিকিপিডিয়াৰ থকা প্ৰবন্ধৰ ওপৰত কোনো এজন মানুহৰে অধিকাৰিতা নাই। ই এক সহযোগিতামূলক প্ৰচেষ্টা আৰু কোনোৱেই প্ৰবন্ধৰ অংশবিশেষ বা গোটেইটোৰ ওপৰত হস্তক্ষেপ কৰিব নালাগে। প্ৰবন্ধ সংশোধন, যোগ বা বিলোপ কৰা হ'ব পাৰে। যদি কোনো সদস্যই কৰা সালসলনি ৱিকিপিডিয়াৰ বাবে গ্ৰহণযোগ্য নহয় বা তাৰ উত্‍স বিশ্বাসযোগ্য নহয়, তেন্তে সেই ক্ষেত্ৰত ৱিকিপিডিয়াৰ কিছু নিজা নীতি আছে। প্ৰবন্ধত আনে হাত ফুৰোৱাৰ বাবে কেতিয়াবা মনোমালিন্য হোৱা দেখা যায়, তেতিয়া আলোচনাৰ মাজেৰে প্ৰবন্ধটোক উপযুক্ত ৰূপ দিব পাৰি।
 
== ৱিকিপিডিয়ালৈ কোনে বৰঙণি আগবঢ়াব পাৰে? ==
জাতি, সংস্কৃতি, অৰ্হতা নিৰ্বিশেষে জ্ঞানৰ প্ৰতি ধাউতি থকা সকলো মানুহেই ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াব পাৰে, লাগিলে তেওঁ পঢ়াশলীয়া ছাত্ৰ, পূৰ্বৰ সৈনিক, শিক্ষক, খেতিয়ক, গৃহিণী, ছফ্টৱেৰ বিশেষজ্ঞ, চৰকাৰী চাকৰিয়ালেই হওক। জ্ঞান বিলাবলৈ আগ্ৰহ কৰা সকলো মানুহেই ৱিকিপিডিয়াত মিলিত হৈছে আৰু জ্ঞানৰ আদান-প্ৰদানেৰে বৰ্তমান বা ভৱিষ্যত প্ৰজন্মলৈ এক সুন্দৰ উপহাৰ আগবঢ়াইছে। ৱিকিপিডিয়াত লিখা বা প্ৰবন্ধত হাত ফুৰোৱা ব্যক্তিসকলক একো একোজন "সম্পাদক" (Editor) বোলা হয়।
 
== ইংৰাজীৰ বাহিৰে আন ভাষাত ৱিকিপিডিয়া আছেনে? অসমীয়া বা আন ভাৰতীয় ভাষাত ৱিকিপিডিয়া আছেনে? ==
Line 98 ⟶ 101:
বেছিভাগ অৱদানকাৰীয়েই ভাল উদ্দেশ্য এটা মনত লৈ ৱিকিপিডিয়াত যোগ দিছে। কিন্তু তাৰে ভিতৰত কিছুমান বেয়া উদ্দেশ্য পুহি ৰখা লোক থাকিব পাৰে। ৱিকিপিডিয়াৰ নীতি হৈছে সত্যাপনযোগ্য তথ্যসূত্ৰৰে জ্ঞানৰ আদান-প্ৰদান কৰা। যিকোনো লোকে সম্পাদনা কৰিব পৰা ৱিকিপিডিয়াৰ সুবিধাৰ গইনা লৈ বেয়া বা পৰীক্ষামূলক কাম কৰা মনোবৃত্তিৰ লোকে প্ৰবন্ধৰ গুণাগত মান হ্ৰাস কৰিব পাৰে বা বিশ্বকোষ এখনত থাকিবনলগীয়া প্ৰবন্ধ যোগ দিব পাৰে। কিন্তু এনে সালসলনি স্থায়ী নহয়, কাৰণ আন সক্ৰিয় সদস্যৰ চকুত পৰাৰ লগে লগেই ভুল তথ্যৰ শুধৰণি কৰা হয় বা নিৰ্দিষ্ট পৃষ্ঠাটো আঁতৰাই দিয়া হয়।
 
==চিকিৎসা, আইন, বিত্তীয়, সুৰক্ষা আদি ক্ষেত্ৰত ৱিকিপিডিয়া নিৰ্ভৰযোগ্য নে?==
==অসমীয়াত কি কি ৱিকি প্ৰকল্প সক্ৰিয় হৈ আছে ?==
এটা শব্দত ক'বলৈ গ'লে "নহয়"। চিকিৎসা, আইন, বিত্তীয়, সুৰক্ষা আদি অতি জৰুৰী ক্ষেত্ৰত সেই ক্ষেত্ৰৰ বিশেষজ্ঞজনৰ পৰামৰ্শ লোৱাটোহে যুগুত। ৱিকিপিডিয়াত মূল্যবান আৰু সঠিক তথ্য যে নাপাব তেনেও নহয়। কিন্তু ৱিকিপিডিয়াই ইয়াত থকা তথ্যৰ বৈধতাৰ নিশ্চয়তা প্ৰদান নকৰে। তেনে প্ৰবন্ধৰ সমলত সন্মতি প্ৰদান নকৰা কোনো লোকে শেহতীয়াকৈ সেয়া সলাই দিব পাৰে বা মচি পেলাব পাৰে।
 
==অসমীয়াত কি কি ৱিকি প্ৰকল্প সক্ৰিয় হৈ আছে ?==
* '''ৱিকিপিডিয়া''' [http://as.wikipedia.org]
* '''ৱিকিউৎস''' [http://as.wikisource.org]