বুৰঞ্জী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বহলাই লিখা হৈছে
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
→‎আৰম্ভণি: শুদ্ধ কৰি দিয়া হৈছে,
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
4 নং শাৰী:
 
==আৰম্ভণি ==
[[আহোম সাম্ৰাজ্য]]ৰ প্ৰতিষ্ঠাপক [[চাওফা]] [[চুকাফা]]ৰ নিৰ্দেশত ১২২৮ চনমানতে অসমত বুৰঞ্জী লিখা ব্যৱস্থাৰ প্ৰৱৰ্ত্তন ঘটে। সেই সময়ত শাসকীয় পক্ষৰ লগতে বাকী লোকসকলেও ঘৰে ঘৰে বুৰঞ্জী লিখি ৰাখিছিল। গতিকে বুৰঞ্জীৰ মূলতঃ দুটা ভাগ দেখা যায়: ৰজাঘৰীয়া বুৰঞ্জী আৰু অন্যান্য পৰিয়ালসমূহে লিখা বুৰঞ্জী।<ref>{{harv|Hartman|1997|p=227}}</ref> [[আহোম ভাষা|টাই আহোম ভাষাত]] লিখিত বুৰঞ্জীসমূহক বিষয়বস্তু অনুযায়ী দেওলিট বুৰঞ্জীফি আৰু ডিন বুৰঞ্জী হিচাপে দুই ভাগত ভগাব পাৰি । 'দেওফি' শব্দৰ অৰ্থ হ’ল স্বৰ্গীয়দেউ ডাঙৰীয়া আৰু এনে বুৰঞ্জীত সৃষ্টিৰপ্ৰাচীন উৎপত্তি,চীনৰ ইন্দ্ৰ,মৌঙ স্বৰ্গফি আৰু প্ৰাচীন টাই সকল আদিৰ বিষয়ে উপকথামূলক কাহিনী আছে। আনহাতে 'ডিন' শব্দৰ অৰ্থ হ’ল পৃথিৱী আৰু ইয়াত ম্যুং-ৰি-ম্যুং ৰাম ৰাজ্যত (বৰ্তমান চীনৰ Xishuangbanna অঞ্চল) খুন্-লুং আৰু খুনলাইৰ বংশধৰসকল আৰু চুকাফাই প্ৰতিষ্ঠা কৰা ৰাজ্যসমূহৰ বিষয়ে তথ্য-পাতি আছে। বুৰঞ্জীসমূহৰ আকাৰ, বিৱৰণ আদিৰ আধাৰত ইয়াক লাই লিক (ঘাই/ৰাজনীতি বিষয়ক পুথি), লিট (নথি পত্ৰ/পবিত্ৰ গ্ৰন্থ), ৰু-পুত (শিক্ষাৰ উদ্দেশ্যে ৰক্ষিত নথি পত্ৰ), উ-কুত (থোৰতে লিখি ৰখা ঘটনাপঞ্জী) আদি ভাগত ভগোৱা হয়।<ref name="LILA2">{{cite book | title=টাই সংস্কৃতিৰ ৰূপৰেখা | publisher=বনলতা | author=লীলা গগৈ | authorlink=লীলা গগৈ | year=১৯৯৪ | pages=১১০-১৪৬ | isbn=81-7339-079-7}}</ref> আহোম সাম্ৰাজ্যৰ পতনৰ পিছত বুৰঞ্জী লিখাৰ প্ৰথাও লাহে লাহে নোহোৱা হয়।
 
আহোম ৰাজত্বকালত লিখা বুৰঞ্জীসমূহত আহোম ৰাজ্যৰ উপৰিও কাষৰীয়া চুতীয়া ৰাজ্য, কছাৰী ৰাজ্য আৰু ত্ৰিপুৰা ৰাজ্য (চুতীয়া, কছাৰী আৰু ত্ৰিপুৰা বুৰঞ্জী) তথা কূটনৈতিক সম্পৰ্ক থকা মোগল সাম্ৰাজ্যৰ (পাদশ্যাহ বুৰঞ্জী) বিষয়েও বিশদ বিৱৰণ আছে।<ref name="LILA2" /> এই বুৰঞ্জীসমূহ ঘাইকৈ [[সাঁচিপাত]]ত লিখা হৈছিল।
"https://as.wikipedia.org/wiki/বুৰঞ্জী"ৰ পৰা অনা হৈছে