অনাকটা কাপোৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''অনাকটা কাপােৰ''' কোনাে অস্ত্র-শস্ত্ৰৰে নকটাকৈ তাতশালৰপৰা উল...
 
No edit summary
1 নং শাৰী:
'''অনাকটা কাপােৰ'''
কোনাে অস্ত্র-শস্ত্ৰৰে নকটাকৈ তাতশালৰপৰা উলিয়াই অনা কাপােৰেই অনাকটা (কা, আনাকাটা) কাপােৰ।
এই কাপােৰ তাঁতশালত এবাৰত মাত্র এখনেই বােৱাটো নিয়ম। সাধাৰণতে কাতি, পুহ আৰুচতৰ মাহত মঙ্গল, শনি আৰু ৰবিবাৰে অমাৱস্যা তিথিত এই কাপােৰৰ বাটি নাকাঢ়ে, কাপােৰাে নবয়। উকা আৰু ফুলাম উভয়বিধ কাপােৰৰে প্রচলন আছে যদিও ফুলাম অনাকটাৰ প্ৰয়ােগ প্রচুৰ বােৱা হােৱাৰ পিছত চাৰি বাটি (জাকি) ব’ সূতা নকটাকৈ শালৰ ওপৰতে উঘা অথবা চেৰেকীত লৈ কাপােৰখন উলিয়াই আনি দফালৰ ওলমি থকা ‘দহি’ বােৰ চালে চকুৰােৱাকৈ জালৰ দৰে গুঠি পেলায়। অসমীয়া সংস্কৃতিত অনাকটা কাপােৰৰ স্থান বিশিষ্ট। বিয়াৰ দিনা দৰা-কইনাই অনাকটা ‘তেল পাতনি’বস্ত্র পৰিধান কৰাটো এটা সাধাৰণ দস্তুৰ। [[কইনা]]ৰ চাদৰ অথবা শাৰী আৰু দৰাৰ ধুতিৰ লগতে চেলেং-চাদৰ সদায় অনাকটা হােৱা বাঞ্ছনীয়। দাই কলৰ গুৰিত গা ধুই অনাকটা কাপােৰেৰে গা মােচে। ঘটত মেৰিয়াই থােৱা সৰু কাপােৰখনাে অনাকটা। নান্দীমুখ শ্রাদ্ধৰ কালত চাৰিটা কলপুলি পুতি তাত এখনি অনাকটা ফুলাম চাদৰ মেৰিয়াই দিয়াটো নিয়ম। দৰা বৰণ আৰু [[লগুণ]] গাঁঠি বন্ধা কামতাে অনাকটা গামােচা ব্যৱহাৰ হয়। বিয়াৰ পিছদিনা কইনাই দৰাঘৰ গছকিবলৈ যাওঁতে কলৰ গুৰিৰপৰা দৰাঘৰলৈ যােৱা পথ ছােৱাত এখনি অনাকটা কাপােৰ পাৰি দিয়া বিধেয়।<ref name=সংস্কৃতি>অসমৰ সংস্কৃতি কোষ, সম্পাদক-ডঃ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী, পৃষ্ঠা-৪, দ্বিতীয় প্ৰকাশ</ref>
 
প্রথম সন্তান সম্ভৱা বিৱাহিতা স্ত্রীক অনাকটা বস্ত্র নিদিলেইনহয়। উত্তৰ কামৰূপত এই অনাকটা কাপােৰখিনিক কোৱা হয় আকল। এই আকলখনি কোনাে কোনাে অঞ্চলত উকাকৈ আৰু আন কোনাে অঞ্চলত ৰঙীন পাৰি দি ফুলামকৈ বােৱা দেখা যায়। নৱজাতকৰ গাত দিয়া প্রথমখন [[বিহুৱান]] সর্বদা অনাকটা হােৱা বাঞ্ছনীয়। শিশুৰ অন্ন প্রসন্ন, কাণ বিন্ধোৱা প্রভৃতি অনুষ্ঠানতাে এইবিধ কাপােৰ আগবঢ়ায়। মৃতকৰ শ্ৰাদ্ধকালত শ্রাদ্ধকতাই অনাকটা ধুতি-গামােচা আৰু চেলেং পৰিধান কৰে। গীতা-ভাগৱতপ্রভৃতি পাঠৰ কালত
গুৰিবন্ধা চটাই বা ঢাৰিত অনাকটা কাপােৰ পাৰি দি তাতে পাঠকক বহিবলৈ দিয়াতো নিয়ম।<ref>অসমৰ name=সংস্কৃতি কোষ, পৃষ্ঠা-৪, দ্বিতীয় প্ৰকাশ</ref>
 
==তথ্য সংগ্ৰহ==
<references />
 
==বাহ্যিক সংযোগ==
 
{{অসমৰ লোক-সংস্কৃতি}}