কাৰ্ল লিনিয়াছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

34 নং শাৰী:
ছুইডেনৰ বিজ্ঞানী কেৰলাছ লিনিয়াছেই প্ৰথম জীৱজগতৰ উদ্ভিদ আৰু প্ৰাণীসমূহৰ শ্ৰেণীবিভাজনৰ [[দ্বৈৰাশিক নামকৰণ|দ্বৈৰাশিক পদ্ধতি]]ৰ প্ৰচলন কৰিছিল। সেই বাবে তেঁওক জীৱজগতৰ বৰ্গীকৰণৰ প্ৰথম প্ৰবক্তা বোলা হয়। লিনিয়াছে উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিবোৰৰ নামকৰণৰ সমস্যা দ্বিপদী নামকৰণ পদ্ধতি প্ৰচলন কৰি দূৰ কৰে। ইয়াৰ আগতে বিভিন্ন প্ৰজাতিৰ বৈজ্ঞানিক নাম আছিল অনেক দীঘল। লিনিয়াছে মানুহ প্ৰজাতিৰ নাম ৰাখিছিল হ'ম ছেপিয়েন্সস।
 
প্ৰায় সাত হাজাৰ প্ৰজাতিৰ উদ্ভিদ আৰু চাৰি হাজাৰ প্ৰাণীৰ নামকৰণৰ ওপৰিও তেঁও স্পিছিছ প্লাণ্টাৰাম (১৭৫৩), জেনেৰা প্লাণ্টাৰাম (১৭৫৪) আৰু ছেষ্টেমা নেচাৰা (১৭৫৮) নামৰ কিতাপো লিখিছিল। প্ৰথম দুখন উদ্ভিদ আৰু তৃতীয়খন প্ৰাণীৰ শ্ৰেণীবিন্যাস আৰু নামকৰণবিষয়ক আৰু আন্তৰ্জাতিকভাৱে স্বীকৃত। আধুনিক বিবৰ্তন-প্ৰভাৱিত নতুন নতুন শ্ৰেণীবিন্যাস পদ্ধতিৰ দ্বাৰা লিনিয়াছৰ শ্ৰেণীবিন্যাস পদ্ধতি প্ৰতিস্থাপিত হৈছে যদিএ তেঁওৰ নামকৰণৰ নিয়ম আৰু ক্ৰিয়াপদবৰ্জিত বৰ্ণনা পদ্ধতি আজিও প্ৰচলিত হৈ আছে।<ref name="Prothom alo">''[http://archive.prothom-alo.com/detail/date/2012-06-03/news/262716 ক্যাৰোলাস লিনিয়াস]'',সুধীৰ কুমাৰ দত্ত, দৈনিক প্ৰথম আলো। ঢাকাৰ পৰা প্ৰকাশৰ তাৰিখ: ০৩-০৬-২০১২।</ref>
 
==তথ্য সংগ্ৰহ==