দুন্দুভি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''দুন্দুভি''' পুৰণি ভাৰতীয় আনদ্ধ বাদ্যৰ ভিতৰত দুন্দুভি প্রখ্...
 
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
{{Assam stub}}
'''দুন্দুভি'''
 
'''দুন্দুভি''' পুৰণি ভাৰতীয় আনদ্ধ বাদ্যৰ ভিতৰত দুন্দুভি প্রখ্যাত। বৈদিক অনুষ্ঠানসমূহত দুন্দুভিক প্রাধান্য দিয়াটো তাৎপর্যপূর্ণ। [[অথর্ববেদ]]ত এই বাদ্যক উদ্দেশ্যি এটা স্তৱক ৰচনা কৰাটোও ঐতিহাসিকভাৱে মন কৰিবলগীয়া। [[হৰিণ]]ৰ ছালেৰে আবৃত দুন্দুভিৰ ধ্বনিৰে দেৱতাসকলে শত্ৰুৰ অন্তৰত ত্ৰাসৰ সঞ্চাৰ কৰি সিহঁতক পৰাজিত কৰিবলৈ সমৰ্থ হৈছিল। প্ৰাচীন কালত যুদ্ধৰ উপৰি শান্তি আৰু উৎসৱাদিৰ কালতাে ইয়াক ব্যৱহাৰ কৰাৰ প্ৰমাণ পােৱা যায়।ৰথ চালন প্রতিযােগিতাত ৰথীসকলক উৎসাহিত কৰিবলৈ দুন্দুভিৰ ব্যৱহাৰ উল্লেখযােগ্য। বাজপেয় যজ্ঞত একেলগে সােতটা দুন্দুভি যজ্ঞথলীৰ চৌদিশে বজোৱাৰ ৰীতি আছিল। <ref>অসমৰ সংস্কৃিত কোষ, সম্পাদক- ডঃ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, জ্যোতি প্ৰকাশন, ২০১৪, পৃষ্ঠা-৩৩২ </ref> দুন্দুভি বাদকৰ লগতে বাঁহী, তাল প্রভৃতি লােকসকলক পৱিত্ৰ জ্ঞান কৰি মকৰ সংক্ৰান্তিৰ দিনা অনুষ্ঠিত মহাব্রতত সেইসকলক আহুতি দিয়া বুলি এটা মত আছে যদিও সেই মত আজি অসত্য বুলি দেশী-বিদেশী পণ্ডিতমণ্ডলীয়ে একমুখে মন্তব্য দিছে। ভৰতৰ নাট্যশাস্ত্ৰৰ তেত্রিশ অধ্যায়ত আছে : স্বাতি মুনিয়ে দেৱবাদ্য মুৰজ দেখি তাৰ অনুকৰণত মুৰজ বাদ্য নির্মাণ কৰে। বাদ্যটি দেখাত অর্ধগােলাকাৰ। সংগীত ৰত্নাকৰ মতে আম কাঠেৰে নির্মিত এই বাদ্যৰ ভিতৰটো কাহৰ পাতেৰে মােৰা আৰু মুখভাগ চামৰাৰে আচ্ছাদিত। চামৰাৰে সজা কঠিন লাঠি অথবা পহুৰ শিঙেৰে এই বিধ বাদ্য বজোৱাৰ কথা সংগীত শাস্ত্ৰত উল্লেখিত হৈছে। পুৰণি অসমীয়া সাহিত্যত দুন্দুভিৰ সঘন প্রয়ােগ পােৱা যায়। <ref>অসমৰ সংস্কৃিত কোষ, জ্যোতি প্ৰকাশন, ২০১৪, পৃষ্ঠা-৩৩২ </ref>
 
দুটামান উদাহৰণ—
8 নং শাৰী:
* শংখ, ঘণ্টা কৰতাল দুন্দুভি বজাৱে ভাল (সূর্যখড়ি দৈৱজ্ঞ)
 
==তথ্য সংগ্ৰহ==
{{Assam stub}}
 
==তথ্যসংগ্ৰহ==
{{Reflist}}
 
"https://as.wikipedia.org/wiki/দুন্দুভি"ৰ পৰা অনা হৈছে