দুবৰি বন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
83 নং শাৰী:
 
ইয়াৰ মূল শিপা প্ৰণালী মাটিক খামুচি মাৰি ধৰে আৰু খৰাং পৰিস্থিতিত ২ মিটাৰ পৰ্যন্ত দীঘল হ'ব পাৰে। ধাৱক গা গছৰ গাঁঠিৰ পৰাও সৰু সৰু শিপা ওলায়। এই শিপা খুব বেছি ৬০ ছেঃমিঃ দীঘল হয় আৰু মাটিৰ ওপৰত ডাঠকৈ বিয়পি পৰে। উচ্চ উষ্ণতাত ইয়াৰ বৃদ্ধি ভাল হয়। শীতকালত ইয়াৰ বৃদ্ধি আটাইতকৈ কম হয়।
==ব্যৱহাৰ==
===সংস্কৃতিক ব্যৱহাৰ===
ভাৰতীয় সংস্কৃতিত কল্যাণৰ প্রতীক হিচাপে দূবৰি বনক গণ্য কৰা হয়। পূজা-পাৰ্বনত শান্তিজল ছটিয়াবলৈ দুবৰি বন ব্যৱহাৰ কৰা হয়। পূজাত দেৱ-দেৱীলৈ দুবৰি আগবঢ়োৱা হয়। বিবাহ অনুষ্ঠানত দুবৰিৰে নতুন বোৱাৰী ঘৰলৈ বৰণ কৰি অনা হয়। বিভিন্ন গীত, কবিতা আৰু সাহিত্যত দুবৰিৰ উল্লেখ পোৱা যায়।
===ঔষধি গুণ===
আয়ুৰ্বেদত দুবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। দুবৰি বন সন্তান গৰ্ভধাৰণত অসমর্থ হলে ব্যৱহাৰ কৰা হয়। আমাশয় আৰু উদৰাময়েত দুবৰি বনৰ ৰস ঔষধ। আয়ুর্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দুবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত নিঃসৰণ হলে দুবৰি ৰস খালে আৰু নাকৰ ফুটাত দিলে উপশম হয়। চুলি সৰা ৰোগটো দুবৰি ব্যৱহাৰ কৰা হয়। পায়োৰিয়া ৰোগত দুবৰি বনৰ পাতেৰে দাঁত মাজিলে ভাল। কটা-ছিঙাত ইয়াৰ পাত থেতালি আক্রান্ত স্থানত প্রলেপ দিলে ৰক্তক্ষৰণ বন্ধ হৈ যায়।
===সৌন্দৰ্য বৰ্ধন===
উদ্যানৰ ঘাঁহ হিচাপে দুবৰি বন ব্যৱহাৰ কৰা হয়। নিয়ৰত তিতা কোমল দুবৰি বনৰ ওপৰত খোজ কাঢ়িবলৈ ভাল।
[[চিত্ৰ:Cynodon dactylon 2.jpg|right|thumb|300px|দুবৰি বন]]
==অন্যান্য নাম==
* [[হিন্দী ভাষা]]: দূব, দূবড়া
* [[সংস্কৃত ভাষা]]: দুর্বা, সহস্ৰবীৰ্য, অনন্ত, ভাৰ্গৱী, শতপৰ্বা, শতবল্লী
* [[মাৰাঠী ভাষা]]: দূর্বা
* [[গুজৰাটী ভাষা]]: ধলাধ্ৰু
* [[বাংলা ভাষা]]: দূৰ্বা
==তথ্য উৎস==
{{reflist}}
==বাহ্যিক সংযোগ==
{{Commons category|Cynodon dactylon|দুবৰি বন}}
* [http://www.fao.org/ag/AGP/AGPC/doc/GBASE/DATA/PF000208.HTM FAO.org তথ্যপৃষ্ঠা: ''Cynodon dactylon'']
"https://as.wikipedia.org/wiki/দুবৰি_বন"ৰ পৰা অনা হৈছে