ব্ৰজেন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্বিলং বানানটো ভুল হৈ আছিল।
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
spelling correction
47 নং শাৰী:
[[চিত্ৰ:ডক্তৰ বেজবৰুৱা ছবিৰ পোষ্টাৰ.jpg|thumb|right|150px|[[ডক্তৰ বেজবৰুৱা ]] ছবিখনৰ পোষ্টাৰ]]
১৯৬৩ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া কমেডী ছবি [[ইটো সিটো বহুতো]] ছবিখনৰ যোগেদি বৰুৱাই পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। এই ছবিখনত [[চাৰ্লি চেপলিন]] শৈলীৰ প্ৰভাৱ পৰিছিল<ref name="Nayan">{{cite journal | title=লতাশিলৰ বিস্ময় | author=নয়ন প্ৰসাদ | journal=অসমীয়া সা ৰে গা মা | year=২০০৬ | month=জুন}}</ref>। তেখেতৰ দ্বিতীয় ছবি [[ডক্তৰ বেজবৰুৱা]]। সেই সময়ত অসমীয়া কথাছবি [[কলকাতা|কলকাতাৰ]] ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল। বৰুৱাৰ প্ৰথম ছবিখনো কলকাতাৰ ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল যদিও তেখেতে [[জ্যোতিপ্ৰসাদ আগৰৱালা|জ্যোতিপ্ৰসাদৰ]] নিচিনা অসমতে ইনডোৰ শ্বুটিং কৰি ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিলে। পৰিকল্পনা অনুসৰি তেখেতে 'ডক্তৰ বেজবৰুৱা'ৰ চিত্ৰনাট্য যুগুত কৰি উলিয়ালে। তেখেতে এই চিত্ৰনাট্যখন ৩৭ জন ব্যক্তিক পঢ়ি শুনাইছিল আৰু সকলোৰে লগত আলোচনা কৰি চিত্ৰনাট্যখনৰ পৰিমাৰ্জন কৰিছিল<ref name="Ishan"/>। কলকাতাৰ কলা-কুশলীৰ সলনি তেখেতে স্থানীয় মঞ্চ আৰু অন্যান্য অনুষ্ঠানত কাম কৰি থকা কিছুমান ডেকাল'ৰাক শিকাই বুজাই ছবিখনৰ বিভিন্ন দায়িত্ব অৰ্পন কৰিলে। বৰুৱাৰ এই দুটা বৈপ্লৱিক সিদ্ধান্তৰ বাবেই পৰৱৰ্তী পৰ্যায়ত কোনো অসমীয়া প্ৰযোজক-পৰিচালক অসমীয়া ছবিৰ ইনডোৰ শ্বুটিঙৰ বাবে কলকাতালৈ যোৱা নাই আৰু অসমীয়া ছবি জগতত স্থানীয় কলা-কুশলীক লৈ ছবি নিৰ্মাণ কৰাৰ প্ৰথা আৰম্ভ হয়। ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰা ছবিখনৰ গীতবোৰো যথেষ্ঠ জনপ্ৰিয় হয়। মুক্তিৰ লগেলগে ছবিখন চাবলৈ অভিলেখ সংখ্যক দৰ্শকে চিত্ৰগৃহত ভিৰ কৰে। ছবিখনে অসমীয়া বিনোদন ছবিৰ ভেটী শক্তিশালী কৰিলে। সেয়েহে ডক্তৰ বেজবৰুৱা অসমীয়া ছবিজগতত এটা মাইলৰ খুটি ৰূপে চিহ্নিত হৈ ৰ’ব<ref name="Ishan"/><ref name="Nayan"/>।
[[চিত্ৰ:Opaja Sonar Mati.jpg|thumb|right|150px|[[ওপজা সোনৰসোণৰ মাটি]] ছবিখনৰ পোষ্টাৰ]]
'ডক্তৰ বেজবৰুৱা'ৰ যোগেদি অসমৰ দুগৰাকী সংগীত প্ৰতিভাৰ উন্মেষ ঘটিছিল। তাৰে এগৰাকী হ'ল সংগীত পৰিচালক [[ৰমেন বৰুৱা]] আৰু আনগৰাকী হ'ল অসমীয়া ছবিৰ সৰ্বশ্ৰেষ্ঠ নেপথ্য গায়ক [[দ্বীপেন বৰুৱা]]। দুয়োগৰাকী তেখেতৰ ভাতৃ। দ্বীপেন বৰুৱাৰ আৱিষ্কাৰ হৈছিল নাটকীয়া ভাবে। দ্বীপেন আছিল এগৰাকী ক্ৰিকেট খেলুৱৈ। তেওঁ [[কোচবিহাৰ ট্ৰফি]], [[ৰঞ্জি ট্ৰফি]] খেলিছে। ইফালে ব্ৰজেন বৰুৱা 'ডক্তৰ বেজবৰুৱা'ৰ গীত গাবৰ বাবে এগৰাকী নতুন গায়কৰ সন্ধানত। এদিন দ্বীপেনে গা ধুই থাকোঁতে গীত গোৱা শুনিলে ব্ৰজেন বৰুৱাই। লগেলগে তেখেতে সিদ্ধান্ত ললে ভায়েকৰ হতুৱাই 'ডক্তৰ বেজবৰুৱা'ৰ গীত গোৱাব<ref name="Ishan"/><ref name="Nibharni" />।