পিটাৰ জন ৰেটক্লিফ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ন'বেল বঁটা বিজয়ী বিজ্ঞানী
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
(কোনো পাৰ্থক্য নাই)

16:48, 7 October 2019ৰ সংস্কৰণ

ছাৰ পিটাৰ জন ৰেটক্লিফ (জন্ম: ১৪ মে' ১৯৫৪[1]) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী। বৰ্তমান তেওঁ অক্সফোৰ্ডৰ জন ৰেডক্লিফ হস্পিটেলত চিকিৎসক হিচাপে কৰ্মৰত। তেওঁ ২০০৪ চনৰ পৰা ২০১৬ চনলৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ক্লিনিকেল মেডিচিন বিভাগৰ অধ্যাপক আৰু মুৰব্বী আছিল। ২০১৬ চনত তেওঁ ফ্ৰান্সিছ ক্ৰিক ইনষ্টিটিউটৰ ক্লিনিকেল গৱেষণা নিৰ্দেশক হিচাপে নিযুক্ত হয়।[2] ইয়াৰ লগতে তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ লোডৱিগ ইনষ্টিটিউট অফ কেঞ্চাৰ ৰিচাৰ্ছৰ সদস্য টাৰ্গেট ডিস্ক'ভাৰী ইনষ্টিটিউটৰ নিৰ্দেশক আছিল।[3]

পিটাৰ জন ৰেটক্লিফ

জন্ম ১৪ মে', ১৯৫৪ (৬৯ বছৰ)
মৰেকেম্বে, লেন্সশ্বাযাৰ, যুক্তৰাজ্য
ক্ষেত্ৰ কোষ আৰু আণৱিক জীৱবিজ্ঞান
কৰ্মস্থান ফ্ৰান্সিছ ক্ৰিক ইনষ্টিটিউট
অক্সফোৰ্ড বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান গনেভিল এণ্ড কেইউছ কলেজ, কেম্ব্ৰিজ
জনা যায় অক্সিজেনৰ অভাৱত কোষত ঘটা ৰাসায়নিক বিক্ৰিয়াৰ অধ্যয়ন
উল্লেখনীয় বঁটা বেলি প্ৰাইজ (২০১১)
ৱিলি প্ৰাইজ (২০১৪)
চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা (২০১৬)
মাছৰী প্ৰাইজ (২০১৮)
চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা (২০১৯)

তেওঁ হাইপ'ক্সিয়া বা অক্সিজেনৰ অভাৱত কোষত ঘটা বিক্ৰিয়া সমূহৰ অধ্যয়নৰ বাবে বিখ্যাত। ইয়াৰ বাবে তেওঁ উইলিয়াম কেলিন জুনিয়ৰ আৰু গ্ৰেগ লিয়নাৰ্ড চেমেনজাৰ সৈতে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[4]

তথ্য উৎস