নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
=='''বিৱৰণ'''==
 
নামঘোষা পুথিভাগ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ নিজা সৃষ্টি।
মাধৱদেৱ সহিতে শিষ্যসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণৰ আগে আগে প্ৰশ্ন কৰিছিল, "আপুনিতো এতিয়া যাবগৈ, গতিকে আমি এতিয়া আপোনাক ক'ত বিচাৰি পাম?" তেতিয়া শংকৰদেৱে উত্তৰ দিলে, "মই কীৰ্ত্তন আৰু দশমৰ মাজত সদায় থাকিম আৰু মাধৱ, তুমি ঘোষা নামৰ এখন শাস্ত্ৰ ৰচনা কৰা। ঘোষা আৰু ৰত্নাৱলীৰ মাজত তুমিও সদায় থাকিবা‌। " গুৰুৰ আজ্ঞা মানিয়েই মাধৱদেৱে হাতত কলম তুলি লৈছিল নামঘোষাৰ বাবে। এহেজাৰ এজোলোকা ফাঁকিযুক্ত নামঘোষাক ''হেজাৰী ঘোষা'' বোলা হয়।মাধৱদেৱে প্ৰথম লিখিবলৈ লওঁতে কি লিখিম ভাবি থাকোঁতে শংকৰদেৱে মাধৱৰ অসুবিধা বুজি উঠি প্ৰথমফাঁকি ঘোষা লিখি দিছিল এইবুলি-
"মুক্তিতো নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
ভজো হেন দেৱ যদুপতি।।"
তাৰ পিছতে মাধৱদেৱে লিখি গৈছিল এনেকৈ-
"যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহো হৃদয়ত।। "
 
=='''বৈশিষ্ট'''==
 
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে