নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
25 নং শাৰী:
 
==অন্যান্য==
==লেখকৰস্ৰষ্টাৰ পৰিচয়==
 
নামঘোষা [[মাধৱদেৱ|মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে]] ৰচনা কৰিছিল। তেখেত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। ১৪৮৯ চনত নাৰায়ণপুৰত মাধৱদেৱৰ জন্ম হৈছিল। পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা আই। শংকৰদেৱক লগ পোৱাৰ আগলৈকে মাধৱদেৱ প্ৰবৃত্তি মাৰ্গত বিশ্বাসী আছিল। পিছত ধুৱাঁহাটৰ বেলগুৰিত শংকৰদেৱৰ লগত হোৱা প্ৰথম সাক্ষাতত তৰ্কযুদ্ধত নামি পৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তৰুমূলৰ শ্লোকত ধৰাশায়ী হৈ মাধৱদেৱে শংকৰক গুৰু মানি সেৱা কৰি নিবৃত্তি মাৰ্গলৈ আহে। শংকৰ-মাধৱৰ এই মিলনক মণিকাঞ্চন সংযোগ আখ্যা দিয়া হয়।
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে