নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

44 নং শাৰী:
 
==অন্যান্য==
'''নামঘোষা'''ৰ প্ৰসংগত ''দৈতাৰি ঠাকুৰৰ চৰিত পুথি''ত উল্লেখ আছে-
<poem>দেখা ঘোষা পুথিখান আমাৰ আছয়।
সবে কহি আছোঁ যিক কহিবে লাগয়।।
তাহাৰ অৰ্থকে যিবাজেন বুজিবেক।
সেইজনে জানা লাগ আমক পাইবেক।। ১৫৬৫।।
ঘোষাতে সমস্ত মোৰ বলবুদ্ধি যত।
যাৰ ভাগ্য আছে তাতে বুজিৱে সমস্ত।। ১৫৬৬।।</poem>
অৰ্থ্যাৎ ঘোষা শাস্ত্ৰৰ মাজতে মাধৱদেৱে নিজে থকাৰ কথা প্ৰকাশ কৰিছে।
 
এই গ্ৰন্থখনৰ সম্পৰ্কত ''ড০ নগেন শইকীয়া''ই মন্তব্য কৰিছে- "নামঘোষা মাধৱদেৱৰ সমস্ত জীৱনৰ জ্ঞান আৰু গভীৰ অনুভৱৰ স্বতঃস্ফূৰ্ত কাব্যময় প্ৰকাশ ভাৱৰ গভীৰতা, বিষয় যথা যোগ্যতা, প্ৰকাশভংগী চাৰুতা আৰু ভক্তিৰ ৰসময়ী স্বৰূপৰ অনন্য অভিব্যক্তিয়ে নামঘোষাক কৰি তুলিছে সকলো কালৰ বাবে এক অতুলনীয় মহৎ কাব্যকৃতি। নামঘোষাই ধৰ্মৰ সকলো সাম্প্ৰদায়িক ৰূপ অতিক্ৰম কৰি পাঠকৰ অন্তৰত এক অলৌকিক আনন্দনিস্যন্দী অন্তৰ্জগতৰ মাজলৈ লৈ যায়, পাঠকৰ বুদ্ধি আৰু বোধৰ এক অপূৰ্ব মিলন ৰাজ্যত প্ৰবেশৰ এক বিৰল সুযোগ দান কৰে। "
 
==স্ৰষ্টাৰ পৰিচয়==
 
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে