নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

54 নং শাৰী:
অৰ্থ্যাৎ ঘোষা শাস্ত্ৰৰ মাজতে মাধৱদেৱে নিজে থকাৰ কথা প্ৰকাশ কৰিছে।
 
এই গ্ৰন্থখনৰ সম্পৰ্কত কেইজনমান পুৰোধা ব্যক্তিৰ উদ্ধৃতি -
এই গ্ৰন্থখনৰ সম্পৰ্কত '''ড০ নগেন শইকীয়া''ই মন্তব্য কৰিছে- '—"নামঘোষা মাধৱদেৱৰ সমস্ত জীৱনৰ জ্ঞান আৰু গভীৰ অনুভৱৰ স্বতঃস্ফূৰ্ত কাব্যময় প্ৰকাশ ভাৱৰ গভীৰতা, বিষয় যথা যোগ্যতা, প্ৰকাশভংগী চাৰুতা আৰু ভক্তিৰ ৰসময়ী স্বৰূপৰ অনন্য অভিব্যক্তিয়ে নামঘোষাক কৰি তুলিছে সকলো কালৰ বাবে এক অতুলনীয় মহৎ কাব্যকৃতি। নামঘোষাই ধৰ্মৰ সকলো সাম্প্ৰদায়িক ৰূপ অতিক্ৰম কৰি পাঠকৰ অন্তৰত এক অলৌকিক আনন্দনিস্যন্দী অন্তৰ্জগতৰ মাজলৈ লৈ যায়, পাঠকৰ বুদ্ধি আৰু বোধৰ এক অপূৰ্ব মিলন ৰাজ্যত প্ৰবেশৰ এক বিৰল সুযোগ দান কৰে। "
'''ড০ বাণীকান্ত কাকতি'''—"নাম-ঘোষাত তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে ধাৱমান হৈছে। পুণ্যশ্লোক শঙ্কৰৰ স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণস্তুতিৰ মাহাত্ম্য। হিয়া ভেদ কৰি ওলোৱা ৰসময়ী ভক্তিয়েই 'নাম-ঘোষা'ক শিক্ষামূলক পদ সংগ্ৰহৰ শাৰীৰ পৰা আঁতৰাই আনি জীৱন ৰসেৰে অভিসিক্ত প্ৰকৃত সাহিত্যৰ সমুখ আসনত ঠাই দিছে।"
'''সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা'''— "মোক মানুহে গণ্ডপ মৰা বুলিব পাৰে, এচকুৱা বুলিব পাৰে;বোলক, তাত মোৰ দুখ নাই। কিন্তু মোৰ মুখত কোনেও সোপা দিব নোৱাৰে। যদি মই গল মেলি কওঁ যে ভাৰততহে নালাগে পৃথিৱীৰ কোনো সুসভ্য দেশত এনে এখন Scripture বা শাস্ত্ৰ ওলোৱা নাই, যাক আমাৰ এই ঘোষা শাস্ত্ৰখনেৰে সৈতে একে শাৰীতে ঠগিত থব পাৰি। ই ঈশ্বৰৰ চৰণত কায়, বাক্য, মনেৰে নিজক সঁপি দি ঈশ্বৰত নিমগ্ন হৈ যোৱা ভকতৰ হৃদয়ৰ তলিৰপৰা ওলোৱা কাৰুণ্য স্তুতিৰ উঁহ। অকল সিয়েই নহয়, সেই অবাঙমন গোচৰ অথচ সচিদানন্দময়ৰ আনন্দানুভৱ মূৰ্তিৰ অভয় চৰণত ভকতৰ অন্তৰৰপৰা আপোনা-আপুনি উথলি পৰা পৰমানন্দ প্ৰৱাহৰ পুষ্পাঞ্জলি।"
 
==স্ৰষ্টাৰ পৰিচয়==
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে