নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

31 নং শাৰী:
 
নামঘোষাই ভগৱৎ ভক্তিৰ মাজত আনন্দৰ উৎস নিৰূপণ কৰি দিছে। আনন্দৰূপক ঘোষাশাস্ত্ৰত ৰসময় ভকতিত পৰিণত কৰি ৰসময় ভকতিৰ যোগেদি মুক্তি পথৰ সন্ধান দিয়া হৈছে। ঘোষাৰ মাজত মাধৱদেৱে দাস্যভক্তিৰো প্ৰকাশ ঘটাইছে।
 
নাম-ঘোষা শাস্ত্ৰৰ বস্তু-প্ৰকাশ অধ্যায়ত- <poem>"শ্ৰীমন্ত শংকৰ {{gap}}হৰি ভকতৰ
{{gap}}জানাযেন কল্পতৰু।
তাহান্ত বিনাই{{gap}} নাই নাই নাই
{{gap}}আমাৰ পৰম গুৰু।। "</poem>
বুলি পৰম গুৰুৰ পৰিচয় কৰাই দিছে। নাম-ঘোষাই এই তত্ত্বৰ চিনাকি কৰাই দিয়ে। শ্ৰীমন্ত শংকৰদেৱে দেৱতাসকলে গুপ্ত কৰি যোৱা হৰিনাম বস্তু জগতৰ কল্যাণৰ কাৰণে উদঙাই দিলে। অবস্তুৰ পৰা আঁতৰাই দেখুওৱা প্ৰকৃত বস্তুক নামঘোষাত এনেদৰে উল্লেখ আছে-
<poem>"হৰি নাম ৰসে {{gap}}বৈকুণ্ঠ প্ৰকাশে
{{gap}}প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শংকৰে{{gap}} পাৰ ভাঙ্গি দিলে
{{gap}}বহে ব্ৰহ্মাণ্ডক ভেদি"</poem>
 
এক শৰণ হৰি নাম ধৰ্ম সাধনৰ চাৰিটা স্তৰ- গুৰু, দেৱ, নাম, ভকতৰ ধাৰণা নামঘোষাত পৰিষ্কাৰ ৰূপত দিয়া হৈছে।
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে