নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

13 নং শাৰী:
{{gap}}উপাসা কৰোহো হৃদয়ত।। "</poem>
 
[[ভক্তি-ৰত্নাৱলী]] শাস্ত্ৰভাগ শেষ কৰাৰ পাছত [[শ্ৰীশ্ৰীমাধৱদেৱে]] নামঘোষা আৰম্ভ কৰিছে, যিহেতু ভক্তি ৰত্নাৱলী 'শৰণ বিৰচনে'ৰে সমাপ্ত হৈছে, সমাপ্ত কৰা হৈছে, সেয়ে ঘোষা শাস্ত্ৰ 'ভজনে'ৰে সমৃদ্ধ কৰি শুভাৰম্ভ কৰা হৈছে।
 
[[মহাপুৰুষ মাধৱদেৱে]] এই পুথিখন ৰচনাৰ সম্পৰ্কত আগবঢ়োৱা এটি মন্তব্য গুৰুচৰিতত[[গুৰুচৰিত]]ত উল্লেখ আছে। মন্তব্যটি এনেধৰণৰ- মই গুৰুসেৱকে যি পালো তাকো ঘোষাতে থৈছো, অনেক শাস্ত্ৰ বিচাৰি যি ৰসতত্ত্ব পালো তাকো ঘোষাতে থৈছো, আৰু পৰমাত্মা ইষ্টে হৃদিত থাকি যি বুদ্ধি দিলে তাকো মই ঘোষাতে থৈছো।
 
ঘোষা শাস্ত্ৰ ভাৰতীয় দৰ্শনৰ ব্ৰহ্মবাদী ভাৱধাৰাকে সমৰ্থন কৰিছে। ঘোষাত উপস্থাপিত হোৱা ব্ৰহ্ম চৈতন্যময় আৰু হৃদিস্থিত। অবিদ্যাজনিত মূঢ়তাৰ বাবে মানুহে ব্ৰহ্ম উপলব্ধি কৰিব নোৱাৰে‌। নামঘোষাই অবিদ্যাক মায়াৰূপে অভিহিত কৰিছে। ভাৰতীয় বেদান্ত দৰ্শনত মায়াৰ যি ধাৰণা সেই ধাৰণাকে নামঘোষাতো বিচাৰি পোৱা যায়।
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে